ডিফু, ৪ এপ্রিল : সমাগত লোকসভা নিৰ্বাচন ৷ লোকসভা নির্বাচনৰ দ্বিতীয় পর্যায়ৰ নির্বাচনৰ বাবে ইতিমধ্যে স্বায়ত্তশাসিত জিলা (অঃজঃ) সংসদীয় সমষ্টিৰ বাবে ইতিমধ্যে ৬ গৰাকী প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে । প্রার্থীসকল হৈছে বিজেপিৰ অমৰছিং তিছ', কংগ্রেছৰ জয়ৰাম ইংলেং, এএছডিচিৰ জৎছন বে', এপিএইচএলচিৰ জন ইংতি কাথাৰ, নির্দলীয় বিক্রম হাঞ্চে আৰু গণসুৰক্ষা পার্টীৰ জন বাণার্ড চাংমাই মনোনয়ন পত্ৰৰ লগত দাখিল কৰাৰ লগতে শপতনামাযোগে নিজৰ নিজৰ সম্পত্তিৰ তথ্যও দাখিল কৰে ৷
সম্পত্তিৰ তালিকাত আগত থকা চাৰিগৰাকী প্রার্থীৰ সম্পত্তিৰ তথ্য একাদিক্রমে তলত আগবঢ়োৱা হ'ল :
বিজেপি প্রার্থী অমৰছিং তিছ'ই দাখিল কৰা মনোনয়নৰ লগতে শপতনামাযোগে দাখিল কৰে যে, তেওঁৰ নিজৰ নামত, পত্নী আৰু পুত্ৰৰ নামত থকা সকলো স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ তালিকা । অমৰচিং তিছ'ৰ নগদ ধন আছে ৩ লাখ ৫৮ হাজাৰ ১৫০ টকা । বেংকত আছে ৫ কোটি ১৪ লাখ ৩২ হাজাৰ ৭৭৬ টকা । পত্নীৰ নগদ ধন আছে ২ লাখ ৯৯ হাজাৰ ৬৩০ টকা আৰু বেংকত আছে ৪ লাখ ৭০ হাজাৰ ৫৬৬ টকা। পুত্রৰ নামত বেংকত আছে ১৬ লাখ ২ হাজাৰ ৮৬৪ টকা ।