ৰঙিয়া:বুধবাৰে পথ অৱৰোধ কৰি ৰাজপথ কঁপাই তুলিলে ৰঙিয়াৰ সমীপৰ কঞা আৰক্ষী থানাৰ অন্তৰ্গত গড়পুত গাঁৱৰ ৰাইজে । ৰঙিয়া আৰক্ষীৰ কৰ্মত গাফিলতি আৰু ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাৰ বিৰুদ্ধে ৰাইজে এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । অসম পুলিচ হায় হায়, ভৱেশ কলিতাৰ গুণ্ডাগিৰি নচলিব, আমাক ন্যায় লাগে আদি শ্ল'গানেৰে ৰাজপথ কঁপাই তুলিলে প্ৰতিবাদকাৰী জনতাই ।
অভিযোগ অনুসৰি, যোৱা শনিবাৰে ৰঙিয়া আৰক্ষী থানাৰ সমীপৰ পৰা নিৰুদ্দেশ হৈছিল গড়পুত গাঁৱৰ নিবাসী তথা ব্যৱসায়ী ভূপেন ডেকা নামৰ লোকজন । পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছিল । ইফালে ভূপেন ডেকা নিৰুদ্দেশ হোৱাৰ দিনাই নিশা ৯.৪০ বজাত গুৱাহাটীৰ ভূতনাথৰ ৰে'লপথত এটা মৃতদেহ উদ্ধাৰ হৈছিল ।
জি আৰ পি এফে মৃতদেহ উদ্ধাৰৰ সময়ত পোৱা তথ্য সম্বলিত চিঠি ৰঙিয়া আৰক্ষীলৈ পঠিয়াইছিল । কিন্তু ৰঙিয়া আৰক্ষীয়ে চিঠিখন লাভ কৰাৰ পিছতো কোনো গুৰুত্ব নিদিলে । যাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃতদেহটো মৰোণোত্তৰ পৰীক্ষা কৰি অন্তেষ্টিক্ৰিয়া সম্পূৰ্ণ কৰাৰ আগমুহূৰ্ততহে পৰিয়ালৰ লোকসকলে গম পায় । ইয়াৰ বাবে এইক্ষেত্ৰত ৰঙিয়া আৰক্ষীক জগৰীয়া কৰে স্থানীয় লোকসকলে ।