অসম

assam

ETV Bharat / state

তেজপুৰৰ আদৰ্শ ভোটকেন্দ্ৰ : ভোটাধিকাৰ সাব্যস্ত ঋষিৰাজ কৌণ্ডিন্য-পৃথ্বীৰাজ ৰাভাৰ - LOK SABHA POLL 2024 - LOK SABHA POLL 2024

শোণিতপুৰ লোকসভাৰ তেজপুৰ সমষ্টিৰ এটা আদৰ্শ ভোটকেন্দ্ৰ । অসমৰ সাংস্কৃতিক জগতৰ ত্ৰিমূৰ্তিক সন্মান জনোৱা হৈছে এই আদৰ্শ ভোটকেন্দ্ৰটোত ৷ এই ভোটকেন্দ্ৰটোত ইতিমধ্যে শোণিতপুৰৰ আম আদমী পাৰ্টীৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্য আৰু তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে ৷

ভোটাধিকাৰ সাব্যস্ত
ভোটাধিকাৰ সাব্যস্ত

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 3:07 PM IST

তেজপুৰৰ আদৰ্শ ভোটকেন্দ্ৰ

তেজপুৰ, ১৯ এপ্ৰিল : পুৱাৰে পৰা তেজপুৰৰ ঐতিহাসিক পুৰণি বান থিয়েটাৰত স্থাপন কৰা আদৰ্শ ভোটকেন্দ্ৰত দেখা গৈছে এক সুন্দৰ পৰিৱেশ । বিশেষভাৱে সক্ষম বিষয়াৰ দ্বাৰা পৰিচালিত হৈছে এই দুটা ভোটকেন্দ্ৰ । অসমৰ সাংস্কৃতিক জগতৰ ত্ৰিমূৰ্তি জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মাক সন্মান জনোৱা হৈছে এই আদৰ্শ ভোটকেন্দ্ৰটোত ।

লগতে চৌহদত লগোৱা হৈছে ড৹ ভূপেন হাজৰিকাৰ বৃহৎ কাটআউট । প্ৰৱেশ পথত আঁৰি দিয়া হৈছে তেজপুৰৰ বিভিন্ন ঐতিহাসিক কীৰ্তিচিহ্নৰ ছবি ৷

ভোটাধিকাৰ সাব্যস্ত ঋষিৰাজ কৌণ্ডিন্যৰ

১৯০৬ চনত অসমীয়া ভাষা উন্নতি সাধিনী সভাই (ABUSS) প্ৰতিষ্ঠা কৰা বান থিয়েটাৰ তেজপুৰৰ আটাইতকৈ পুৰণি, সাংস্কৃতিক গুৰুত্বৰ লেণ্ডমাৰ্কৰ ভিতৰত অন্যতম । ১৯৫৩ চনত যেতিয়া পুৰণি চৌহদটো ধুমুহাত ধ্বংস হৈছিল ৷ তেতিয়া বান থিয়েটাৰ চহৰৰ আন ঠাইলৈ স্থানান্তৰ কৰা হৈছিল ৷ য’ৰ পৰা ই কাম কৰি আহিছে ।

শোণিতপুৰৰ আম আদমী পাৰ্টীৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্য

বৰ্তমান এই নতুন চৌহদটো অত্যাধুনিক সা-সুবিধাৰে পুনৰ উন্নয়ন কৰি আছে ৰাজ্য চৰকাৰে । যিটো ভোটকেন্দ্ৰত জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সুমধুৰ গীতৰ সুৰৰ মাজত ভোটাৰসকলে ভোটদান সাব্যস্ত কৰিছে ।

ভোটাধিকাৰ সাব্যস্ত

এই ভোটকেন্দ্ৰত উপস্থিত হৈ তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই শুভেচ্ছা জনাই শোণিতপুৰৰ আম আদমী পাৰ্টীৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যক । এইবাৰ শোণিতপুৰ সংসদীয় সমষ্টিত প্ৰায় ৮০% ভোটদান হ’ব বুলি আশা কৰে বিধায়ক পৃথ্বীৰাজ ৰাভাই ।

ৰাভাই কয় যে ৰাজনীতি আৰু সংস্কৃতি দুটা পৃথক ঠাইত । তেজপুৰ কলিবাৰীৰ চুবুৰীয়া দুই ৰাজনৈতিক নেতা ৰাজনীতিতহে পৃথক ৷ ইয়াত আছে ভাতৃত্ব আৰু সংস্কৃতিৰ সমন্বয়ৰ এনাজৰী । আম আদমীৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যই কয়, ‘‘মোৰ জ্য়েষ্ঠ ভাতৃ আৰু আমি চুবুৰীয়া আমাৰ সংস্কৃতিৰ আদর্শ আছে ৷ ৰাজনীতি এক সুকীয়া পৰিচয়’’ ।

উল্লেখ্য যে, এই আদর্শ ভোটকেন্দ্ৰটোত দীঘলীয়া শাৰী পাতি পুৱা ৯.১৫ বজাত সপৰিয়ালে ভোটদান কৰে আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যই ।

লগতে পঢ়ক :বিজয়ৰ লক্ষ্যৰে ভোটাধিকাৰ সাব্যস্ত কৰিলে ৰাজ্যৰ কেইবাগৰাকীও লোকসভাৰ প্ৰাৰ্থীয়ে - Lok sabha Election 2024

ABOUT THE AUTHOR

...view details