অসম

assam

ETV Bharat / state

কেন্দ্ৰীয় বাজেটত অসমক চূড়ান্তভাৱে অৱহেলা কৰা হৈছে: ৰিপুণ বৰা - INDIA BUDGET 2024

TMC leader Ripun Bora: কেন্দ্ৰীয় বাজেটত সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ প্ৰতিক্ৰিয়া ৷ বাজেটত ধাৰ্য কৰা সিংহভাগ টকা কেৱল বিজেপি চৰকাৰখন বৰ্তাই ৰাখিবৰ বাবে এন ডি এ ৰ দুই অংশীদাৰ ক্ৰমে টি ডি পি আৰু জে ডি ইউক সন্তুষ্ট কৰিবৰ বাবে অন্ধ্ৰপ্ৰদেশ আৰু বিহাৰৰ বাবেই ধাৰ্য কৰা হৈছে বুলি নেতাগৰাকীয়ে প্ৰকাশ কৰে ৷

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 10:30 PM IST

INDIA BUDGET 2024
অসন্তুষ্টি প্ৰকাশ (ETV Bharat Assam)

গুৱাহাটী, ২৩ জুলাই: কেন্দ্ৰীয় বিত্তমন্ত্ৰী নির্মলা সীতাৰমণে 2024-25 বিত্তীয় বৰ্ষৰ বাবে সংসদত মঙলবাৰে উত্থাপন কৰা কেন্দ্ৰীয় বাজেটত অসমক চূড়ান্তভাৱে অৱহেলা কৰা হৈছে ৷ ভাৰতবৰ্ষৰ 140 কোটি জনতাই কপালৰ ঘাম পেলাই কৰা উপাৰ্জনৰ পৰা দিয়া বিভিন্ন কৰ কাটল, ৰাজহৰ ধনেৰে যি বাজেট উত্থাপন কৰিছে, সেই বাজেটত জনতাৰ আশা-আকাংক্ষা আৰু নায্য স্বার্থ ধূলিস্যাৎ কৰি বাজেটখন কেৱল প্ৰস্তুত কৰা হৈছে ওলমি থকা বিজেপি চৰকাৰখন বৰ্তাই ৰখাৰ স্বাৰ্থত ৷

বাজেটক লৈ ৰিপুণ বৰাৰ খং উঠিছে (ETV Bharat Assam)

বাজেটত ধাৰ্য কৰা সিংহভাগ টকা কেৱল বিজেপি চৰকাৰখন বৰ্তাই ৰাখিবৰ বাবে এন ডি এ ৰ দুই অংশীদাৰ ক্ৰমে টি ডি পি আৰু জে ডি ইউক সন্তুষ্ট কৰিবৰ বাবে অন্ধ্ৰপ্ৰদেশ আৰু বিহাৰৰ বাবেই ধাৰ্য কৰা হৈছে ৷

লগতে পঢ়ক:কেন্দ্ৰৰ বাজেটত অসমৰ বাবে আছে কি ? বিৰোধীৰ সৰৱ প্ৰতিক্ৰিয়া - INDIA BUDGET 2024

2024 ৰ লোকসভা নিৰ্বাচনত অসমৰ ৰাইজে বিজেপি আৰু মিত্ৰদলৰ 11 গৰাকী সাংসদক নিৰ্বাচন কৰাৰ পুৰস্কাৰ হিচাপে এইবাৰৰ বাজেটত অসমক চৰম অৱহেলা কৰা হৈছে ৷ অসমৰ প্ৰলয়ংকৰী বানত ক্ষয়-ক্ষতিৰ বাবে অসম চৰকাৰে আগৰে পৰা বিচাৰি থকা 10.785 কোটিৰ ভিতৰত মাত্ৰ 205 কোটি মোকোলাই দিয়াৰ বিপৰীতে এইবাৰ বাজেটত অসমৰ বানত ক্ষয়-ক্ষতিৰ বাবে এটা ফুটাকড়িও ধাৰ্য কৰা নাই কেন্দ্ৰীয় চৰকাৰে ৷ কেন্দ্ৰীয় চৰকাৰৰ বাজেট দাখিলৰ পিছতে ক্ষুব্ধ হৈ এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তৃণমূল কংগ্ৰেছৰ নেতা ৰিপুণ বৰাই ৷

লগতে পঢ়ক:বিষয় বাজেট: প্ৰধানমন্ত্ৰী-বিত্তমন্ত্ৰীক ধন্যবাদ জনাই ড৹ শৰ্মাই ক’লে- দ্ৰুতগতিত বিকাশ হ’ব ভাৰতৰ - INDIA BUDGET 2024

আনহাতে, বিহাৰৰ বাবে অন্যান্য শিতানত বৃহৎ পৰিমাণৰ পুঁজি আৱণ্টন কৰাৰ উপৰিও বিহাৰৰ বান সমস্যাৰ বাবে 11,500 কোটি টকা ধাৰ্য কৰিছে বুলি বৰাই কয় ৷ অসমত কোনো নতুন প্ৰজেক্ট বিনিয়োগৰ বাবে বাজেটত একো উল্লেখ নাই ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কেৱল তেওঁৰ গাদী ৰক্ষাৰ বাবেই এনেদৰে অসমৰ স্বাৰ্থক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ ওচৰত জলাঞ্জলি দিছে ৷

অসমক ভাৰতবৰ্ষৰ 5 খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন কৰিম বুলি সঘনাই ডাংকোপ মৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ যদি সাহস আছে অসমক কৰা এনে বঞ্চনাৰ প্ৰতিবাদত তেওঁ পদত্যাগ কৰি দেখুৱাওক বুলিও তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীয়ে ক্ষোভেৰে মন্তব্য কৰে ৷

লগতে পঢ়ক:বিত্তমন্ত্ৰীৰ এই বাজেট সম্পূৰ্ণ নিৰাশাজনক: গৌৰৱ গগৈ - India Budget 2024

ABOUT THE AUTHOR

...view details