অসম

assam

ETV Bharat / state

অনা মিচিং ভোটাৰৰ সংখ্যাধিক্য় গাঁও মিচিং স্বায়ত্তশাসিত পৰিষদত অন্তৰ্ভুক্ত ! - Mising Autonomous Council

Notification of determination of MAC area:মিচিং স্বায়ত্তশাসিত অঞ্চল নিৰ্ধাৰণৰ অধিসূচনাৰ পিচতেই বোকাখাতত প্ৰতিক্ৰিয়া । ২য় পৰঙনীয়া গাঁও মিচিং গাঁৱৰ নাম সলনি কৰাত জাঙুৰ খাই উঠিছে ৰাইজ।

Protest against MAC
মিচিং স্বায়ত্তশাসিত পৰিষদত অন্তৰ্ভুক্তিৰ বিৰোধিতা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 27, 2024, 10:36 AM IST

গোলাঘাট, ২৭ আগষ্ট:মিচিং স্বায়ত্তশাসিত অঞ্চল নিৰ্ধাৰণৰ অধিসূনাই কঁপাইছে বোকাখাতৰ বিভিন্ন অঞ্চল । অনা মিচিং ভোটাৰৰ সংখ্যাধিক্য় গাঁও মিচিং স্বায়ত্তশাসিত পৰিষদত অন্তৰ্ভুক্তিৰ বাবে অধিসূচনা জাৰি কৰাৰ পিচতেই জাঙুৰ খাই উঠিছে বোকাখাতৰ কেইবাখনো গাঁৱৰ ৰাইজ । এই অধিসূচনাৰ বিৰোধিতাৰে অনুষ্ঠিত কৰিছে সভা । এই গাঁও সমূহৰ ৰাইজে কোনো কাৰণতেই মিচিং স্বায়ত্তশাসিত পৰিষদত অন্তৰ্ভুক্ত কৰিব নোৱাৰে বুলি চৰকাৰক সকীয়াই দিছে ।

অনা মিচিং ভোটাৰৰ সংখ্যাধিক্য় গাঁও মিচিং স্বায়ত্তশাসিত পৰিষদত অন্তৰ্ভুক্ত! (ETV Bharat Assam)

গোলাঘাট জিলাৰ বোকাখাতত চৰকাৰী অধিসূচনা নং ই ২৯৩১০৩/৬২৮ আৰু ই ২৯৩১০৩/৭৪৭ অনুসৰি অনা মিচিং বসতি প্ৰধান বহু অঞ্চল তালিকাত সন্নিৱিষ্ট কৰা কাণ্ডত জাঙুৰখাই উঠিছে সংশ্লিষ্ট অঞ্চলৰ ৰাইজ । এনে কাণ্ডৰ বিৰোধিতা কৰি সংশ্লিষ্ট অঞ্চলত অনুষ্ঠিত হৈছে ইখনৰ পাছত সিখনকৈ সভা । সোমবাৰে বোকাখাতৰ যোগনীয়া নামঘৰত অনুষ্ঠিত এখন সভাত দ্বিতীয় পৰঙনীয়া গাঁও মিচিং স্বায়ত্তশাসিত পৰিষদত সাঙুৰি লোৱা কাৰ্যক তীব্ৰ বিৰোধিতা কৰে । অঞ্চলটোৰ জ্যেষ্ঠ ব্যক্তি নকুল শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাই এনে কাৰ্য বন্ধ কৰিবলৈ চৰকাৰক আহ্বান জনোৱাৰ লগতে উপস্থিত ৰাইজৰ স্বাক্ষৰ সম্বলিত এক স্মাৰক পত্ৰ মঙলবাৰে জিলা আয়ুক্তক প্ৰদানৰ সিদ্ধান্ত কৰে। লগতে শিলজুৰি কাকজুৰিৰ ৰাইজেও মঙলবাৰে একে উদ্দেশ্যেই স্মাৰক পত্ৰ প্ৰদান কৰিব ।

গাঁৱৰ নামেই সলনি কৰিলে :

উল্লেখযোগ্য যে ২য় পৰঙনীয়া গাঁও মিচিং গাঁও ৰূপে অধিসূচনাত উল্লেখ পালেও এই অঞ্চলৰ ভোটাৰ তালিকাত থকা ১১৬৩ গৰাকী ভোটাৰৰ মাত্ৰ ৩১২ গৰাকীহে মিচিং ভোটাৰ আছে । আনহাতে, তেনেই সীমিত সংখ্যক মিচিং লোকৰহে এই অঞ্চলত ম্যাদী পট্টা আছে । ইয়াৰ লগে লগে ঐতিহাসিকভাৱে শান্তি-সম্প্ৰীতি অটুট থকা অঞ্চলটোত অশান্তিৰ বাতাবৰণ যাতে অনিষ্ট নহয়,সেই বিষয়েও প্ৰশাসনৰ হস্তক্ষেপ বিচাৰিছে ।

অঞ্চলটোৰ এজন সচেতন ব্যক্তিয়ে কয়, "আমাৰ এই গাঁওখন পূৰ্বপুৰুষৰ পৰাই দ্বিতীয় পৰঙনীয়া গাঁও বুলি আমি জানো । কিন্তু এটা চক্ৰই এই গাওঁখন দ্বিতীয় পৰঙনীয়া মিচিং গাঁও কৰি পেলালে য'ত এই গাওঁখনত অনা মিচিং মানুহৰ সৰ্বাধিক মাটীৰ পট্টা আছে । মাত্ৰ চিনি চাৰি ঘৰ মিচিং মানুহৰ ভূমিৰ পট্টা আছে । তাৰ পাছতো অতি কৌশলেৰে ১২৮৯ গৰাকী ভোটাৰ দেখুৱাইছে তাৰে ১১৬০ গৰাকী মিচিং ভোটাৰ আৰু অনা মিচিং ১০০ অধিক দেখুৱা হৈছে । প্ৰকৃততে এই গাঁওখনত অনা মিচিং ভোটাৰৰ সংখ্যা অধিক আছে ।"

কোনো কাৰণত মানি লোৱা নহ'ব অন্তৰ্ভুক্তিৰ নিৰ্দেশ :

তেওঁ পুনৰ কয়,"গাঁওখনত বসবাস কৰা মিচিং সম্প্ৰদায়ৰ লোকসকলক মিচিং স্বায়ত্তশাসিত পৰিষদৰ জৰিয়তে সকলো সুবিধা প্ৰদান কৰক তাত আমাৰ কোনো আপত্তি নাই, কিন্তু এনে পৰিবেশৰ মাজত আমি বসবাস কৰিব নোৱাৰিম । আজি হয়তো চৰকাৰে আমাক আশ্বাস দিব, কিন্তু পাছত নিৰ্বাচনৰ সময়ত আইন সংশোধন কৰিব তেতিয়া আমাৰ সাধাৰণ জনগণ বিপদত কৰিব । গতিকে মিচিং স্বায়ত্তশাসিত পৰিষদৰ ভিতৰত আমাক অন্তৰ্ভুক্ত কৰা কাৰ্য কোনো কাৰণত মানি লোৱা নহ'ব । আমি পুৰ্বপুৰুষৰ ব্যৱস্থা মাজেৰে থাকিব বিচাৰো । "

লগতে পঢ়ক:গোগামুখত মিচিং স্বায়ত্তশাসিত পৰিষদৰ ১০ বছৰীয়া কাৰ্যকালৰ খতিয়ান প্ৰকাশ

মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৪৩৩ গৰাকী কৃতি শিক্ষাৰ্থীক এককালীন সাহাৰ্য বিতৰণ - Mising Autonomous Council

ABOUT THE AUTHOR

...view details