অসম

assam

ETV Bharat / state

বিজেপি নেতাৰ মৃত্যুৰ ঘটনাৰ আৰক্ষীৰ তদন্তত অসন্তুষ্ট বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ

Religious prayer: বিজেপি নেতা দেৱজিত হাজৰিকাৰ মৃত্যুৰ এমাহ । চৰাইদেউৰত সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা ।

By ETV Bharat Assamese Team

Published : 8 hours ago

Religious prayer
দেৱজিত হাজৰিকাৰ স্মৃতিত সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা (ETV Bharat Assam)

মৰাণ:ৰাজ্য জোকাৰি যোৱা চৰাইদেউৰ বিজেপি নেতা দেৱজিত হাজৰিকাৰ মৃত্যুৰ এমাহ হ'ল । পঞ্চায়ত সভাপতি তথা বিজেপি নেতাজনৰ মৃত্যুক লৈ আজিও বিভিন্ন প্ৰতিক্ৰিয়া অব্যাহত আছে । এইজন নেতাৰ স্মৃতিত দেওবাৰে ৰজাপুখুৰী গাঁও পঞ্চায়ত কাৰ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা ।

চৰাইদেউ জিলাবাসীৰ উদ্যোগত অনুষ্ঠিত ৰাজহুৱা স্মৃতিচাৰণ সভা আৰু সৰ্বধৰ্মীয় প্ৰাৰ্থনাত উপস্থিত থাকে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে জিলাখনৰ বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি আৰু স্থানীয় ৰাইজ । এই অনুষ্ঠানত অংশগ্ৰহণ কৰি বিজেপি নেতাজনৰ আত্মহত্যা ঘটনাৰ উচিত তদন্ত পুনৰ দাবী কৰিছে ৰাইজে । কিয়নো ৰজাপুখুৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা যুৱ বিজেপি নেতা দেৱজিত হাজৰিকাৰ মৃত্যুৰ এমাহ উকলিল। নেতাজনৰ আত্মহত্যাৰ ঘটনাত নাম সাঙোৰ খোৱা চাৰিজনৰ ভিতৰত দুজনে জামিন লাভ কৰিলে আৰু আন দুজন কাৰাগাৰত আছে ।

দেৱজিত হাজৰিকাৰ স্মৃতিত সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা (ETV Bharat Assam)

অভিযুক্ত দুজনে সহজে জামিন লাভ কৰাত অসন্তুষ্ট সকলো । দেৱজিত হাজৰিকাৰ মৃত্যুৰ তদন্তত সন্তুষ্ট নহয় বুলি সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ । ইপিনে,আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া নিৰপেক্ষ নোহোৱাৰ অভিযোগ উত্থাপন কৰিলে সোণাৰিৰ জ্যেষ্ঠ অধিবক্তা মহেশ গদুকাই ।

উল্লেখ্য যে যোৱা ২০ ছেপ্টেম্বৰত চৰাইদেউৰ বিজেপি নেতা তথা ৰজাপুখুৰী পঞ্চায়তৰ সভাপতি দেৱজিত হাজৰিকাই ঘৰৰ সমীপত থকা মুকলি প্ৰেক্ষাগৃহত আত্মহত্যা কৰিছিল । সভাপতিজনৰ গাড়ীৰ ভিতৰত উদ্ধাৰ হোৱা ছুইচাইড নোটত উল্লেখ কৰি গৈছিল আত্মহত্যাৰ কাৰণ । বাৰে বাৰে বাতৰি পৰিৱেশন কৰি মানসিক হাৰাশাস্তি চলোৱা বাবে সঠিক ন্যায় বিচাৰি এই সিদ্ধান্ত লোৱা বুলি ছুইচাইড নোটত উল্লেখ কৰি গৈছিল অভিযুক্ত চাৰিজনৰ নাম ।

এই ঘটনাৰ দিনাই পৰিয়ালৰ এজাহাৰৰ ভিত্তিত সোণাৰি আৰক্ষীয়ে অৱসৰপ্ৰাপ্ত বিডিঅ' ৰঞ্জিত বুঢ়াগোহাঁই আৰু সংবাদকৰ্মী পৰিস্মিতা বৈশ্য ফুকনক গ্ৰেপ্তাৰ কৰিছিল যদিও পলাতক হৈ আছিল বিতৰ্কিত আৰ টি আই কৰ্মী দুলাল বৰা আৰু সোণাৰিৰ সাংবাদিক ৰফিক আহমেদ । ঘটনাৰ মূল অভিযুক্ত বিতৰ্কিত আৰ টি আই কৰ্মী দুলাল বৰাক আৰক্ষীয়ে দিল্লীত গ্ৰেপ্তাৰ কৰিছিল । যোৱা ২৫ ছেপ্টেম্বৰত পুৱাই দিল্লীত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি চৰাইদেউ আৰক্ষীক গতাই দিছিল দুলাল বৰাক । কিন্তু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পৰ্বেূই গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ পৰা অগ্ৰিম জামিন লাভ কৰিছিল সাংবাদিক ৰফিক আহমেদে । ইতিমধ্যে কেইটামান দিন কাৰাগাৰত থাকি জামিন লাভ কৰিলে ৰঞ্জিত বুঢ়াগোহাঁইয়ে । ছুইচাইড নোটত নাম থকাৰ পাছতো দুজনে জামিন লাভ কৰাত আৰক্ষীৰ তদন্তক লৈ প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে ।

আৰক্ষীৰ তদন্তত অসন্তুষ্ট সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ:

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কয়, "ভাল সমাজকৰ্মী আছিল দেৱজিত হাজৰিকা । দলৰ মজিয়াত যি দায়িত্ব দিয়া হৈছিল সেয়া নিষ্ঠাৰে পালন কৰিছিল। দেৱজিত হাজৰিকাৰ মৃত্যুৰ যি তদন্ত হৈছে তাক লৈ সুখী নহয় । এই সম্পৰ্কত দুজনে ইতিমধ্যে কেনেকৈ জানিম পালে তাক লৈ চিন্তা কৰিব লগা হৈছে । আমি দাবী কৰিছো দোষীয়ে শাস্তি পাবই লাগিব ।

লগতে পঢ়ক:কি কাৰণে আত্মহত্যা কৰিলে পঞ্চায়ত সভাপতিয়ে ? - BJP Leader Commited Suicide

সোণাৰি থানাত দুলাল বৰাক জেৰা; আজি হাজিৰ কৰোৱা হ'ব চৰাইদেউ ন্যায়িক আদালতত - Sonari BJP Leader Suicide Case

ABOUT THE AUTHOR

...view details