অসম

assam

ETV Bharat / state

পশ্চিমবংগত চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ - RG Kar Medical College rape case - RG KAR MEDICAL COLLEGE RAPE CASE

Doctors protest: পশ্চিমবংগত চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাক লৈ উত্তাল পৰিৱেশ । ভুক্তভোগী পৰিয়ালক ন্যায় প্ৰদান আৰু চিকিৎসকৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবীত প্ৰতিবাদ অসমৰ বিভিন্ন প্ৰান্ততো ।

Protests in Assam against rape and murder of doctor in West Bengal
পশ্চিমবংগত চিকিৎসকক ধৰ্ষণ কৰি হত্যা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 16, 2024, 10:42 PM IST

শিলচৰ/তেজপুৰ,১৬ আগষ্ট: কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ধৰ্ষণকাণ্ডক লৈ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে । কৰ্মৰত অৱস্থাত চিকিৎসা মহাবিদ্যালয়খনৰ এগৰাকী মহিলা স্নাতকোত্তৰ শিক্ষাৰ্থীক ধৰ্ষণ কৰি নিৰ্মমভাৱে হত্যা কৰা ঘটনাক লৈ চাঞ্চল্য বিয়পিছে অসমতো । সমগ্ৰ দেশৰ লগতে শিলচৰতো দেখা গৈছে একেই দৃশ্য । ঘটনাৰ প্ৰতিবাদত শিলচৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসকসহ চিকিৎসাকৰ্মীসকলৰ প্ৰতিবাদী কাৰ্যসূচী । মেডিকেল কলেজৰ চৌহদত শ শ চিকিৎসকৰ উত্তাল প্ৰতিবাদ ৷ উক্ত ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দি চিকিৎসকসকলৰ নিৰাপত্তাসহ ঘটনাৰ লগত জড়িত লোকসকলৰ কঠোৰ শাস্তিৰ দাবী জনাই শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসাসহ চিকিৎসাকৰ্মীসকলে ।

পশ্চিমবংগত চিকিৎসকক ধৰ্ষণ কৰি হত্যা (ETV Bharat Assam)

তেজপুৰতো প্ৰতিবাদ:

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে পশ্চিমবংগৰ কলকাতাত স্বাধীনতা দিৱস উদযাপনৰ প্ৰকক্ষণত চিকিৎসকগৰাকীৰ ধৰ্ষণ আৰু হত্যাৰে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী জনাই দৰং কলেজত ছাত্ৰ-ছাত্ৰীৰ বিশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ তেজপুৰৰ দৰং মহাবিদ্যালয় আছু গোটৰ উদ্যোগত আৰু মহাবিদ্যালয়খনৰ ছাত্ৰী নিবাস আৰু ছাত্ৰাবাসৰ সহযোগত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ।

শুকুৰবাৰে সন্ধিয়া দৰং মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ কাষত কলকাতাৰ আৰ জি কৰ হাস্পতালৰ কৰ্মৰত চিকিৎসকগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰে এই জঘন্যকাণ্ডৰ বিৰুদ্ধে মমবাতি জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰছাত্ৰীসকলে । এই পাশৱিক ঘটনাৰ বিৰুদ্ধে মহাবিদ্যালয়খনৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰি এই জঘন্য কাণ্ডৰে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় ।

আনহাতে, বিজেপিৰ শোণিতপুৰ জিলা মহিলা মৰ্চায়ো তেজপুৰত সন্ধিয়া এক মৌন সমদল উলিয়াই কলকাতাত সংঘটিত এই জঘন্যকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । বিজেপিৰ শোণিতপুৰ জিলাৰ সভানেত্ৰী দীপামণি শইকীয়াৰ নেতৃত্বত সন্ধিয়া ছয় বজাত মমবাতি লৈ মহিলা মৰ্চাৰ সদস্যা সকলে তেজপুৰ আদালত চাৰিআলিলৈকে মৌন প্ৰতিবাদী সমদল উলিয়াই এই ঘটনাৰে জড়িত সকলৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী জনায় ।

লগতে পঢ়ক:কলকাতাৰ চিকিৎসক ধৰ্ষণৰ ঘটনাৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ চিকিৎসকৰ - Doctors Protest

চিকিৎসকক ধৰ্ষণ-হত্যা: 12 ঘণ্টীয়া সাধাৰণ ধৰ্মঘটৰ আহ্বান SUCI (C) ৰ - RG Kar Medical College rape case

ABOUT THE AUTHOR

...view details