অসম

assam

ETV Bharat / state

জ্যেষ্ঠ সাংবাদিক, যাদুকৰ ৰূপহ চলিহাৰ বিয়োগত তিনিচুকীয়াত শোকৰ ছাঁ - rupah chaliha passes away

Senior Journalist Rupah Chaliha :'আঞ্চলিক বাতৰি কাকত'ৰ জড়িয়তে সাংবাদিকতাৰ ক্ষেত্ৰখনত খোজ পেলোৱা সাংবাদিক ৰূপহ চলিহাই আজি চিৰদিনৰ বাবে বিদায় মাগিলে । তেওঁ দীৰ্ঘদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ ঘৰতে চিকিৎসা গ্ৰহণ কৰি আছিল ।

Grief over death of senior journalist
জ্যেষ্ঠ সাংবাদিক, যাদুকৰ ৰূপহ চলিহা

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 9:30 PM IST

তিনিচুকীয়া, ১৫ মাৰ্চ: তিনিচুকীয়া জিলাৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা সাংবাদিক পেঞ্চনাৰ ৰূপহ চলিহাৰ আজি সন্ধিয়া মৃত্যু হয় । উল্লেখ্য যে দীৰ্ঘদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ ঘৰতে চিকিৎসা গ্ৰহণ কৰি থকা সত্তৰ উৰ্ধৰ সাংবাদিকগৰাকী ৰূপহ চলিহাৰ আজি স্বাস্থ্যৰ কিছু অৱনতি ঘটাত দিনৰ ভাগত পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নিয়ে যদিও তাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । বিভিন্ন মঞ্চ তথা অনুষ্ঠান-প্ৰতিষ্ঠানত তেওঁৰ দ্বাৰা প্ৰদৰ্শিত যাদুৱে বিশেষ সমাদৰ লাভ কৰিছিল ।

'আঞ্চলিক বাতৰি কাকত'ৰ জড়িয়তে সাংবাদিকতাৰ ক্ষেত্ৰখনত খোজ পেলোৱা সাংবাদিক পেঞ্চনাৰ ৰূপহ চলিহাই পাচলৈ 'ভূমিপুত্ৰ',' জনসাধাৰণ', 'আমাৰ অসম' আদি দৈনিক বাতৰি কাকতৰ সাংবাদিকতা কৰিছিল । তদুপৰি লগতে ডি-ৱাই ৩৬৫ ছেটেলাইট চেনেলত সাংবাদিকতা কৰিছিল । তেওঁ তিনিচুকীয়া প্ৰেছ ক্লাবৰ প্ৰাক্তন সম্পাদক আৰু তিনিচুকীয়া সাংবাদিক সন্থাৰ সহকাৰী সম্পাদকৰ দায়িত্বত আছিল । তদুপৰি সাংবাদিক পেঞ্চনাৰ ৰূপহ চলিহা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতো জড়িত আছিল ।

জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মৃত্যুত তিনিচুকীয়াত শোকৰ ছাঁ পৰিছে । সাংবাদিক পেঞ্চনাৰ ৰূপহ চলিহাৰ মৃত্যুত তিনিচুকীয়া প্ৰেছ ক্লাব, তিনিচুকীয়া জিলা সাংবাদিক সন্থা, আপকু, জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ তিনিচুকীয়া জিলা সমিতি, কেবিনেট মন্ত্ৰীদ্বয় সঞ্জয় কিষাণ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য,অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী তথা ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, তিনিচুকীয়া আছু, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈকে আদি কৰি বিভিন্নজনে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে । মৃত্যুৰ সময়ত পত্নী আৰু দুই কন্যাসহিতে নাতি-নাতিনীক এৰি থৈ যোৱা চলিহা এগৰাকী প্ৰখ্যাত যাদুকৰ আছিল ।

লগতে পঢ়ক:নৃশংস হত্যাকাণ্ড : পিতৃৰ হাতত প্ৰাণ গ’ল দেৱশিশুৰ

ABOUT THE AUTHOR

...view details