অসম

assam

ETV Bharat / state

ৰাহুল গান্ধীয়ে মণিপুৰক ভাল পায়; ৰাজ্যসভাত নৰেন্দ্ৰ মোদীয়ে কোৱা কথা মিছা: কেইশাম মেঘচন্দ্ৰ - Rahul Gandhi Manipur visit

Rahul Gandhi Manipur visit: ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণক লৈ যথেষ্ট আশাবাদী প্ৰদেশ কংগ্ৰেছ । ৰাহুল গান্ধীৰ ভ্ৰমণৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেইশাম মেঘচন্দ্ৰ সিঙে কয় যে ৰাহুল গান্ধীয়ে মণিপুৰক ভাল পায় যাৰ বাবে তেওঁ পুনৰ ৰাজ্যখন ভ্ৰমণ কৰিছে । আনহাতে লোকসভাত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখন সন্দৰ্ভত দিয়া মন্তব্য সঁচা নহয় বুলিও দাবী কৰে ।

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 1:47 PM IST

Rahul Gandhi Manipur visit
ৰাহুল গান্ধীয়ে মণিপুৰক ভাল পায় বাবে পুনৰ ভ্ৰমণ কৰিছে : কেইশম মেঘাচন্দ্ৰ (ETV Bharat)

তেজপুৰ,৮ জুলাই : "ম্যানমাৰৰ ৰাজনৈতিক অস্থিৰতা আৰু উন্মুক্ত আন্তঃৰাষ্ট্ৰীয় সীমান্ত মণিপুৰৰ পৰিস্থিতিৰ মূল কাৰণ । ৰাহুল গান্ধীয়ে মণিপুৰক ভাল পায়, মণিপুৰৰ জনসাধাৰণৰ প্ৰতি শ্ৰদ্ধা আছে, সেয়েহে তেওঁ পুনৰ হিংসাজর্জৰ মণিপুৰলৈ ভ্ৰমণ কৰিব ।" এই মন্তব্য মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ কমিটীৰ সভাপতি কেইশাম মেঘচন্দ্ৰ সিঙৰ । ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত মেঘচন্দ্ৰই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসভাৰ ভাষণত মণিপুৰৰ বিষয়ে কৰা মন্তব্য সঁচা নহয়, কাৰণ মণিপুৰ এতিয়াও হিংসাৰ মাজতে আছে ।

ৰাহুল গান্ধীয়ে মণিপুৰক ভাল পায়: কেইশাম মেঘচন্দ্ৰ (ETV Bharat)

মেঘচন্দ্ৰই কয় যে মণিপুৰৰ হিংসাত্মক ঘটনা আৰম্ভ হোৱাৰ পিচত ৰাহুল গান্ধীৰ এয়া তৃতীয়টো ভ্ৰমণ । মেঘচন্দ্ৰৰ মতে ৰাহুল গান্ধীয়ে মণিপুৰক ভাল পায়, যাৰ বাবে লোকসভা নিৰ্বাচনত জয়ী হৈ বিৰোধী দলৰ দলপতি হিচাপে তেওঁ অশান্ত মণিপুৰৰ পৰিস্থিতিৰ বুজ ল'বলৈ ভ্ৰমণ কৰিব । যোৱা ৬ জুনত জিৰিবাম জিলাত হোৱা হিংসাত্মক ঘটনাৰ পিচত পুনৰ বহু লোক গৃহহীন হৈ পৰিছে আৰু বহু লোকে অসমৰ কাছাৰ জিলাত থকা শৰণাৰ্থী শিবিৰত আশ্ৰয় লৈ আছে ।

মণিপুৰত যোৱা ২০২৩ চনৰ ৩ মে'ত জনজাতীয় ছাত্ৰ সংগঠনৰ এক সমদলৰ পিচতে হিংসাত্মক ঘটনা সংঘটিত হয় আৰু তাৰ পিচত মণিপুৰত মেইটেই সম্প্ৰদায়ৰ বহু লোকৰ ঘৰ জ্বলাই দিয়া হৈছিল । তাৰ পিচতে মেইটেই আৰু কুকি সম্প্ৰদায়ৰ তীব্ৰ সংঘৰ্ষ আৰম্ভ হয় । ইতিমধ্যে এই ঘটনাই এটা বছৰ সম্পূৰ্ণ কৰিছে । বৰ্তমানলৈকে ৬০,০০০ লোক গৃহহীন হৈ পৰিছে আৰু তেওঁলোক বৰ্তমান আশ্ৰয় শিবিৰত আছে বুলি জানিবলৈ দিয়ে মেঘচন্দ্ৰই ।

মেঘচন্দ্ৰৰ মতে এনে আশ্ৰয় শিবিৰত এজন লোক সদায় থকাটো সম্ভৱ নহয় । যাৰ ফলত শনিবাৰে এজন লোকে আত্মহত্যা কৰে বুলি তেওঁ অভিযোগ কৰে । মেঘচন্দ্ৰৰ মতে আশ্ৰয় শিবিৰত ধনৰ নাটনি, স্বাস্থ্য সেৱাকে ধৰি বিভিন্ন সমস্যা আছে । যাৰ বাবে অসহায় লোকে আত্মহত্যাৰ দৰে পথ বাছি ল'বলগীয়া হৈছে । ইটিভি ভাৰতক তেওঁ কয় যে মণিপুৰৰ সমস্যা এক আন্তঃৰাষ্ট্ৰীয় সমস্যা আৰু আন্তঃৰাষ্ট্ৰীয়ভাৱে ইয়াৰ সমাধান কৰিব লাগিব অৰ্থাৎ ম্যানমাৰৰ সীমান্ত সমস্যাৰ সমাধান কৰিব লাগিব । কিন্তু কেন্দ্ৰীয় চৰকাৰে এই বিষয়ে আলোচনা বা ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত মণিপুৰৰ সমস্যা দীৰ্ঘদিনীয়া হৈ পৰিছে বুলি মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে অভিযোগ কৰে ।

মেঘচন্দ্ৰই লগতে কয় যে ম্যানমাৰৰ ৰাজনৈতিক অস্থিৰতা আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে অবাধ অনুপ্ৰৱেশৰ বাবে মণিপুৰ অশান্ত হৈ আছে । কেন্দ্ৰীয় চৰকাৰে উন্মুক্ত সীমা সমস্যাৰ সমাধান কৰিবলৈ কোনো চেষ্টা গ্ৰহণ কৰা নাই বুলিও তেওঁ অভিযোগ কৰে । মেঘচন্দ্ৰই ৰাহুল গান্ধীক আদৰিবলৈ জিৰিবাম জিলাত উপস্থিত হৈ নিশা এই মন্তব্য কৰে । তেওঁ কয় যে সোমবাৰে ৰাহুল গান্ধী পুৱা ৯ বজাত শিলচৰ বিমানবন্দৰৰ পৰা পোনে পোনে লক্ষীপুৰৰ ফুলেৰতল আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি পুনৰ পথেৰে মণিপুৰৰ জিৰিবাম জিলালৈ যাব । জিৰিবামত গৈ ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ বুজ লৈ পুনৰ শিলচৰ বিমানবন্দৰলৈ উভতি আহিব ৰাহুল গান্ধী ।

শিলচৰৰ পৰা বিশেষ বিমানযোগে তেওঁ ইম্ফলত উপস্থিত হৈ চূৰাচান্দপুৰ মাণ্ডপ আৰু টুইবং আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি বিষ্ণুপুৰ জিলাৰ মৈৰাঙত থকা এখন চৰকাৰী বিদ্যালয়ৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰিব । সন্ধিয়া ইম্ফলত মণিপুৰৰ ৰাজ্যপালক সাক্ষাৎ কৰি তেওঁ বিশেষ বিমানযোগে ৰায়বৰেলী লৈ উভতিব ।

লগতে পঢ়ক :শিলচৰ বিমানবন্দৰত উপস্থিত কংগ্ৰেছ নেতা ৰাহুল গান্ধী; পোনে পোনে ৰাওনা মণিপুৰলৈ - Rahul Gandhi’s Visit To Manipur

ABOUT THE AUTHOR

...view details