শিলচৰ, 20 মাৰ্চ:ধৰ্ষণৰ ঘটনাত অভিযুক্তলৈ অসম আৰক্ষীৰ গুলী ৷ কাছাৰত বুধবাৰৰ পুৱতি নিশা সংঘটিত হৈছে এই ঘটনা । আৰক্ষীৰ গুলীত আহত অভিযুক্তটো জমিৰ উদ্দিন বুলি জানিব পৰা গৈছে । গুলীবিদ্ধ জমিৰ উদ্দিনক সংকটজনক অৱস্থাত শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে ।
জানিব পৰা মতে, আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰৈৰ সময়ত আৰক্ষীয়ে গুলী কৰে ধৰ্ষণৰ ঘটনাত অভিযুক্ত জমিৰ উদ্দিনক ৷ গুলীবিদ্ধ জমিৰৰ ঘৰ কাছাৰৰ শ্ৰীকোণা আলমবাগত বুলি জানিব পৰা গৈছে ।
কাছাৰৰ লক্ষীপুৰৰ এগৰাকী বোৱাৰীক অপহৰণ কৰাৰ পাচত জমিৰ উদ্দিনে ধৰ্ষণৰ চেষ্টা চলাইছিল বুলি জনায় কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই । নিশা অপহৰণ কাণ্ডত ব্যৱহৃত অস্ত্ৰ উদ্ধাৰ কৰিবলৈ যাওঁতেই সংঘটিত হৈছে এই এনকাউণ্টাৰৰ ঘটনাটো । কাছাৰৰ আৰক্ষী অধীক্ষকগৰাকীয়ে অধিক জানিবলৈ দি কয়, "যোৱা 16 মাৰ্চৰ পুৱা কাছাৰৰ লক্ষীপুৰ শিৱপুৰৰ পৰা এগৰাকী বোৱাৰীক অপহৰণ কৰিছিল জমিৰে । প্রাতঃভ্রমণলৈ যোৱা বোৱাৰীগৰাকীক চাৰি দুৰ্বৃত্তই এখন বাহনেৰে অপহৰণ কৰি লৈ গৈছিল । অপহৰণ কৰি লৈ গৈ বোৱাৰীগৰাকীক ধৰ্ষণৰ চেষ্টা চলায় চাৰি অপহৰণকাৰী দুৰ্বৃত্তই ।"