গুৱাহাটী, 6 জুলাই :গুৱাহাটী মহানগৰীক কৃত্ৰিম বানমুক্ত কৰাৰ নামত বৰ্তমানৰ চৰকাৰখনে বহুল প্ৰচাৰ কৰা 'মিছন ফ্লাড ফ্ৰী গুৱাহাটী'ৰ অধীনত বিগত দুই-তিনি বছৰত বিভিন্ন বিভাগৰ জৰিয়তে প্ৰায় এশ কোটি টকাৰো অধিক ব্যয় কৰাৰ লগতে শকত পৰিমাণৰ পুঁজি ধাৰ্য কৰি ৰাখিছে ৷ এই অভিযানৰ অধীনত বশিষ্ঠ, মৰা ভৰলু আৰু লখিমীজানৰ বোকা আঁতৰোৱাৰ কামৰ দায়িত্ব দিয়া হৈছিল ৷ গুৱাহাটীত বছৰি নলা-নর্দমা নির্মাণ, জলাশয় পৰিষ্কাৰ কৰাৰ পৰা বিভিন্ন আন্তঃগাঁথনি নিৰ্মাণ কৰি অহা হৈছে যদিও এই সকলো ফুটুকাৰ ফেনত পৰিণত হৈছে ৷
ইফালে গুৱাহাটীক বানমুক্ত কৰাৰ নামত শিলসাঁকো বিলত সাধাৰণ লোকৰ ঘৰ ভাঙি আইন বলৱৎ কৰা চৰকাৰখনৰ বানমুক্ত গুৱাহাটীৰ আঁচনিৰ ভেঁকোভাওনা মহানগৰীত বৃহস্পতিবাৰে নিশা হোৱা অভাৱনীয় বানে কার্যতঃ উদঙাই দেখুৱালে ৷ এই সন্দৰ্ভত ছেভ গুৱাহাটী বিল্ড গুৱাহাটীৰ সাধাৰণ সম্পাদক তথা অভিযন্তা কৈলাশ শৰ্মাই কয় যে গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে চৰকাৰৰ আৰু আমোলাসকলৰ সদিচ্ছাৰ প্ৰয়োজন ৷ বিজ্ঞানসন্মতভাৱে দীৰ্ঘম্যাদী পৰিকল্পনা লৈ গুৱাহাটীৰ বান সমস্যাৰ স্থায়ী সমাধান কৰা সম্ভৱ ৷ কিন্তু এইক্ষেত্ৰত গুৱাহাটীৰ বান সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰীৰ তত্বাৱধানত সকলো বিভাগকলৈ এখন শক্তিশালী কমিটি গঠন কৰিব লাগিব ৷ এই কমিটিৰ নেতৃত্ব দিব লাগিব গুৱাহাটীৰ বান বিশেষজ্ঞসকলে ৷
উল্লেখ্য যে বৰ্তমানৰ চৰকাৰে ৰূপায়ণ আৰম্ভ কৰা 'মিছন ফ্লাড ফ্ৰী গুৱাহাটী'ৰ কাম-কাজৰ তদাৰক কৰাৰ বাবে ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, জলসম্পদ, শক্তি আৰু লোকনিৰ্মাণ বিভাগ, গুৱাহাটী পৌৰ নিগম (জি এম চি), গুৱাহাটী মহানগৰ উন্নয়ন কর্তৃপক্ষ (জি এম ডি এ), ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, ভাৰতীয় তেল নিগম, উত্তৰ-পূব সীমান্ত ৰে’লৱেক জড়িত কৰি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ নেতৃত্বত এখন সমিতি গঠন কৰা হৈছিল ৷ তাৰ পাচত 2024 চনৰ জানুৱাৰীত মন্ত্ৰী অশোক সিংহলৰ বিভাগ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমাৰ আয়ুক্ত সচিবৰ অধ্যক্ষতাত এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰা হয় ৷ এই সমিতিক অভিযানৰ সামগ্ৰিক তদাৰকৰ দায়িত্ব দিয়া হয় ৷ এই সমিতিতো পূৰ্বৰ সমিতিৰ বিভাগ আৰু সংস্থাসমূহক অন্তৰ্ভুক্ত কৰা হৈছে ৷ কিন্তু সঠিক বিজ্ঞানসন্মত দীৰ্ঘম্যাদী পৰিকল্পনা অভাৱৰ বাবে মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা জটিল হৈয়ে আছে ৷