নগাঁও :নগাঁৱত সংঘটিত নৃশংস ডাবল মাৰ্ডাৰৰ ঘটনাই দেওবাৰে পুৱাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ । নগাঁও চহৰৰ মোল্লাপট্টি দুজনকৈ কৰ্মচাৰীক হত্যা কৰা ঘটনাই জোকাৰিছে সমগ্ৰ নগাঁও চহৰ । নগাঁও চহৰৰ ২ নং মোল্লাপট্টিৰ এখন বেকাৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড ।
উত্তম দাস আৰু অভিজিৎ সাহা নামৰ দুজন কৰ্মচাৰীক নিশা নৃশংসভাৱে হত্যা কৰে দুৰ্বৃত্তই । অভিযোগ উত্থাপন হৈছে বেকাৰীৰ আন এগৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে । বেকাৰীখনতে কৰ্মৰত তিনি কৰ্মচাৰী ক্ৰমে উত্তাল দাস আৰু অভিজিৎ সাহাৰ লগতে নিশা বেকাৰীৰ পাছফালৰ কোঠালীত ইন্দ্ৰমোহন পাল নামৰ আন এজন কৰ্মচাৰী আছিল বুলি দাবী কৰে স্থানীয় লোকে ।
নিশা বেলনা মাৰীৰে কোবাই দুই কৰ্মচাৰী উত্তম দাস আৰু অভিজিৎ সাহাক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে । দুই কৰ্মচাৰীৰ লগত থকা ইন্দ্রমোহন পাল নামৰ কৰ্মচাৰীজনৰ বিৰুদ্ধে হত্যকাণ্ড সংঘটিত কৰাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ।