ৰাজ্যৰ ৯ জিলাত কমিছে বৰষুণৰ পৰিমাণ - India Meteorological Department - INDIA METEOROLOGICAL DEPARTMENT
Rainfall Drops in Assam : ৰাজ্যৰ বাবে এক উদ্বেকজনক তথ্য । এই তথ্য ৯ খন জিলাৰ বাবে । বৰষুণৰ পৰিমাণ কমিছে ৰাজ্যৰ ৯ খন জিলাত । বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যত প্ৰকাশ পাইছে এই উদ্বেগজনক তথ্য ।
বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, এই জিলাকেইখনত হ্ৰাস পোৱা বৰষুণৰ পৰিমাণ হৈছে
জিলা
শতাংশ
দৰং
৪৮
নগাঁও
৩৯
কামৰূপ
৩০
চিৰাং
২৭
বঙাইগাঁও
২১
ডিমা হাছাও
২৫
গোৱালপাৰা
২২
কাৰ্বি আংলং (অবিভক্ত)
২৫
ধেমাজি
২০
এই সন্দৰ্ভত বৰঝাৰত থকা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী শোণিত দাসে কয়, "বৰষুণৰ পৰিমাণ হ্ৰাস যদি ১৯ শতাংশৰ ভিতৰত থাকে তেতিয়া বৰষুণ স্বাভাৱিক বুলি ধৰা হয় । কিন্তু বৰষুণৰ পৰিমাণ হ্ৰাস যদি ২০ শতাংশৰ পৰা ৫৯ শতাংশৰ ভিতৰত হয় তেতিয়া বৰষুণৰ পৰিমাণ হ্ৰাস হোৱা বুলি চিহ্নিত কৰা হয় । সেইফালৰ পৰা চালে অসমৰ ৯ জিলাত বৰষুণৰ পৰিমাণ ২০ শতাংশ তাতকৈ বেছি হ্ৰাস পাইছে ।"
১১ বছৰত গুৱাহাটীত হ্ৰাস পাইছে মাহিলি বৰষুণৰ পৰিমাণ
আনহাতে, বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, গুৱাহাটীত আগষ্ট মাহত হোৱা বৰষুণৰ পৰিমাণ ক্ৰমাৎ হ্ৰাস পাইছে । এই তথ্য বিগত ১১ বছৰৰ । বতৰ বিজ্ঞান কেন্দ্ৰই যোৱা ২০১৩ চনৰ পৰা ২০২৩ চনলৈকে এই ১১ বছৰত গুৱাহাটীত আগষ্ট মাহত হোৱা বৰষুণৰ গড় পৰিমাণ অধ্যয়ন কৰে ।
এই অধ্যয়নৰ তথ্য মতে, গুৱাহাটীত বৰষুণ হ্ৰাস পোৱাৰ পৰিমাণ এনেধৰণৰ
চন
পৰিমাণ (মিমি)
২০১৩
১৩৫.৪
২০১৪
২০০
২০১৫
২৯৬.৯
২০১৬
১০২.৬
২০১৭
২০৩.৯
চন
পৰিমাণ (মিমি)
২০১৮
২৪৮.৯
২০১৯
১৫০
২০২০
১৭৩.৮
২০২১
৭৯.৯
২০২২
১৫২.৮
২০২৩
৯০.১
উপৰিউক্ত তথ্যৰ পৰা দেখা যায় যে ২০২১ চনৰ পৰা আগষ্ট মাহত গুৱাহাটীত বৰষুণৰ পৰিমাণ ক্ৰমাৎ হ্ৰাস পাই আহিছে ।