গোলাঘাট,৫ জুলাই:গোলাঘাটৰ মেৰাপানীত ONGC ৰ বিৰুদ্ধে পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ । ONGC কৰ্তৃপক্ষই অসমীয়া ভাষাক অসমতে চৰম অপমান কৰাৰ লগতে তৈলখাদৰ পাৰ্শ্বৱৰ্তী এলেকাসমূহৰ উন্নয়নৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কেইবাটাও সংগঠনে । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,আছু , প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিকে প্ৰমুখ্যে কৰি বহুকেইটা সংগঠনে ONGC ৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।
সংগঠনকেইটাই মেৰাপানীৰ চলং পথাৰস্থিত তৈলখাদৰ সন্মুখত অৱস্থান গ্ৰহণ কৰি অনিৰ্দিষ্টকালৰ বাবে তৈলখাদ কেইটাৰ পথ বন্ধ কৰাৰ হুংকাৰ দিয়ে । অভিযোগ অনুসৰি ONGC কৰ্তৃপক্ষই অসমীয়া ভাষাক অসমতে চৰম অপমান কৰাৰ লগতে তৈলখাদৰ পাৰ্শ্বৱৰ্তী এলেকাসমূহৰ উন্নয়নৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান কৰা নাই । শেহতীয়াকৈ ONGC ৰ এজন অনা অসমীয়া বিষয়াই অসমীয়া ভাষাত আবেদন দাখিল কৰাৰ বাবে এজন লোকক দুৰ্ব্যৱহাৰ কৰাৰ লগতে ONGC ত অসমীয়া ভাষা নচলিব বুলি দম্ভালি মাৰিছিল ।
তাৰোপৰি সমগ্ৰ মেৰাপানী অঞ্চলত ONGC ৰ দহটাতকৈও অধিক তৈলখাদ থকাৰ পাচতো ONGC য়ে স্থানীয় অঞ্চলটোত তিলমানো উন্নয়নৰ কাম নকৰাৰ অভিযোগো দীৰ্ঘদিনীয়া । সেয়েহে শুকুৰবাৰে দল-সংগঠনে স্থানীয় ৰাইজৰ সহযোগত চলং পথাৰ তৈলখাদৰ সন্মুখৰ পথ অৱৰোধ কৰি ONGC ৰ এনে থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।