অসম

assam

ETV Bharat / state

গৃহৰক্ষী বাহিনীৰ জোৱান নিযুক্তিত কেলেংকাৰী - Assam Home Guards

Home Guards Recruitment Scam : অসম গৃহৰক্ষী বাহিনীত জোৱানক ধনৰ বিনিময়ত কৰ্মত নিয়োজিত কেলেংকাৰীৰ অন্যতম নায়ক তথা তদানীন্তন শোণিতপুৰ গৃহৰক্ষী বিভাগৰ কমাণ্ডেণ্ট দুৰ্গাপ্ৰসাদ বৰদলৈৰ আন এক কলংকিত অধ্যায় পোহৰলৈ আহিছে ৷

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 10:18 PM IST

Home Guards Recruitment Scam
গৃহৰক্ষী বাহিনীৰ জোৱান নিযুক্তিত কেলেংকাৰী (ETV Bharat Assam)

তেজপুৰ, ৮ জুলাই : অসম গৃহৰক্ষী বাহিনীত জোৱানসকলক ধনৰ বিনিময়ত কৰ্মত নিয়োগ । প্ৰশিক্ষণপ্ৰাপ্ত কৰ্মচাৰীক নিযুক্তিৰ পৰা বঞ্চিত কৰি ধনৰ বিনিময়ত অন্য লোকক কৰ্মত নিয়োগৰ অভিযোগ । এই সমগ্ৰ কেলেংকাৰীৰ অন্যতম নায়ক তদানীন্তন শোণিতপুৰ গৃহৰক্ষী বিভাগৰ কমাণ্ডেণ্ট দুৰ্গাপ্ৰসাদ বৰদলৈৰ আন এক কলংকিত অধ্যায় পোহৰলৈ আহিছে ৷

গৃহৰক্ষী বাহিনীৰ জোৱান নিযুক্তিত কেলেংকাৰী (ETV Bharat Assam)

প্ৰাপ্ত অভিযোগ অনুসৰি, ২০১১ চনত এইসকল লোকৰ সৈতে প্ৰায় ২৩০ জন যুৱকক সেই সময়ৰ শোণিতপুৰ জিলাৰ গৃহৰক্ষী অধীক্ষক দুৰ্গাপ্ৰসাদ বৰদলৈয়ে গৃহৰক্ষী বিভাগত প্ৰশিক্ষণ দিয়াইছিল ৷ কেৱল সেয়াই নহয়, তেওঁলোকক চৰকাৰী কৰ্তব্যতো নিয়োজিত কৰিছিল ৷ তাৰ প্ৰমাণ হৈছে অধীক্ষকৰ স্বাক্ষৰ থকা প্ৰশিক্ষণৰ প্ৰমাণপত্ৰ ৷

কিন্তু এইসকল যুৱকক সেই সময়ত প্ৰশিক্ষণৰ ভুৱা প্ৰমাণপত্ৰ প্ৰদান কৰিছিল দুৰ্গাপ্ৰসাদ বৰদলৈয়ে ৷ কিয়নো প্ৰশিক্ষণ লাভ কৰা জোৱানসকলৰ প্ৰমাণপত্ৰত নাই কোনো পঞ্জীয়ন নম্বৰ ৷ ইয়াৰ বিপৰীতে সকলো প্ৰমাণ-পত্ৰৰ ক্ৰমিক নম্বৰো একেই ৷

ইয়াৰ পিচত অজিত নাথ নামৰ প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱানজনে গৃহৰক্ষী সঞ্চালকৰ কাৰ্যালয়ত এক আবেদন দাখিল কৰাৰ পিচত তদন্তকাৰী বিষয়াগৰাকীয়ে এই নথি অবৈধ বুলি উল্লেখ কৰে ৷ কিন্তু তাৰ পিচতো উক্ত বিষয়টোৰ কোনো সমাধান সূত্ৰ নোলাল, তদন্তও নহ'ল ৷

ইয়াৰ বিপৰীতে এইসকল যুৱকৰ পঞ্জীয়ন নম্বৰৰ পৰিৱৰ্তে দুৰ্গাপ্ৰসাদ বৰদলৈয়ে মোটা অংকৰ ধনৰ বিনিময়ত আন একাংশক কৰ্মত নিয়োজিত কৰে ৷ পিচত এই ভুক্তভোগী জোৱানসকলৰ মাজৰ একাংশই আদালতৰ জৰিয়তে নিয়োগৰ সুবিধা লাভ কৰে ৷

উল্লেখ্য যে দুৰ্নীতিৰ সদাগৰ তথা বিভাগটোক কলুষিত কৰা দুৰ্গাপ্ৰসাদ বৰদলৈয়ে বৰ্তমান যোৰহাটত গৃহৰক্ষী বিভাগৰে আঞ্চলিক বিষয়া (Divisional officer) হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু গৃহৰক্ষী সঞ্চালক কাৰ্যালয়লৈ এছ এছ অ' (SSO) পদলৈ বদলিৰ বাবে চেষ্টা চলাই আছে ৷ এতিয়া এইসকল ভুক্তভোগী জোৱানে ন্যায়ৰ অপেক্ষাত আছে আৰু বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰিছে । লগতে এনে এগৰাকী বিষয়াক যাতে গুৰুত্বপূৰ্ণ বিষয়বাবত নিয়োগ নকৰে তাৰ বাবেও মুখ্যমন্ত্ৰীক আহ্বান জনাইছে ৷ আনহাতে, দুৰ্গাপ্ৰসাদ বৰদলৈৰ বিৰুদ্ধে এইসকল ভুক্তভোগী জোৱানে উচ্চতম ন্যায়ালয়ত গোচৰ তৰিবলৈও সাজু হৈছে ৷

লগতে পঢ়ক :লাহোৱালত মানৱ সমাজক লজ্জানত কৰা ঘটনা - CRIME IN DIBRUGARH
লগতে পঢ়ক :পত্নীপ্ৰেমে পৰিণত কৰিলে হত্যাকাৰীলৈ : আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ হস্তনিৰ্মিত বন্দুক - HANDMADE GUN RECOVERED

ABOUT THE AUTHOR

...view details