অসম

assam

প্ৰতিবাদ অব্যাহত, স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত তীব্ৰ প্ৰতিবাদ কংগ্ৰেছৰ - Smart Electricity Meter

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 10:22 PM IST

Protest Against Smart Meter: আদানীৰ লগত চুক্তি কৰি ৰাইজৰ প্ৰতিবাদতো স্মাৰ্ট মিটাৰ ওভোতাই দিব পৰা নাই মুখ্যমন্ত্ৰীয়ে । এই অভিযোগ উত্থাপন কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছে । নলবাৰীত প্ৰতিবাদত অংশ ল'লে ন-কংগ্ৰেছী অশোক শৰ্মায়ো ।

Protest against smart electricity meter by congress all over Assam
স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত তীব্ৰ প্ৰতিবাদ কংগ্ৰেছৰ (ETV Bharat Assam)

নলবাৰী/বাক্সা,২৯ আগষ্ট: স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে সাব্যস্ত হৈছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী । বিভিন্ন দল-সংগঠনৰ সমান্তৰালভাৱে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে গৰজি উঠিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটী । ৰাজ্যৰ বিভিন্ন প্ৰান্তত বুধবাৰে কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদ । ধাৰাবাহিকভাৱে বৃহস্পতিবাৰৰ দিনটোতো কংগ্ৰেছ কৰ্মীসকলে অব্যাহত ৰাখে প্ৰতিবাদ ।

স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত তীব্ৰ প্ৰতিবাদ কংগ্ৰেছৰ (ETV Bharat Assam)

নলবাৰীত স্মাৰ্ট বিৰোধী প্ৰতিবাদত নামিল ন-কংগ্ৰেছী অশোক শৰ্মা:

নলবাৰী সমষ্টিত স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত কংগ্ৰেছে ৰূপায়ণ কৰে ধৰ্ণা কাৰ্যসূচী । নলবাৰী চহৰস্থিত এ পি ডি চি এলৰ কাৰ্যালয়ত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ নিপাত যাওক, স্মাৰ্ট মিটাৰৰ লুণ্ঠন বন্ধ কৰক ইত্যাদি ভিন্ন প্ৰতিবাদী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে । আনহাতে এই প্ৰতিবাদত অংশ লৈ ন-কংগ্ৰেছী অশোক শৰ্মাক দেখা গ'ল বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ হোৱা ।

বিজেপি নেতৃত্বাধীন চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰে ন-কংগ্ৰেছী তথা প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাই । অসমত হিমন্ত বিশ্ব শৰ্মাই একনায়কত্ববাদী তথা হিটলাৰী শাসন চলাই থকা বুলি মন্তব্য কৰে । আদানীৰ লগত বৃহৎ চুক্তি কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্মাৰ্ট মিটাৰেৰে লুণ্ঠন চলাই অহাৰ অভিযোগ উত্থাপন কৰে ।

ইয়াৰোপৰি মুখ্যমন্ত্ৰীয়ে ৰাইজৰ প্ৰতিবাদ দেখি এনেধৰণে "সাপ হৈ খুটি, বেজ হৈ জাৰি আছে" বুলি প্ৰতিক্ৰিয়া আগবঢ়ায় অশোক শৰ্মাই । অতি শীঘ্ৰে ৰাইজৰ দুৰ্দশাৰ প্ৰতি সন্মান জনাই স্মাৰ্ট মিটাৰসমূহ খুলি নিবলৈ আহ্বান জনাই । অন্যথা আগন্তুক সময়তো কংগ্ৰেছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি যাব বুলি হুংকাৰ প্ৰদান কৰে ।

বাক্সাত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে গৰজি উঠিল কংগ্ৰেছ:

স্মাৰ্ট মিটাৰ সংযোগৰ বিৰোধিতা আৰু অত্যাধিক মাছুলৰ বিৰুদ্ধে বৃহস্পতিবাৰে বাক্সা জিলাৰ বৰমাত বাক্সা জিলা কংগ্ৰেছৰ সভাপতি বুদ্ধদেৱ খাদাংগিৰি, অসম প্ৰদেশ কংগ্ৰেছৰ সহসম্পাদক দিব্যজ্যোতি হালৈ, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জনজাতি বিভাগৰ উপাধ্যক্ষ নিৰেন ৰাভাৰ নেতৃত্বত বৰমাত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় । বৰমা বৈদ্যুতিক উপসংমণ্ডলৰ কাৰ্যালয়ৰ জৰিয়তে এক স্মাৰক পত্ৰ প্ৰদান কৰে ।

যিকোনো প্ৰকাৰে গ্ৰাহকৰ ঘৰৰ পৰা স্মাৰ্ট মিটাৰ আঁতৰাবলৈ দাবী জনাই বিৰোধী দলটোৱে বৰজাৰস্থিত বৰমা বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয়ত উপস্থিত হৈ বিদ্যুৎ বিভাগ হায় হায়, মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হায় হায় ধ্বনিৰে আকাশ বতাহ উত্তাল কৰি তোলে । উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে বাক্সা জিলা কংগ্ৰেছ অৰ্ধশতাধিক নেতা-কৰ্মীয়ে ।

লগতে পঢ়ক:স্মাৰ্ট মিটাৰৰ বিৰুদ্ধ কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদত কঁপিল ৰাজ্য - Smart Electricity Meter

এ পি ডি চি এলৰ শৱযাত্ৰা: স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদত কঁপিল ৰাজ্য - Protest Against Smart Meter

ABOUT THE AUTHOR

...view details