অসম

assam

ETV Bharat / state

কাটিগড়াত মন্ত্ৰী পীযুষ হাজৰীকাৰ সম্মুখত বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থক পহুখেদা - Kamalakhya Dey Purkayastha

Kamalakhya Dey Purkayastha: কাটিগড়াত মন্ত্ৰী পীযুষ হাজৰীকাৰ সম্মুখত বিধায়ক কমলাক্ষ দে' পুৰকায়স্থক পহুখেদা । কাটিগড়াৰ বিজেপি কৰ্মীয়ে কংগ্ৰেছৰ দালাল বুলি অভিযোগ উত্থাপিত কৰি কমলাক্ষক দিলে পহুখেদা । ঘটনাক লৈ কাটিগড়াৰ স্থানীয় বিজেপি কৰ্মী আৰু কমলাক্ষৰ সমৰ্থকৰ মাজত ঠেলা-হেঁচা । ভিৰৰ মাজত কমলাক্ষৰ ওপৰত আক্ৰমণ । জলসম্পদ বিভাগৰ বিষয়াৰ বাহনত উঠি পলায়ন কমলাক্ষৰ ।

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 4:25 PM IST

Kamalakhya Dey Purkayastha
কমলাক্ষ দে’ পুৰকায়স্থক পহুখেদা (ETV Bharat Assam)

শিলচৰ, ২০ জুলাই: কাছাৰৰ কাটিগড়াৰ ভাৰত-বাংলাদেশ সীমান্তত উপস্থিত হৈ আজি অৰ্থাৎ শনিবাৰে বিকল শ্লুইছ গেট পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই ৷ মন্ত্ৰী হাজৰীকাৰ এই পৰিদৰ্শনৰ সময়ত তেওঁৰ লগত উপস্থিত থাকে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ । মন্ত্ৰী পীযুষ হাজৰীকাৰ পৰিদৰ্শনৰ সময়ত তেওঁৰ লগত কমলাক্ষ দে’ক দেখি ৰুদ্ৰমূৰ্তি ধাৰণ কৰে কাটিগড়াৰ স্থানীয় বিজেপি কৰ্মীসকল । আৰম্ভ কৰে কমলাক্ষ দে’ গ’ বেক, কমলাক্ষ দে’ মুৰ্দাবাদ ধ্বনি ।

কমলাক্ষ দে’ পুৰকায়স্থক পহুখেদা (ETV Bharat Assam)

লগতে পঢ়ক:বিপদত পৰিছে কংগ্ৰেছত থাকি বিজেপি চৰকাৰক সমৰ্থন জনোৱা তিনি বিধায়ক - LOK SABHA ELECTION 2024

আনকি মন্ত্ৰীৰ সম্মুখতে কাটিগড়া কালাইন মণ্ডল বিজেপিৰ সভাপতি নিত্য গোপাল দাসৰ মুখৰ পৰা ওলাল কমলাক্ষ গ’ বেক ধ্বনি । উত্তেজিত বিজেপি কৰ্মীসকলে মন্ত্ৰী পীযুষ হাজৰীকাৰ সম্মুখতে পহুখেদা দিয়ে বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থক । এটা সময়ত ঘটনাক কেন্দ্ৰ কৰি কাটিগড়াৰ স্থানীয় বিজেপি কৰ্মী আৰু বিধায়ক কমলাক্ষ দে‘ পুৰকায়স্থৰ সমৰ্থকৰ মাজত ঠেলা-হেঁচা আৰম্ভ হয় । ইফালে অৱস্থা বিষম দেখি জলসম্পদ বিভাগৰ এজন বিষয়াৰ গাড়ীত উঠি পলায়ন কৰে বিধায়ক কমলাক্ষ দে‘ পুৰকায়স্থই ।

উল্লেখ্য যে, উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে‘ পুৰকায়স্থই যোৱা কেইদিনমান ধৰি কাছাৰৰ কাটিগড়াত তৎপৰ হোৱা পৰিলক্ষিত হৈছে । খবৰ মতে ২০২৬ ৰ নিৰ্বাচনত কাছাৰৰ কাটিগড়াত বিজেপি প্ৰাৰ্থী হোৱাৰ মন কমলাক্ষ দে’ পুৰকায়স্থৰ । এই খবৰ কাছাৰৰ কাটিগড়াত বিয়পি পৰাৰ লগে লগে কাটিগড়াৰ স্থানীয় বিজেপি কৰ্মীৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে আৰু বিজেপি কৰ্মীৰ এই ক্ষোভ আজি মন্ত্ৰী পীযুষ হাজৰীকাৰ সম্মুখত বহিঃপ্ৰকাশ ঘটে ।

লগতে পঢ়ক:বাৰিষাৰ পিছতে আৰম্ভ হ’ব মথাউৰি নিৰ্মাণৰ কাম: মন্ত্ৰী পীযুষ হাজৰীকা - Assam Flood 2024

বৰাকৰ ছিগা মথাউৰি আৰু বিকল শ্লুইছ গেট পৰিদৰ্শন কৰিবলৈ শুকুৰবাৰে বৰাকত উপস্থিত হয় জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা । শুকুৰবাৰে কৰিমগঞ্জ আৰু হাইলাকান্দিৰ ছিগা মথাউৰি আৰু বিকল শ্লুইছ গেট পৰিদৰ্শন কৰাৰ পাচত আজি কাছাৰৰ কাটিগড়াত উপস্থিত হয় মন্ত্ৰী হাজৰীকা ৷ মন্ত্ৰীৰ লগত বিধায়ক কমলাক্ষ দে‘ পুৰকায়স্থক দেখি ক্ষোভিত হৈ পৰে বিজেপি কৰ্মীসকল ৷ যাৰ বাবে তেওঁলোকে পহুখেদা দিয়ে বিধায়ক পুৰকায়স্থক ।

ABOUT THE AUTHOR

...view details