অসম

assam

ETV Bharat / state

ৰাজ্যত গোপনে গঢ়ি উঠিছে নেকি ৰঙা মাটিৰ ছিণ্ডিকেট ? - LAND SYNDICATE IN ASSAM

কাছাৰৰ কাটিগড়াত ৰঙা মাটিৰ ছিণ্ডিকেট । পাহাৰৰ ধ্বংসলীলা দেখি চিন্তিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমীৰ লগতে স্থানীয় সচেতন মহল ৷

Running Land syndicate secretly in Cachar
ৰাজ্যত ভূ-মাফিয়াৰ দপদপনি ! (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 15, 2024, 3:09 PM IST

শিলচৰ : ৰাজ্যত ভূ-মাফিয়াৰ দপদপনি ! পাহাৰৰ মাটি কাটি ধ্বংসলীলা চলাই আহিছে একাংশ বন মাফিয়াই । এইবোৰ দেখিও নীৰৱ দৰ্শকৰ ভূমিকা গ্ৰহণ কৰিছে ৰাজ্যৰ বন বিভাগে । এই অভিযোগ কাছাৰৰ বহু প্ৰকৃতিপ্ৰেমীৰ ৷ কিয়নো কাছাৰৰ কাটিগড়াত অবাধে চলিছে ৰঙা মাটিৰ ক’লা বেহা ।

সংবাদ মাধ্যমৰ আগত কাছাৰৰ এগৰাকী লোকে উল্লেখ কৰা মতে, ইখনৰ পাছত সিখন পাহাৰ কাটি ধ্বংস কৰিছে বন মাফিয়াই । কাটিগড়াৰ কাতিৰাইল, কৰইকান্দি মোনপুৰ, সোণাগিৰি, ৰাজপুৰ আদিকে ধৰি বিভিন্ন অঞ্চলত এতিয়া দিনে নিশাই পাহাৰ কাটি সৰবৰাহ কৰা হৈছে ৰঙা মাটি । এক্সকেভেটৰেৰে পাহাৰ কাটি প্ৰতিদিনে প্ৰায় শতাধিক ডাম্পাৰেৰে মাটি সৰবৰাহ হৈ আহিছে বুলি স্থানীয় লোকগৰাকীয়ে উল্লেখ কৰে ।

ৰাজ্যত ভূ-মাফিয়াৰ দপদপনি ! (ETV Bharat Assam)

তেওঁ উল্লেখ কৰা মতে, চৰকাৰী সংৰক্ষিত প্ৰায় দুশ ফুট উচ্চতাৰ পাহাৰ এক্সকেভেটৰৰ সহায়ত কাটি মাটি অবাধে সৰবৰাহ কৰি থকা হৈছে । এই পাহাৰ কাটি ধ্বংস কৰাৰ ফলত আশ্ৰয়হীন হৈ পৰিছে বন্যপ্ৰাণীও ৷ ফলত আশ্ৰয়হীন বন্যপ্ৰাণীয়ে জনবহুল অঞ্চলত অবাধে বিচৰণ কৰি থকা পৰিলক্ষিত হৈছে ।

কাছাৰৰ কাটিগড়াত ৰঙা মাটিৰ ছিণ্ডিকেট (ETV Bharat Assam)
লগতে পঢ়ক :কেনেদৰে চলিছে ৰাজ্যৰ বিয়াগোম পৰিবহণ আৰু বন বিভাগ; কিয় চৰকাৰে হেৰুৱাইছে বুজন পৰিমাণৰ ৰ‍াজহ

আনহাতে, মাটি কঢ়িয়াই অনা শ শ ডাম্পাৰে তীব্ৰগতিত ৰাজপথৰ ওপৰতে চলাচল কৰি আহিছে ৷ ফলত জীয়াতু ভূগিব লগাত পৰিছে সাধাৰণ ৰাইজে । দীৰ্ঘদিন ধৰি পাহাৰৰ মাটি কাটি এই ধ্বংসলীলা চলাই থকাৰ পাছতো বন বিভাগে নীৰৱ দৰ্শকৰ ভূমিকা গ্ৰহণ কৰি আহিছে বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ।

মাটিৰ ছিণ্ডিকেট (ETV Bharat Assam)

অভিযোগ মতে, বন বিভাগৰ প্ৰত্যক্ষ সহযোগিতাৰ ফলতে ৰঙা মাটিৰ এই ছিণ্ডিকেট চক্ৰই শংকাহীন হৈ ইখনৰ পাছত সিখন পাহাৰ কাটি অবাধে মাটি সৰবৰাহ কৰি আহিছে । স্থানীয় ৰাইজে এই সন্দৰ্ভত বহুবাৰ অভিযোগ দাখিল কৰাৰ পাছতো আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি স্থানীয় ৰাইজে অভিযোগ কৰে । শীঘ্ৰেই এই পাহাৰৰ ধ্বংসলীলা বন্ধ নহ’লে ভয়ংকৰ বিপদ আহি পৰিব বুলিও আশংকা প্ৰকাশ কৰিছে পৰিৱেশপ্ৰেমীসকলে ।

লগতে পঢ়ক :'গুৱাহাটীৰ হাওঁফাওঁ’ গড়ভঙা অভয়াৰণ্যৰ স্বীকৃতি বাতিল; ন্যায়ালয়ৰ শপতনামা দাখিলৰ নিৰ্দেশ অসম চৰকাৰক

ABOUT THE AUTHOR

...view details