গুৱাহাটী :আজি পুৱাই আহিল এক দুঃখবৰ ৷ সকলোৰে হাঁহি থকা মুখ বা মধুৰ ক্ষণ কেমেৰাত বন্দী কৰা মানুহজন আজি আনৰ কেমেৰাত বগা কাপোৰৰ মাজত আৱদ্ধ হৈ ৰৈছে ৷ হয়, আমি ক’বলৈ লৈছো জ্যেষ্ঠ ভিডিঅ’ সাংবাদিক পল্লৱ বৰাৰ কথা ৷ সকলোকে কন্দুৱাই এক অজান পৃথিৱীলৈ হ’ল গৈ পল্লৱ বৰা ৷
মঙলবাৰৰ পুৱা হৃদৰোগত আক্ৰান্ত হৈ জ্যেষ্ঠ ভিডিঅ’ সাংবাদিক তথা ইটিভি ভাৰত অসমৰ প্ৰাক্তন কৰ্মচাৰী পল্লৱ বৰাৰ আকস্মিক মৃত্যু ঘটে । প্ৰায় তিনিটা দশক সাংবাদিকতাৰ অভিজ্ঞতাৰে সমৃদ্ধ আছিল তেওঁ ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৯ বছৰ ৷ পল্লৱ বৰাৰ আকস্মিক মৃত্যুক কোনেও সহজভাৱে ল’ব পৰা নাই ৷ এই বাতৰিৰ ফলত সাংবাদিক জগতত পৰিছে শোকৰ ছাঁ ৷
জীৱনৰ যাত্ৰ পথত ৰাষ্ট্ৰীয় মাধ্যমৰ নিউজ চেনেলৰ ভিডিঅ' সাংবাদিক হিচাপে কাম কৰা পল্লৱ বৰাই ছপা আৰু ডিজিটেল মাধ্যমতো সাংবাদিকতা কৰিছিল । কেৱল উত্তৰ-পূবেই নহয় দেশৰ কেইবাখনো ৰাজ্যত ভিডিঅ’ জাৰ্ণেলিষ্ট হিচাবে সেৱা আগবঢ়াইছিল প্ৰয়াত বৰাই । নিজৰ কামৰ প্ৰতি সদা উৎসাহী আছিল তেওঁ ।
ইটিভি ভাৰতৰ অসমৰ গুৱাহাটীৰ কাৰ্যালয়তো ভিডিঅ’ জাৰ্ণেলিষ্ট হিচাবে সাংবাদিকতা কৰিছিল পল্লৱ বৰাই ৷ 2006 লৈকে পল্লৱ বৰাই ষ্টাৰ নিউজত ভিডিঅ’ জাৰ্ণেলিষ্ট হিচাপে কৰ্মৰত হৈ আছিল । পৰৱৰ্তী সময়ত APB নিউজৰ সাংবাদিক হিচাপে আছিল উত্তৰ-পূৰ্বৰ দায়িত্বত আছিল প্ৰয়াত বৰা । ১৫ নৱেম্বৰ ২০১৮ ত তেওঁ ইটিভি ভাৰতত যোগদান কৰে ২০ জুলাই ২০২০ লৈ কৰ্মৰত আছিল ৷
এগৰাকী অতি সচেতন সাংবাদিক হিচাবে পৰিচিত প্ৰয়াত পল্লৱ বৰাক আজি পুৱা ১১ বজাত গুৱাহাটী প্ৰেছ ক্লাৱত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে গুৱাহাটীস্থ সাংবাদিকসকলৰ লগতে তেওঁৰ শুভাকাংক্ষীসকলে ।