গুৱাহাটী :'মিছন বসুন্ধৰা-৩.০’ত আবেদনৰ সংখ্যা পূৰ্বতকৈ হ্ৰাস হৈছে ৷ আশা কৰাৰ দৰে ৰাইজে ভূমিৰ পট্টাৰ আবণ্টনৰ বাবে দাখিল কৰা নাই আবেদন ৷ সেয়ে আবেদন দাখিল কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাইছে চৰকাৰে । এই আহ্বান জনাইছে ৰাজ্যৰ ৰাজহ মন্ত্ৰীয়ে ৷
নিজৰ দখলত থকা ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ মিছন বসুন্ধৰা ৩.০ৰ অধীনত আবেদন দাখিলৰ বাবে ৰাজ্যবাসীক পুনৰবাৰ আহ্বান জনাইছে ৰাজ্যৰ ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ।
উল্লেখ্য যে মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ আবেদনৰ অন্তিম সময়সীমা অহা ৩১ ডিচেম্বৰ । তাৰ পূৰ্বেই আবেদন দাখিল সুনিশ্চিত কৰিবলৈ সকলো শিক্ষানুষ্ঠান, ধৰ্মীয় অনুষ্ঠান আৰু সামাজিক-সাংস্কৃতিক অনুষ্ঠানসমূহকো ৰাজহমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে ।
দিছপুৰত সোমবাৰে বিয়লি এক সংবাদমেলত ৰাজহমন্ত্ৰী মহন্তই কয়, "ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ চৰকাৰৰ অসমৰ খিলঞ্জীয়া লোকসকলক ভূমিৰ অধিকাৰ প্ৰদানেই অন্যতম প্ৰধান লক্ষ্য । মিছন বসুন্ধৰাৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ সফলতাৰে সামৰণি পৰাৰ পাছত এতিয়া কাৰ্যৰূপায়ণৰ বাবে হাতত লোৱা তৃতীয়টো পৰ্যায়ৰ অধীনত আবেদনৰ অন্তিম দিন অহা ৩১ ডিচেম্বৰ ধাৰ্য কৰা হৈছিল । এই সময়সীমা অন্ত পৰাৰ পূৰ্বেই সেৱাসেতু পৰ্টেলৰ জৰিয়তে আবেদন দাখিল কৰিবলৈ পুনৰবাৰ ৰাইজক আহ্বান জনাইছোঁ ।"
উল্লেখ্য যে মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ত ইতিপূৰ্বে দ্বিতীয় পৰ্যায়ত স্থগিত ৰখা আবেদনসমূহৰ পুনৰ পৰীক্ষণৰ উপৰি নগৰীয়া আৰু কাষৰীয়া অঞ্চলত ৰেহাই হাৰৰ প্ৰিমিয়ামত একচনীয়া পট্টাৰ ম্যাদীকৰণৰ সুবিধা আগবঢ়োৱা হৈছে । লগতে নগৰাঞ্চল ঘোষিত এলেকাত দখলীস্বত্ব থকা ৰায়তীক মালিকীস্বত্ব প্ৰদান, বন্দোৱস্তী নোহোৱা পূৰ্বৰ ভূ-দান-গ্ৰামদান ভূমিৰ বন্দোৱস্তি প্ৰদান, সম্প্ৰসাৰিত ৰূপত ভূ-দান-গ্ৰামদানৰ ভূমিত বন্দোৱস্তি প্ৰদান, চাহ বাগিচা অনুদান-গ্ৰাণ্ট ভূমিৰ শ্ৰেণী পৰিৱৰ্তনেৰে পট্টা প্ৰদান, অনা জৰীপ গাঁৱৰ ভূমি বন্দোৱস্তি প্ৰদান আৰু শিক্ষানুষ্ঠান-ধৰ্মীয় অনুষ্ঠান তথা সামাজিক-সাংস্কৃতিক অনুষ্ঠানলৈ ভূমিৰ বন্দোৱস্তি প্ৰদানৰ সুবিধা আগবঢ়োৱা হৈছে ।
ৰাজহমন্ত্ৰীগৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে, "বহু সামাজিক-সাংস্কৃতিক অনুষ্ঠানে পঞ্জীয়ন নথকাৰ বাবে বা পঞ্জীয়ন নৱীকৰণ হৈ নথকাৰ বাবে মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ অধীনত আবেদন কৰিবলৈ অসমৰ্থ হোৱাৰ বিষয়টো অনুধাৱন কৰি ইতিমধ্যে ৰাজ্য চৰকাৰে এনে প্ৰতিষ্ঠানসমূহলৈ কেতবোৰ ৰেহাইৰ ব্যৱস্থা কৰিছে ।"
লগতে মন্ত্ৰী মহন্তই কয়, "পঞ্জীয়ন প্ৰমাণ-পত্ৰ নথকা বা পঞ্জীয়ন নৱীকৰণ নোহোৱাকৈ থকা সামাজিক-সাংস্কৃতিক অনুষ্ঠানসমূহে সদ্যহতে পঞ্জীয়ন প্ৰমাণ-পত্ৰ অবিহনেই আবেদন দাখিল কৰিব পাৰিব । এনে অনুষ্ঠানে পৰৱৰ্তী সময়ত বন্দোৱস্তি প্ৰদানৰ পূৰ্বে এই পঞ্জীয়ন প্ৰমাণ-পত্ৰ দাখিল কৰিব লাগিব । সেয়ে, এনে অনুষ্ঠানসমূহক ভূমি দখলত থকাৰ আন তথ্য-প্ৰমাণসহ অন্তিম সময়সীমা পাৰ হোৱাৰ পূৰ্বেই শীঘ্ৰে আবেদন দাখিলৰ বাবে পুনৰবাৰ আহ্বান জনাইছোঁ ।"
মন্ত্ৰীগৰাকীয়ে জনোৱা মতে পঞ্জীয়ন নৱীকৰণ নোহোৱাকৈ থকা এনে আবেদনকাৰী সামাজিক-সাংস্কৃতিক সংগঠনসমূহক আনকি জৰিমনা ভৰিব নলগাকৈয়ে পঞ্জীয়ন নৱীকৰণৰো সুবিধা এতিয়া ৰাজ্য চৰকাৰে আগবঢ়াইছে । বসুন্ধৰা ২.০ৰ অধীনত কেতবোৰ বিশেষ তথ্য সন্দৰ্ভত অতিৰিক্ত স্পষ্টীকৰণৰ প্ৰয়োজনীয়তাৰ বাবে নিষ্পত্তি নকৰাকৈ স্থগিত কৰি থোৱা সাধাৰণ আৰু চিলিং চৰকাৰী ভূমিত বাস কৰা পৰিয়ালৰ আবেদনসমূহো তৃতীয় পৰ্যায়ত পুনৰ বিবেচনাৰ বাবে লোৱাৰ বিষয়ে উল্লেখ কৰি ৰাজহমন্ত্ৰীগৰাকীয়ে এনে ভূমিত বাস কৰা দখলীস্বত্ব থকা পৰিয়ালসমূহে তেওঁলোকৰ আবেদন পুনৰ বিবেচনাৰ বাবে সেৱাসেতুৰ জৰিয়তে আবেদন কৰিব পাৰিব বুলি সংবাদমেলত সদৰী কৰে ।
ই-খাজানাৰ সমান্তৰালকৈ মৌজাদাৰ কাৰ্যালয়তো জমা দিব পাৰিব খাজানা
ইফালে, পট্টাদাৰসকলে ই-খাজনাৰ নতুন অনলাইন ব্যৱস্থাৰ সমান্তৰালকৈ মৌজাদাৰ কাৰ্যালয়ৰ জৰিয়তেও মাটিৰ খাজানা জমা দিব পৰা পূৰ্বৰ ব্যৱস্থাও পুনৰ মুকলি কৰিছে ৰাজ্য চৰকাৰে ।
সংবাদমেলত এই কথা সদৰী কৰি ৰাজহ মন্ত্ৰী কেশৱ মহন্তই কয়, "পট্টাদাৰসকলক নিজঘৰ বা আন সুবিধাজনক ঠাইৰ পৰাই সহজতে আৰু সুকলমে নিজৰ মাটিৰ খাজানা জমা দিয়াৰ সুযোগ প্ৰদানেৰে ৰাজহ বিভাগে প্ৰয়োজনীয় সংস্কাৰ সাধনৰ লগতে তথ্য-প্ৰযুক্তিৰ সহায়ত ই-খাজানা ব্যৱস্থা কাৰ্যকৰী কৰিছে । এই ব্যৱস্থাই ভূমি ৰাজহ ব্যৱস্থাপনাক আৰু অধিক স্বচ্ছ, গতিশীল কৰাৰ লগতে ৰাজ্যবাসীকো বিশেষভাৱে উপকৃত কৰিব । সদ্যহতে ই-খাজানাৰ বাবে সকলো পট্টাদাৰকে সামৰি নাম-পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাত কিছু বিলম্ব হোৱাৰ বাবে ই-খাজানাৰ সমান্তৰালকৈ মৌজাদাৰ কাৰ্যালয়ত গৈ খাজানা জমা দিয়াৰ পূৰ্বৰ ব্যৱস্থাও পুনৰ বাহাল কৰা হৈছে । সেয়ে, অনলাইন খাজানা জমা দিবলৈ অসুবিধাৰ সন্মুখীন হোৱা সকলো পট্টাদাৰ পৰিয়ালকে পূৰ্বৰ দৰে মৌজাদাৰ কাৰ্যালয়লৈ গৈ নিজৰ খাজানা সময়মতে আদায় দিবলৈ আহ্বান জনাইছোঁ ।"