নিউজ ডেস্ক, 17 আগষ্ট:কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ধৰ্ষণকাণ্ডক লৈ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে । কৰ্মৰত অৱস্থাত চিকিৎসা মহাবিদ্যালয়খনৰ এগৰাকী মহিলা স্নাতকোত্তৰ শিক্ষাৰ্থীক ধৰ্ষণ কৰি নিৰ্মমভাৱে হত্যা কৰা ঘটনাৰ ন্যায় দাবী কৰি অসমতো প্ৰতিবাদ অব্যাহত আছে ।
যোৰহাটত প্ৰতিবাদ
শুকুৰবাৰে যোৰহাট জিলা ছাত্র সন্থাৰ উদ্যোগত জিলাখনৰ বিভিন্ন মহাবিদ্যালয়ৰ শিক্ষাৰ্থী সমাজ ওলাই আহে ৰাজপথলৈ । সকলো শিক্ষাৰ্থীয়ে হাতে হাতে মম বাতি লৈ যোৰহাটৰ ৰাজপথৰে এক প্ৰতিবাদী সমদল উলিয়ায় । তৰুণী চিকিৎসকগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ সৈতে জড়িত নৰপিশাচক কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবী জনায় ।
ইয়াৰ লগতে মহিলাসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবেও দাবী জনায় ।
বৰপেটাৰোডত প্ৰতিবাদ
কলিকতাৰ আৰ জি কৰ মেডিকেল কলেজৰ মহিলা চিকিৎসকক গণ ধৰ্ষণ কৰি হত্যা কৰাৰ প্ৰতিবাদত শুকুৰবাৰৰ সন্ধিয়া বৰপেটাৰোডত মমবাতি লৈ প্ৰতিবাদী সমদল উলিওৱা হয় । বৰপেটাৰোডৰ IMA হাউচৰ উদ্যোগত গ্ৰহণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচীৰ ৷ ঘটনাৰ সৈতে জড়িতসকলক কৰায়ত্ত কৰি কঠোৰ শাস্তিৰ দাবী তুলিছে ক্ষোভিত চিকিৎসকসকলে ৷