জোনাই: চিলাপথাৰৰ শিশু বিশেষজ্ঞ ডাঃ চন্দ্ৰজিৎ দলেৰ জোনাই লিংক পথৰ জোনাকী নগৰস্থিত বাসগৃহত অবৈধভাৱে বিক্ৰী কৰা এটি নৱজাতক উদ্ধাৰৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে চিলাপথাৰৰ লগতে সমগ্ৰ ধেমাজি জিলাত । প্ৰাপ্ত তথ্য মতে চিচিবৰগাঁও টহলদাৰী আৰক্ষী চকীৰ অধীনৰ নিলখ সুন্দৰপুৰ গাঁৱৰ বুদ্ধিমান বৰাৰ পত্নী সবিতা বৰাই যোৱা ৪ অক্টোবৰত ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হাস্পতালত এটি শিশু জন্ম দিয়ে ।
দুৰ্ভাগ্যজনকভাৱে জন্মদাত্ৰী পিতৃ-মাতৃয়ে শিশুটি জন্ম দিয়াৰ কিছু সময়ৰ পাছত মেডিকেলৰ আই চি ইউ এৰি পলায়ন কৰে । ইয়াৰ পাছত এই খবৰ লাভ কৰি অনুসন্ধান চলাবলৈ নৱজাতকৰ পিতৃ-মাতৃক ধেমাজি শিশু কল্যাণ বিভাগৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়াত চি ডব্লিউ চিত পিতৃ-মাতৃয়ে মেডিকেলৰ পৰা ঘৰলৈ উভতি অহাৰ বাটত নৱজাতকটিৰ মৃত্যু হোৱাত ব্ৰহ্মপুত্ৰ নদীত শিশুটিৰ শেষকৃত্য সম্পন্ন কৰা হয় বুলি সাক্ষ্য প্ৰদান কৰে ।
বিষয়টো চি ডব্লিউ চিয়ে সন্দেহজনক যেন দেখি নিজাববীয়াকৈ তদন্ত চলোৱাত অৱশেষত সকলো তথ্য পোহৰলৈ আহে যে এই দম্পতীয়ে ৩০ হাজাৰ টকাৰ বিনিময়ত জোনাই বেবী পেগু চহৰীয়া নামৰ এগৰাকী মহিলাক বিক্ৰী কৰিছিল নিজৰ কন্যা শিশুটিক । অৱশেষত গোপন তথ্যৰ ভিত্তিত অভিযান চলাই চি ডব্লিউ চিয়ে বিক্ৰী কৰা নৱজাতকটিক চিলাপথাৰ জোনাকী নগৰস্থিত শিশু বিশেষজ্ঞ ডাঃ চন্দ্ৰজিৎ দলেৰ বাসগৃহ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
শিশু বিশেষজ্ঞৰ বাসগৃহত বিক্ৰী কৰা নৱজাতক উদ্ধাৰৰ পিছতে পোহৰলৈ আহিছে নৱজাতক ক্ৰয়-বিক্ৰৰ এক বৃহৎ চক্ৰ । নৱজাতকটিৰ পিতৃ-মাতৃৰ বিস্ফোৰক ভাষ্য যে তেওঁলোকৰ অজ্ঞাতেই গাঁওৰক্ষী বাহিনীৰ দুই যুৱকে বিক্ৰী কৰিছিল সন্তানটিক । নৱজাতকটিৰ পিতৃয়ে কয়, "মই নিজে কোচত লৈ মেডিকেলৰ এ চি ৰূমত ভৰাই থৈ আহিছো কন্যা সন্তানটি ৷ নাৰ্চ বাইদেউহঁতে বহুত হাৰাহাস্তি কৰিলে আমাক ৷ পিছত আকৌ লৈ আহি বাটত এগৰাকী মহিলা পালো দি দিলো ৷ ভিডিপি পাৰ্টীয়ে ক’লে এইজনী নি কি কৰিবি, বাটত নিওঁতে মৰি থাকিলে কি কৰিবি ৷ দি দে এইকে ৷