অসম

assam

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 7:31 PM IST

ETV Bharat / state

কেন্দ্ৰীয় মন্ত্ৰিত্ব লাভ কৰা পাচত প্ৰথমবাৰলৈ ডিব্ৰুগড়ত উপস্থিত সৰ্বানন্দ সোণোৱাল - Sarbananda Sonowal in Dibrugarh

Sarbananda Sonowal : কেন্দ্ৰীয় মন্ত্ৰিত্ব লাভ কৰা পাচত বৃহস্পতিবাৰে প্ৰথমবাৰলৈ ডিব্ৰুগড়ত উপস্থিত হোৱা সৰ্বানন্দ সোণোৱালক আদৰণি জনালে শ শ দলীয় কৰ্মীয়ে ৷ ৰাইজক দিহা পৰামৰ্শ দিবলৈ আহ্বান জনালে সোণোৱালে ৷

Sarbananda Sonowal
কেন্দ্ৰীয় মন্ত্ৰিত্ব লাভ কৰা পাচতে প্ৰথমবাৰলৈ ডিব্ৰুগড়ত উপস্থিত সৰ্বানন্দ সোণোৱাল (ETV Bharat)

মৰাণ, ২০ জুন : কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাচত আজি (বৃহস্পতিবাৰ) প্ৰথমবাৰলৈ ডিব্ৰুগড়ত উপস্থিত হয় ডিব্ৰুগড়ৰ সাংসদ তথা জাহাজ আৰু বন্দৰ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । কেন্দ্ৰীয় মন্ত্ৰিত্ব লাভ কৰা পাচতে ডিব্ৰুগড়ত উপস্থিত হোৱা সোণোৱালক বিমানবন্দৰত উষ্ম আদৰণি জনাই দলীয় কৰ্মকৰ্তাসকলে ।

কেন্দ্ৰীয় মন্ত্ৰিত্ব লাভ কৰা পাচতে প্ৰথমবাৰলৈ ডিব্ৰুগড়ত উপস্থিত সৰ্বানন্দ সোণোৱাল (ETV Bharat)

বিহু, গায়ন-বায়নৰ লগতে বিভিন্ন সাংস্কৃতিক দলেও ডিব্ৰুগড়ৰ বিমানবন্দৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আদৰণি জনায় । বিমানবন্দৰত উপস্থিত হৈয়ে ৰাইজৰ অভূতপূৰ্ব মৰম আৰু উষ্ম আদৰণি গ্ৰহণ কৰে সৰ্বানন্দ সোণোৱালে । সংবাদ মাধ্যমৰ মুখামুখি হৈ সোণোৱালে কয়, "ৰাইজে যি সহযোগিতা কৰিলে তাৰ বাবে তেওঁলোকৰ ওচৰত মই চিৰ কৃতজ্ঞ ।"

দেশ মাতৃক সেৱা কৰাৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি গধুৰ দায়িত্ব দিছে, তাক নিষ্ঠা আৰু সততাৰে পালন কৰিবলৈ ৰাইজক দিহা পৰামৰ্শ দিবলৈও আহ্বান জনালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

লগতে পঢ়ক :ভাৰতৰ শক্তিশালী বিৰোধী দলেই হৈছে তৃণমূল কংগ্ৰেছ : ৰিপুণ বৰা - Ripun Bora on Assam BJP

সোণোৱালক ডিব্ৰুগড়ৰ বিমানবন্দৰত আদৰণি জনোৱা অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, বিধায়ক বিনোদ হাজৰিকাকে ধৰি ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দলীয় কৰ্মীসকল ।

উল্লেখ্য যে, ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই ২,৭৯,৩২১ ভোটত জয়লাভ কৰিবলৈ সক্ষম হৈছিল সোণোৱাল । বিজেপিৰ শক্তিশালী প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ আৰু আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে । তিনিওজন অতি শক্তিশালী প্ৰাৰ্থীয়ে ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাত অতি আকৰ্ষণীয় হৈ উঠিছিল ডিব্ৰুগড় লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজ ।

উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ পূৰ্বে ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপিবিৰোধী এটা ঢৌ আৰম্ভ হোৱাত বিজেপি নেতৃত্বই সেই সময়ৰ সাংসদ ৰামেশ্বৰ তেলীৰ টিকট কৰ্তন কৰি সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল ।

লগতে পঢ়ক :নৱনিযুক্ত সহকাৰী প্ৰৱক্তাসকলক পাঠ্যপুথিৰ লগত বন্ধুত্ব ৰাখিবলৈ পৰামৰ্শ শিক্ষামন্ত্রীৰ - New Education Policy

ABOUT THE AUTHOR

...view details