গুৱাহাটী:দেশৰ গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত অসমবাসীৰ বাবে সুখবৰ ৷ গণৰাজ্য দিৱসৰ প্ৰাকসন্ধিয়া ঘোষিত হোৱা দেশৰ পদ্ম সন্মান প্ৰাপকৰ তালিকাত উজলিছে অসমৰ ৫ গৰাকীকৈ বিশিষ্ট ব্যক্তিৰ নাম ৷ প্ৰসিদ্ধ শিল্পী-নৃত্যাচাৰ্য যতীন গোস্বামীলৈ দেশে আগবঢ়াইছে দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ ।
লগতে আন চাৰিগৰাকী বিশিষ্ট অসমীয়ালৈ নিজা নিজা ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান । এইবৰ্ষত পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে অসমৰ ৰেৱকান্ত মহন্ত, ড৹ অনিল কুমাৰ বড়ো, জয়নাচাৰণ বাথাৰী আৰু গীতা উপাধ্যায়লৈ ।
নৃত্যাচাৰ্য যতীন গোস্বামী (ETV Bharat Assam) নৃত্যাচাৰ্য যতীন গোস্বামীলৈ পদ্মভূষণ :
নৃত্যাচাৰ্য যতীন গোস্বামীলৈ আগবঢ়োৱা হৈছে পদ্মভূষণ সন্মান ৷ এইবাৰ দেশৰ বিভিন্ন ক্ষেত্ৰৰ মুঠ ১৯ গৰাকী বিশিষ্ট নাগৰিকলৈ পদ্মভূষণ সন্মান আগবঢ়োৱা হৈছে । সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে জীৱনজোৰা অৱদান আগবঢ়াই অহা যতীন গোস্বামীলৈ কলাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে এই বছৰৰ পদ্মভূষণ সন্মান আগবঢ়োৱা হৈছে । উল্লেখযোগ্য যে ২০০৮ চনত ভাৰত চৰকাৰে যতীন গোস্বামীক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰিছিল ।
আনহাতে, অসমৰ সংস্কৃতিৰ অন্যতম পৰিচয় সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবেই ২০০৪ চনত সংগীত নাটক একাডেমী বঁটাও আগবঢ়োৱা হৈছিল যতীন গোস্বামীলৈ । ইয়াৰ উপৰিও ২০১৯ চনত সংগীত নাটক একাডেমীয়ে যতীন গোস্বামীক ২০১৮ বৰ্ষত একাডেমীৰ সৰ্বোচ্চ সন্মান সংগীত নাটক একাডেমী ফেল'শ্বিপ 'সদস্য ৰত্ন' আগবঢ়াইছিল ।
অসমৰ চাৰিগৰাকীলৈ পদ্মশ্ৰী:
দেশৰ মুঠ ১১৩ গৰাকী নাগৰিকলৈ পদ্মশ্ৰী সন্মান আগঢ়োৱাৰ লগতে অসমৰ চাৰিগৰাকীলৈ পদ্মশ্ৰী সন্মান এই বছৰ আগবঢ়োৱা হৈছে । সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই অহা অৱদানৰ বাবে শিক্ষাবিদ অনিল কুমাৰ বড়ো, গীতা উপাধ্যায় আৰু লোকশিল্পলৈ আগবঢ়োৱা অৱদানৰ বাবে ডিমাছা লোকশিল্পী জয়নাচৰণ বাথাৰী আৰু প্ৰখ্যাত মুখাশিল্পী ৰেৱকান্ত মহন্তলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান ।
জয়নাচাৰণ বাথাৰী (ETV Bharat Assam) জয়নাচাৰণ বাথাৰী:
অসমৰ পৰা পদ্মশ্ৰী সন্মান লাভ কৰিছে লোকশিল্পী জয়নাচাৰণ বাথাৰীয়ে । অসমৰ অন্যতম ভূমিপূত্ৰ জনগোষ্ঠী ডিমাছা জনগোষ্ঠীৰ এগৰাকী প্ৰসিদ্ধ লোকশিল্পী হ’ল জয়নাচাৰণ বাথাৰী ৷ ৮৪ বছৰীয়া জয়নাচাৰণ বাথাৰী হ’ল ডিমাছা লোককৃষ্টিৰ এগৰাকী পথিকৃৎ ।
উত্তৰ-পূব ভাৰতৰ ডিমাছা জনগোষ্ঠীয় সম্প্ৰদায়ৰ পৰম্পৰাগত কৃষ্টি, ইয়াৰ চহকী লোকসংগীত আৰু সংস্কৃতিক প্ৰসাৰৰ বাবে পৰিচিত হৈ আহিছে জয়নাচাৰণ বাথাৰী । যোৱা ৬ দশক ধৰি জয়নাচাৰণ বাথাৰীয়ে ডিমাছা লোকসংগীত আৰু বাদ্যযন্ত্ৰৰ সংৰক্ষণ তথা প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰি আহিছে ।
জয়নাচাৰণ বাথাৰী মূলতঃ খ্ৰাম (ঢোল) আৰু মুৰল (বাঁহী) বাদ্যযন্ত্ৰ বজোৱাত থকা বিশেষ দক্ষতাৰ বাবে সমাদৃত ৷
আনহাতে বৈদিমা জাওবনী, জাওপিনবানি আদি ডিমাছা নৃত্যৰ পুনৰসৃষ্টিত আগভাগ গ্ৰহণ কৰি নতুন মাত্ৰা দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা আছে বাথাৰীৰ ।
আনহাতে, বান্দৰ আৰু কাছৰ সাধু, এহাল বুঢ়া দম্পত্তীৰ সাধু-আদি লোক সাধুকথাৰ সৃষ্টিৰে ডিমাছা কৃষ্টিক চহকী কৰাত প্ৰভূত অৰিহণা আছে জয়নাচাৰণ বাথাৰীৰ ৷ নিজৰ লোককলাৰ প্ৰদৰ্শনেৰে সমগ্ৰ ৰাজ্যখনত ডিমাছা লোককৃষ্টিক নতুন মাত্ৰাৰে পৰিচিত কৰি তুলিছিল তেওঁ ।
ৰেৱকান্ত মহন্ত (ETV Bharat Assam) ৰেৱকান্ত মহন্ত :
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতিসম্পন্ন সত্ৰীয়া সংস্কৃতিৰ সাধক মুখাশিল্পী ৰেৱকান্ত মহন্তলৈয়ো আগঢ়োৱা হৈছে এইবছৰৰ পদ্মশ্ৰী সন্মান । ১৯৩৫ চনৰ ১৯ এপ্ৰিলত জন্মগ্ৰহণ কৰা ৰেৱকান্ত মহন্ত মূলতঃ মুখাশিল্পৰ বাবেই দেশে-বিদেশে পৰিচিত । অসমৰ মুখাশিল্পৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০১৪ চনত তেঁওক সংগীত নাটক একাডেমী বঁটা আগবঢ়োৱা হৈছিল ৷ আনহাতে, ২০১৯ চনত অসম চৰকাৰে তেওঁক বিষ্ণু ৰাভা বঁটা প্ৰদান কৰে । শিৱসাগৰ জিলাৰ খাটপাৰ সত্ৰত জন্মগ্ৰহণ কৰা ৰেৱকান্ত মহন্তই সত্ৰীয়া মুখা নিৰ্মাণৰ কলাৰ বিশেষজ্ঞ হোৱাৰ লগতে সত্ৰীয়া সংগীত, নৃত্য, খোল বাদন আৰু সঁজুলি নিৰ্মাণৰ জটিলতাসমূহ শিকিছিল৷ মুখাশিল্পী হিচাপেও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰিছে তেওঁ ।
ড° অনিল কুমাৰ বড়ো (ETV Bharat Assam) ড৹ অনিল কুমাৰ বড়ো:
অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ তথা লোককৃষ্টিৰ গৱেষণাবিদ ড৹ অনিল কুমাৰ বড়োলৈ শিক্ষা আৰু কলাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোকসংস্কৃতি গৱেষণা বিভাগৰ অধ্যাপক ড৹ বড়োৱে সুদীৰ্ঘকাল নিজৰ গৱেষণাৰে অসমৰ শিক্ষা জগতৰ লগতে লোকসংস্কৃতিৰ জগতলৈ প্ৰভূত অৰিহণা আগবঢ়াই আহিছে । একেধাৰে এগৰাকী লোকসংস্কৃতিবিদ, কবি, সমালোচক আৰু অনুবাদক হিচাবে অসমীয়া সাহিত্য-সংস্কৃতিলৈ অৰিহণা যোগাই আহিছে ড৹ অনিল কুমাৰ বড়োৱে ।
গীতা উপাধ্যায় (ETV Bharat Assam) গীতা উপাধ্যায়:
সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী সন্মান লাভ কৰা গীতা উপাধ্যায় অসমৰ এগৰাকী সুসাহিত্যিক । নেপালী আৰু অসমীয়া- দুয়োটা ভাষাত সাহিত্য চৰ্চা কৰি আহিছে ১৯৩৯ চনত জন্মগ্ৰহণ কৰা গীতা উপাধ্যায়ে । দুবাৰকৈ সাহিত্য অকাদেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে গীতা উপাধ্যায়ে । প্ৰথমবাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ "কাৰেঙৰ লিগিৰী" নাট নেপালী ভাষালৈ অনুবাদ কৰি ২০১২ চনৰ সাহিত্য অকাডেমিৰ অনুবাদ বঁটা লাভ কৰা উপাধ্যায়ে নেপালী ভাষাৰ উপন্যাস "জনমভূমি মেৰৌ স্বদেশ"ৰ বাবে ২০১৬ চনৰ নেপালী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে ।
লগতে পঢ়ক:যুৱ মূকাভিনেতা মিনাংক ডেকাসহ মুঠ ১৯ গৰাকী অসমীয়ালৈ কেন্দ্ৰীয় চৰকাৰৰ ফেল’শ্বিপ