লখিমপুৰ, 6 আগষ্ট: লখিমপুৰৰ প্ৰস্তাৱিত উৰণ সেতুৱে পেটৰ ভাত কাঢ়িব তিনি শতাধিক পৰিয়ালৰ । এই আশংকা প্ৰকাশ কৰি জিলা আয়ুক্তলৈ স্মাৰকপত্র প্ৰদান কৰে ব্যৱসায়ীসকলে । লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা মাথো 500 মিটাৰমান দূৰত্বত নকাৰী এলেকাত আছে এটা ৰে’লৱে ক্ৰ'ছিং ৷ সদাব্যস্ত এই পথটোৱে লখিমপুৰ মেডিকেল কলেজ, বিমান বন্দৰ, সেনা ছাউনি, পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, অসম আৰক্ষীৰ বেটেলিয়নৰ ছাউনি আদি বহু গুৰুত্বপূৰ্ণ স্থানক সংযোগ কৰিছে । যাৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা চাবতি-লীলাবাৰী আদি অঞ্চলক সংযোগ কৰা এই গুৰুত্বপূৰ্ণ পথটো দিনে নিশাই যান-জঁটে দেখা দিয়ে ।
বিশেষকৈ নকাৰী ৰে’লৱে ক্ৰ'ছিঙত গেট বন্ধ হৈ থকাৰ সময়ত যান-বাহনৰ অত্যধিক ভিৰ পৰিলক্ষিত হয় । যাৰ ফলত মেডিকেল কলেজলৈ অহা ৰোগীৰ অৱস্থা বৰ্ণনাতীত হৈ পৰে । সেয়ে এই ক্ৰ'ছিঙত এখন উৰণ সেতু নির্মাণৰ দাবী উঠি আহিছিল । শেহতীয়াকৈ চৰকাৰে নকাৰী ৰে’লৱে ক্ৰ'ছিঙত এখন উৰণ সেতু নির্মাণৰ প্ৰস্তুতি লৈ ইতিমধ্যে প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰিছে ৷ প্ৰায় দুবছৰৰ সময় সীমাৰ ভিতৰত উৰণ সেতুখনৰ নিৰ্মাণ সম্পূর্ণ কৰাৰ লক্ষ্য লৈছে চৰকাৰে ।
সম্প্রতি নিৰ্মাণ কৰিবলৈ লোৱা এই উৰণ সেতুখনক লৈ ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উৰণ সেতুখনে স্থানীয় তিনি শতাধিক ব্যৱসায়িক পৰিয়ালৰ পেটৰ ভাত কাঢ়ি নিব বুলি আশংকা প্ৰকাশ কৰা হৈছে ।