অসম

assam

চাৰি হাজাৰ টকাৰে ব্যৱসায় আৰম্ভ কৰা মহিলা আজি লাখপতি - Self Reliant Woman

By ETV Bharat Assamese Team

Published : May 21, 2024, 10:56 PM IST

Self Sufficient Woman: কোনে কয় আজিৰ নাৰীয়ে পুৰুষৰ সমানে সমানে খোজ দিব নোৱাৰে বুলি ? কোনে কয় আজিৰ নাৰী পৰনিৰ্ভৰশীল বুলি ? আজিৰ নাৰীয়ে সময়ৰ লগত খোজ মিলাই আগুৱাই যাবলৈ বুলিছে স্বাৱলম্বিতাৰ পথ । তেনে এগৰাকী স্বাৱলম্বী নাৰীৰ কথাৰে এই প্ৰতিবেদন ।

SELF-RELIANT WOMEN STARTING BUSINESS ESTABLISHMENTS AT HOM
চাৰি হাজাৰ টকাৰে ব্যৱসায় আৰম্ভ কৰা মহিলা আজি লাখপতি (ETV Bhart Assam)

চাৰি হাজাৰ টকাৰে ব্যৱসায় আৰম্ভ কৰা মহিলা আজি লাখপতি (ETV Bhart Assam)

চামগুৰি,২১ মে':মন কৰিলে চন, বাকৰি মাটিতে ধন । স্বাৱলম্বী হোৱাৰো আছে অনেক পথ । কৰ্মোদ্যমী মহিলাৰ অসমীয়াগিৰি । আজিৰ নাৰী নহয় পাকঘৰতে সীমাৱদ্ধ, নহয় পৰনিৰ্ভৰশীল । সময়ে সময়ে সেই কথা প্ৰমাণিত হৈ আহিছে । কেৱল চৰকাৰী চাকৰিয়েই নহয়, ব্যৱসায়-বাণিজ্যতো আগবাঢ়িছে আজিৰ নাৰী । পুনৰ স্বাৱলম্বিতাৰ অনন্য নিদৰ্শন দাঙি ধৰিলে নগাঁও জিলাৰ পুৰণিগুদামৰ পাঠেকৰচুক গাঁৱৰ দীপা পাঠক নামৰ মহিলাগৰাকীয়ে । মাত্ৰ চাৰি হাজাৰ টকাৰে আৰম্ভ কৰিছিল ব্যৱসায় । এতিয়া সকলোৰে পৰিচিত "পৰিধান" ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী ৷

নগাঁও জিলাৰ পুৰণিগুদামৰ পাঠেকৰচুক গাঁৱৰ এখন সুন্দৰ ফুলনিৰ কাষত ঠন ধৰি উঠিছে এক ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠান । অত্যুৎসাহী মহিলা দীপা পাঠকে গাঁৱলীয়া পৰিৱেশত নিজৰ ঘৰতে গঢ়ি তোলা ব্যৱসায়িক প্ৰতিষ্ঠানখন এতিয়া বৃহত্তৰ পুৰণিগুদাম অঞ্চলৰ সকলো লোকৰ বাবে চিৰ পৰিচিত । তিনি বছৰৰ পূৰ্বে মাত্ৰ চাৰি হাজাৰ টকা মূলধন হিচাপে লৈ বোৱা কাপোৰৰ ব্যৱসায় আৰম্ভ কৰা মহিলাগৰাকীৰ 'পৰিধান' নামৰ বিপনীখনত এতিয়া পোৱা যায় দুশৰ পৰা পোন্ধৰ হাজাৰ টকা পৰ্যন্তৰ পাটৰ, মুগাৰ আদি বিভিন্ন প্ৰকাৰৰ চাদৰ-মেখেলা । ইয়াৰ উপৰিও অসমীয়া গহণা, জোতা-চেণ্ডেল, উপহাৰ, শিশুৰ ওমলা সামগ্ৰীৰে ভৰপূৰ বিপণিখন ।

তেওঁৰ এই কৰ্মস্পৃহা দেখি সময়ে সময়ে হাতে-কামে লাগি সহায়-সহযোগিতা আগবঢ়াই আহিছে পৰিয়ালৰ আন-আন সদস্যসকলেও । মাত্ৰ তিনি হাজাৰ টকাৰে বোৱা কাপোৰৰ ব্যৱসায় আৰম্ভ কৰি স্বাৱলম্বী হোৱা নগাঁৱৰ পুৰণিগুদামৰ দীপা পাঠক এতিয়া আন বহুতৰ বাবে হৈ পৰিছে আদৰ্শস্বৰূপ ।

ABOUT THE AUTHOR

...view details