অসম

assam

পাকঘৰত ৰান্ধনিৰ কান্দোন, হোৰাহোৰে বাঢ়িছে শাক-পাচলিৰ দাম - price hike in assam

By ETV Bharat Assamese Team

Published : Jun 12, 2024, 9:20 PM IST

Vegetable price hike: হাতত এজাপ টকা লৈ গ’লেও আধাও নভৰে গ্ৰাহকৰ বজাৰৰ মোনা ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ কেকোঁৰা চেঁপাত কোঙা হৈ পৰিছে গ্ৰাহক ৷

Vegetable price hike in assam
পাকঘৰত ৰান্ধনিৰ কান্দোন, হোৰাহোৰে বাঢ়িছে শাক-পাচলিৰ দাম (ETV BHARAT ASSAM)

গুৱাহাটী, ১২ জুন : লোকসভা নিৰ্বাচনৰ পিচৰে পৰা ৰাজ্যৰ বজাৰত অভাৱনীয় হাৰত বৃদ্ধি হৈছে বিভিন্ন সামগ্ৰীৰ মূল্য । নি‌য়ন্ত্ৰিনহীন হৈ পৰিছে ৰাজ্যৰ বজাৰ । ঔষধ, টোল কৰ, পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিৰ পাচতে এইবাৰ হোৰাহোৰে বাঢ়িছে শাক-পাচলিৰ দাম । এতিয়া সাধাৰণ গ্ৰাহকৰ বাবে যেন একো একোটা জলকীয়া, পটল, ভেণ্ডি, বেঙেনাও ক্ৰয় সামৰ্থৰ বাহিৰলৈ গতি কৰিছে ৷

পাকঘৰত ৰান্ধনিৰ কান্দোন, হোৰাহোৰে বাঢ়িছে শাক-পাচলিৰ দাম (ETV BHARAT ASSAM)

নিৰ্বাচনৰ আগমুহূৰ্তত যিসমূহ শাক-পাচলিৰ দাম প্ৰতিকিলো ২০ ৰ পৰা ৪০ টকা আছিল সেই সমূহ শাক-পাচলিৰ দাম এতিয়া ৮০ টকাৰ পৰা ১০০ টকা পৰ্যন্ত বৃদ্ধি হৈছে। ফলত দুবেলা-দুসাঁজ খাবলৈ চিন্তা কৰিবলগীয়া হৈছে সাধাৰণ ৰাইজে ।

গুৱাহাটীৰ কোনখন পাইকাৰী বজাৰত কিমান শাক পাচলিৰ দাম জানো আহক-

গড়চুকৰ পামহী পাইকাৰী বজাৰত আজিৰ দিনটোত শাক-পাচলিৰ মূল্য এনেধৰণৰ -

পাচলি প্ৰতিকিলোত মূল্য
আলু (বেংগল) ২৩ টকা
পিঁয়াজ ২৭ টকা
বেঙেনা ২৭ টকা
তিঁয়হ ২২ টকা
ৰঙালাউ ১০ টকা
বন্ধাকবি ১৮ টকা
গাজৰ ৩২ টকা
স্কোৱাচ ২৩ টকা
ভেন্দি ২০ টকা
লেচেৰা ৮০ টকা
পটল ৩৬ টকা

ফাঁচী বজাৰত পাইকাৰী শাক-পাচলিৰ আজিৰ দিনটোৰ মূল্য

পাচলি প্ৰতিকিলোত মূল্য
আলু (বেংগল) ২৭ টকা
পিঁয়াজ ৩২ টকা
গাজৰ ৭০ টকা
বীন ৮০-১০০ টকা
বিলাহী ৪০-৪৫ টকা
কেপচিকাম ১২০ টকা
বিট ৪০-৮০ টকা
বেঙেনা ৬০ টকা
তিঁয়হ ৪০ টকা
জিকা ৩০-৪০ টকা
অমিতা ৪০ টকা
ভেন্দি ২৫-৩০ টকা
পটল ৪০-৫০ টকা

মহানগৰীৰ বিভিন্ন পাইকাৰী বজাৰত শাক-পাচলিৰ খুচুৰা মূল্য

পাচলি প্ৰতিকিলোত মূল্য
আলু ৩৫ টকা
পিঁয়াজ ৪০ টকা
বিলাহী ৬০-৮০ টকা
বেঙেনা ৫০-৮০ টকা
অমিতা ৫০-৬০ টকা
জলকীয়া ১০০-১২০ টকা
জিকা ৭০-৮০ টকা
পটল ৬০-৮০ টকা
লেচেৰা ৬০-৮০ টকা
ভাতকেৰেলা ৭০-১০০ টকা
ভেন্দি ৫০-৮০ টকা
ফুলকবি ৬০-৭০ টকা
বন্ধাকবি ৩০-৫০ টকা
মূলা ৪০-৬০ টকা

ব্যৱসায়ীসকলৰ মতে বৰষুণৰ বাবে শাক-পাচলিৰ দাম বৃদ্ধি হৈছে বুলি জানিবলৈ দিয়ে ৷ যোৱা ১০-১৫ দিনৰ পৰা পাচলিৰ দাম বাঢ়িছে । ফলত লোকেল পাচলি খাৰুপেটীয়া, বৰপেটাৰ পৰা আহিছে বুলি বিক্ৰেতাসকলে জানিবলৈ দিয়ে । তদুপৰি শ্বিলং, পশ্চিমবংগ, ভূটান আদিৰ পৰা এইকেইদিন শাক-পাচলিৰ অনাৰ বাবে এনেদৰে মূল্যবৃদ্ধি হৈছে বুলি বিক্ৰেতাসকলে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক:বজাৰত মূল্যবৃদ্ধিৰ জুই; যোগান বিভাগত তলা লগাবলৈ চৰকাৰক আহ্বান আছুৰ সভাপতিৰ - Price hike in Assam

ABOUT THE AUTHOR

...view details