কলিয়াবৰ, 24 মে' :বয়স তেওঁৰ ষাঠিৰোৰ্ধৰ । বুকুত পুত্ৰ-বোৱাৰীক হেৰুওৱাৰ বেদনা । সাৰথি দুই নাতিনী । জীৱনৰ চকৰিয়ে সলনি কৰে সকলো । কেতিয়াবা যদি সকলো থাকে, আন কেতিয়াবা সময়েও লগ এৰে । তেনে এক জীৱন পাৰ কৰিছে কলিয়াবৰৰ এগৰাকী আইতাই । পুত্ৰ-বোৱাৰীক হেৰুৱাই দুই নাতিনীক বুকুত সাৱতি এটি জৰাজীৰ্ণ ঘৰত জীৱন অতিবাহিত কৰিছে কলিয়াবৰৰ বাগৰি অঞ্চলৰ মালতী গোৱালাই । দুৰাৰোগ্য ৰোগত মৃত্যু পুত্ৰ-বোৱাৰীৰ । দৰিদ্ৰতাৰ মাজতে ডাঙৰ হৈছে মণিষা আৰু সুনীতা ।
পো-বোৱাৰীৰ মৃত্যুৰ পাচত মালতী গোৱালাই জৰাজীৰ্ণ ঘৰটোতে কোনোমতে দিন হাজিৰা কৰি খুব কষ্টৰ মাজেৰে ডাঙৰ কৰিছে দুই নাতিনী মণিষা আৰু সুনীতাক । পঠিয়াইছে পঢ়াশালিলৈ । ইফালে ঘৰটোত শুবলৈ নাই এখন বিচনা, বৰষুণ আহিলেই ফুটা টিঙেৰে পানী পৰে মজিয়াত । এসাঁজ খাই আন সাঁজলৈ চিন্তা কৰা পৰিয়ালটোক ঢুকি পোৱা নাই কোনো চৰকাৰী আঁচনিয়ে ৷
ঘাট-মাউৰা দুই কণমাণিয়ে কটাইছে এক দুৰ্বিসহ জীৱন । উপযুক্ত সা-সুবিধা বিচাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ জনালে কাতৰ আহ্বান । পিছে মানৱতা এতিয়াও জীয়াই আছে । মণিষা আৰু সুনীতাক সহায় কৰিবলৈ আহিল সুহৃদয়বান । যোগান ধৰিলে প্ৰয়োজনীয় কিছু সামগ্ৰী । কেইবাটাও সংবাদ মাধ্যমত মণীষা, সুনীতাৰ বাতৰি প্ৰকাশ পোৱাৰ পাচতে তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহিল কেইবাজনো সুহৃদয়বান ।