গুৱাহাটী, 1 জুন :ভাৰতীয় চাহ ব’ৰ্ডৰ ভূমিকাত ক্ষুণ্ণ হৈ পৰা বটলিফ চাহ নিৰ্মাতা সন্থাই আজিৰে পৰা ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেঁচাপাত ক্ৰয় নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিচত এতিয়া হাহাকাৰ লাগিছে লক্ষাধিক ক্ষুদ্ৰ চাহ খেতিয়কৰ ৷ চাহ উদ্যোগৰ এই অচলাৱস্থাৰ বাবে বটলিফ ফেক্টৰী আৰু ৰাজ্য চৰকাৰক জগৰীয়া কৰি গুৱাহাটীত এখন সংবাদমেল যোগে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে ক্ষোভ প্ৰকাশ কৰে ৷
তেওঁ কয় যে, চৰকাৰৰ নিৰ্বিকাৰ ভূমিকাৰ বাবে আজিৰ পৰা ক্ষুদ্ৰ চাহ খেতিয়কে প্ৰতিদিনে পেলাই দিব লাগিব 21 কোটি টকাৰ চাহপাত ৷ অথচ বটলিফ ফেক্টৰীয়ে আজিৰ পৰা কেঁচা চাহপাত কিনা বন্ধ কৰাৰ পিছত খিলঞ্জীয়াই প্ৰতিষ্ঠা কৰা ক্ষুদ্ৰ চাহ বাগিচাসমূহ বন্ধ হোৱাৰ উপক্ৰম হোৱাৰ পিছতো সমগ্ৰ বিষয়টো নিস্পত্তি কৰাৰ বাবে কোনো উদ্যোগ গ্ৰহণ নকৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ছিংগাপুৰত গৈ প্ৰমোদ বিহাৰত ব্যস্ত থকাৰ অভিযোগ তুলি আক্ষেপ প্ৰকাশ কৰে তেওঁ ৷ মুখ্যমন্ত্ৰীক চোকা ভাষাৰে সমালোচনা কৰি তেওঁ কয় যে, গুজৰাটী আৰু কলকাতাৰ লবীৰ অসমৰ চাহ বাগিচাৰ মালিকক সহায় কৰিবৰ বাবেই মুখ্যমন্ত্ৰীয়ে ক্ষুদ্ৰ চাহ খেতিয়কৰ অচলাৱস্থা দূৰ কৰাৰ ক্ষেত্ৰত নিমাত হৈ থাকিল ৷
একাংশ ক্ষুদ্ৰ চাহ খেতিয়কে নিষিদ্ধ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰাৰ অভিযোগ তুলি বটলিফ চাহ নিৰ্মাতা সন্থাই ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেঁচাপাত ক্ৰয় কৰিবলৈ অস্বীকাৰ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে কয় যে ৰাসায়নিক পদাৰ্থ চাহপাতত সকলোৱে ব্যৱহাৰ কৰে কিন্তু মুখ্যমন্ত্ৰীৰ কৃপাত গুজৰাটী আৰু কলকাতা লবীৰ বৃহৎ উদ্যোগবোৰ বাচি গ'ল ৷ মুখ্যমন্ত্ৰীৰ পৰিয়ালে চাহৰ বজাৰত ভুমুকি মৰাৰ বাবেই আজি ক্ষুদ্ৰ চাহ খেতিয়কৰ মৃতপ্ৰায় অৱস্থা হোৱা বুলি তেওঁ লগতে ব্যক্ত কৰে ৷