অসম

assam

ETV Bharat / state

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কা বিৰোধী প্ৰতিবাদ - Anti Caa protest in Assam

Anti Caa protest in Assam: ৰাজ্যৰ বিভিন্ন প্ৰান্তত কা বিৰোধী প্ৰতিবাদ ৷ সোমবাৰে ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে কংগ্রেছ দলে । বিৰোধী ঐক্য মঞ্চৰ উদ্যোগত মৰিগাঁৱতো কা বিৰোধী প্ৰতিবাদ ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কা বিৰোধী প্ৰতিবাদ
ৰাজ্যৰ বিভিন্ন প্ৰান্তত কা বিৰোধী প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 3:52 PM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কা বিৰোধী প্ৰতিবাদ

নিউজ ডেস্ক, 11 মাাৰ্চ: সোমবাৰে বিৰোধী ঐক্য মঞ্চৰ উদ্যোগত মৰিগাঁৱত কা বিৰোধী প্ৰতিবাদ । চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল হৈ পৰা পৰিলক্ষিত হৈছে । মৰিগাঁও জিলা কংগ্ৰেছ কমিটীৰ সভাপতি আৰু অসম জাতীয় পৰিষদৰ সভাপতি জয়ন্ত কুমাৰ ডেকাই কাৰ্যসূচীত অংশগ্ৰহণ কৰি কটু ভাষাৰে সমালোচনা কৰে ৰাজ্য চৰকাৰক ।

অজাপৰ নেতা জয়ন্ত কুমাৰ ডেকাই বিজেপি চৰকাৰখনে পূৰ্বে অসম চুক্তি অনুসৰি 1971 চনৰ পিচত অহা সকলো বিদেশী বিতাড়িত কৰা হ’ব বুলি প্ৰতিশ্ৰুতি আগবঢ়াইছিল যদিও নিৰ্বাচনী প্ৰতিশ্ৰতি পালনত ব্যৰ্থ বুলি সমালোচনা কৰে ।

আনহাতে, তেজপুৰত আজি জিলা কংগ্ৰেছৰ নেতৃত্বত স্থানীয় আদালত চাৰিআলিত কা বাতিলৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয় । লোকসভা নিৰ্বাচনৰ প্ৰকমুহূর্তত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে জাতিধ্বংসী কা আইন বলবৎৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে তেজপুৰ জিলা কংগ্ৰেছ ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কা বিৰোধী প্ৰতিবাদ

অমিত শ্বাহ হাই হাই, বিজেপি চৰকাৰ গ'বেক ধ্বনিৰে উত্তাল হৈ পৰে প্ৰতিবাদস্থলী । আইনখনক অসাংবিধানিক, অগণতান্ত্ৰিক আৰু সাম্প্ৰদায়িক আখ্যা দি এই আইন বলবৎ হ’লে অসমীয়া জাতি অস্তিত্বৰ সংকটত পৰিব বুলি কয় জিলা কংগ্ৰেছে ।

আনহাতে, লখিমপুৰত কাৰ বিৰুদ্ধে লখিমপুৰ জিলা কংগ্রেছে সাব্যস্ত কৰিছে প্ৰতিবাদ । কোনো কাৰণতে কা অসমত বলবৎ কৰিবলৈ দিয়া নহ’ব বুলি লখিমপুৰ জিলা কংগ্রেছে সোমবাৰে ৰাজ্য চৰকাৰক সকীয়নি প্ৰদান কৰে । এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্রহণ কৰি জিলা কংগ্রেছৰ সভাপতি গগন বৰাই কয়, "নাগৰিকত্ব সংশোধনী আইনৰ প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই কংগ্রেছে ইয়াৰ বিৰোধিতা কৰি আহিছে । কংগ্রেছৰ উপৰি বহু সংগঠনে কা ৰ বিৰোধিতা কৰি আহিছে যদিও চৰকাৰে কা বলবৎ কৰাৰ বাবেহে উঠিপৰি লাগিছে । চৰকাৰে বলপূৰ্বক কা জাপি দিব বিচাৰিছে । যাৰ বাবে ইতিমধ্যে পাঁচজন যুৱক শ্বহীদ হৈছে । অসমত আৰু অধিক বিদেশীৰ বোজা জাপি দিবলৈ দিয়া নহ’ব ।"

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কা বিৰোধী প্ৰতিবাদ

প্ৰতিবাদী কাৰ্যসূচীত জিলা কংগ্রেছৰ সভাপতি গগন বৰাৰ লগতে উদয় শংকৰ হাজৰিকাসহ ভালেমান কংগ্রেছ কৰ্মীয়ে অংশগ্রহণ কৰে ।

লগতে পঢ়ক:কা বাতিলৰ দাবীত ১২ ঘণ্টীয়া অনশন আছুৰ লগতে 30 জাতীয় জনগোষ্ঠীয় দল-সংগঠনৰ

ABOUT THE AUTHOR

...view details