অসম

assam

By ETV Bharat Assamese Team

Published : 4 hours ago

ETV Bharat / state

ধৰ্ষণত অভিযুক্তক ফাঁচিৰ দাবীত আৰক্ষী চকী ঘেৰাও-মুণ্ডন - Lakhimpur rape case

Minor rape in Lakhimpur: ৰাজ্যত ধৰ্ষণৰ ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্য়াহত থকাৰ সময়তেই পুনৰ সংঘটিত হয় এক লজ্জাজনক ঘটনা । পখিলা খেদা বয়সতেই এটি নিষ্পাপ শিশু কামনাৰ বলি হয় এজন ৬০ ঊৰ্ধ্বৰ লোকৰ । ইয়াৰ পিছতেই প্ৰতিবাদৰ জোৱাৰ । ওলাই আহিল আছুৰ লগতে অসমীয়া যুৱ মঞ্চ, অসম জাতীয়তাবাদী যুৱ পৰিষদ, টি এম পি কে, টি এম এম কে, এম এম কে ।

Minor rape in Lakhimpur
ধৰ্ষণত অভিযুক্তৰ ফাঁচিৰ দাবী (ETV Bharat Assam)

লখিমপুৰ,২৮ ছেপ্টেম্বৰ :ধৰ্ষণত অভিযুক্তৰ ফাঁচিৰ দাবীত উত্তাল লখিমপুৰ । ৬০ ঊৰ্ধ্বৰ লোকৰ ঘৃণনীয় কাৰ্যৰ বিৰুদ্ধে শনিবাৰে আছুৰ লগতে কেইবাটাও সংগঠনে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । আছুৱে ৰাইজৰ সহযোগত আৰক্ষী চকী ঘেৰাও কৰে । ইপিনে, লালুক অঞ্চলো উত্তাল হৈ পৰে অভিযুক্তক ফাঁচি দিয়াৰ দাবীত । প্ৰতিবাদী ছাত্ৰনেতাই কৰিলে মুণ্ডন ।

ধৰ্ষণত অভিযুক্তৰ ফাঁচিৰ দাবী

ধৰ্ষণত অভিযুক্ত দুলাল বৰভূঞাৰ ফাঁচিৰ দাবীত উত্তাল হ'ল হাৰমতি আৰক্ষী চকী । সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাই প্ৰতিবাদী সমদল উলিয়াই হাৰমতী আৰক্ষী চকীত উত্তাল পৰিবেশৰ সৃষ্টি কৰে । কাৰাগাৰত ভাত খুৱাই পুহি ৰখাৰ পৰিৱৰ্তে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ কৰি দুলাল বৰভূঞাক ফাঁচি দিয়াৰ দাবী জনাই ছাত্র সন্থাৰ নেতৃত্বই ।

ধৰ্ষণত অভিযুক্তৰ ফাঁচিৰ দাবী (ETV Bharat Assam)

উল্লেখ্য় যে দুলাল বৰভূঞা নামৰ লোকজনে শুকুৰবাৰে বিয়লি এটি ছয় বছৰীয়া শিশুক ধৰ্ষণ কৰি পলাতক অৱস্থাত আছিল । পৰৱৰ্তী সময়ত নিশাই পলাই থকা স্থানৰ পৰা ৰাইজৰ সহযোগত অভিযুক্তক আৰক্ষীয়ে আটক কৰে । সম্প্রতি লখিমপুৰ সদৰ থানাত আৰক্ষীয়ে জেৰা কৰি আছে এই লোকজনক ।

দৈনিক ধৰ্ষণ,হত্যা,শিশু নিৰ্যাতনে চৌদিশ কঁপাই তোলাৰ সময়তে শুকুৰবাৰে বিয়লি লখিমপুৰ জিলাৰ হাৰমতীৰ বগলীত শিশু কন্যা ধৰ্ষণৰ বলি হয় । হাৰমতি আৰক্ষী চকীৰ অন্তৰ্গত ১নং বগলীৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ এখন দোকানৰ পিছফালে দুলাল বৰভূঞা নামৰ ৬০ উৰ্ধৰ লোকজনে ধৰ্ষণ কৰি পলায়ন কৰে ।

নিশাই লখিমপুৰ সদৰ আৰক্ষী থানালৈ নিয়া হয় অভিযুক্তক

এই ঘটনাটো সংঘটিত কৰিয়েই জংঘলত পলাই আছিল যদিও নিশা স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে অভিযুক্তজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয় । ইয়াৰ পিছতেই নিশাই লখিমপুৰ সদৰ আৰক্ষী থানালৈ নিয়া হয় অভিযুক্ত দুলাল বৰভূঞাক । এই লৈ শনিবাৰে প্ৰতিবাদত উত্তাল হৈ পৰে হাৰমতি আৰক্ষী চকী । এই প্ৰতিবাদী কাৰ্যসূচীত ছাত্র সন্থাৰ সীমান্ত নেওগ, ক্ষীৰোদ দুৱৰা, পুনম জ্যোতি বুঢ়াগোঁহাই আদি উপস্থিত থাকে ।

লালুকত পথ অৱৰোধ

শনিবাৰে পুৱাৰে পৰা জিলাখনৰ বিভিন্ন স্থানত প্ৰতিবাদ আৰম্ভ হয় । লালুক অঞ্চলতো দলে বলে ওলাই আহে ৰাইজ । অসমীয়া যুৱ মঞ্চ, অসম জাতীয়তাবাদী যুৱ পৰিষদ, টি এম পি কে, টি এম এম কে, এম এম কে আদি বহুকেইটা সংগঠনৰ নেতা কৰ্মী ওলাই আহে । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদী সমদল কৰাৰ লগতে বহুসময় ধৰি অৱৰোধ কৰে ।

মুণ্ডন কৰি প্ৰতিবাদ

অসমীয়া যুৱ মঞ্চৰ কেন্দ্রীয় সম্পাদক অনুপম শইকীয়া, জিলাৰ সাংস্কৃতিক সম্পাদক পৰাগ শইকীয়াই মুণ্ডন কৰি প্ৰতিবাদ জনায় । ধৰ্ণা, প্ৰতিবাদী সমদল, পথ অৱৰোধ, মুণ্ডন আদিৰে শ শ প্ৰতিবাদকাৰীয়ে সমগ্র অঞ্চলটো কঁপাই তোলে। বাংলাদেশী গ' বেক, ধৰ্ষণকাৰীক ফাঁচি দিয়ক, ধৰ্ষণকাৰীক মৃত্যুদণ্ড দিয়ক, আৰক্ষীয়ে নোৱাৰিলে ধৰ্ষণকাৰীক ৰাইজৰ হাতত গতাই দিয়ক আদি শ্লোগানেৰে পৰিৱেশ উত্তপ্ত কৰি তোলে ।

লগতে পঢ়ক:জঘন্য ঘটনা;৬০ ঊৰ্ধ্বৰ কামনাৰ বলি নাবালিকা - Lakhimpur rape case

পাৰ্টী কৰাৰ চলেৰে ল'জত ছাত্ৰীক দলবদ্ধ ধৰ্ষণ - Rape In Guwahati

ABOUT THE AUTHOR

...view details