তেজপুৰ, ২৩ মে' :মাছ আৰু মাংসৰ দামবৃদ্ধিত পৰিয়ালৰ সৈতে জুতি লগাই আমিষ এসাজ খোৱাৰ কথা ভাবি থকাসকলৰ বাবে এতিয়া চিন্তাৰ বিষয় হৈ পৰিছে । সাধাৰণ লোকে মাছ বা মাংস কিনিবলৈ গ’লে বজাৰত কিছু সময় থমকিবলগীয়া হৈছে ৷
ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীত ব্ৰইলাৰ মুৰ্গীৰ দাম প্ৰতিকিলো কটা মাংসত ২৮০ টকা, আৰু গোটা মাংসৰ প্ৰতি কিলোগ্ৰামত ১৭০ পৰা ১৮০ টকা ৷ আনহাতে গাহৰিৰ প্ৰতি কেজিত দাম হৈছেগৈ ৪৪০ টকা ৷
অসমৰ ভিন্ন প্ৰান্তত এতিয়া ব্ৰইলাৰ মুৰ্গী আৰু গাহৰি মাংসৰ দাম:
বজাৰত উপলব্ধ ব্ৰইলাৰ মাংস প্ৰতি কিলোত ৩০০-৩৪০ টকা পৰ্যন্ত৷ কটা আৰু গোটা ব্ৰইলাৰ মুৰ্গীৰ দাম ক্ৰমে ১৮০ টকা আৰু ২০০ টকা ৷ কণী প্ৰতি প্লেটত ১৯০ৰ পৰা ২০০ টকা পৰ্যন্ত ৷ গাহৰি ৪০০ টকা, মাছ প্ৰতি কেজি ৩৫০-৪০০ টকা ৷ এয়া হৈছে তেজপুৰ চহৰৰ বজাৰৰ মূল্য । গতিকে এতিয়া মাছ-মাংসৰ দামবৃদ্ধিৰ জুইত খাদ্যৰ কাঁহী শুৱনি কৰাতকৈ মহঙাহে কৰিছে ৷
ৰাজ্যৰ ভিন্নস্থানত ব্ৰইলাৰ মুৰ্গী-গাহৰিৰ দাম:
গুৱাহাটীত ব্ৰইলাৰ মুৰ্গীৰ দাম ২৮০ৰ পৰা ৩৫০ টকা হোৱাৰ লগতে গাহৰি মাংসই চুইছে ৪০০ৰ পৰা ৪৪০ টকাপৰ্যন্ত ৷ আনহাতে তেজপুৰত ব্ৰইলাৰ মুৰ্গীৰ দাম হৈছেগৈ ৩০০ৰ পৰা ৩৪০ টকা পৰ্যন্ত ৷ বিপৰীতে গাহৰি মাংসই স্পৰ্শ কৰিলে ৩৫০ টকাৰ পৰা ৪০০ টকা ৷ আনহাতে বিশ্বনাথত ব্ৰইলাৰ মুৰ্গীৰ দাম ২৮০ৰ পৰা ৩০০টকা হোৱাৰ লগতে গাহৰি মাংসৰ দাম হৈছেগৈ ৩৫০ৰ পৰা ৪০০ টকা ৷
নগাঁৱত ব্ৰইলাৰ মুৰ্গী বিক্ৰী হৈ আছে ২৬০ টকাত ৷ আনহাতে গাহৰি মাংস বিক্ৰী হৈ আছে ৪০০ৰ পৰা ৪৫০ টকাত ৷ আনহাতে ডিব্ৰুগড়ত ব্ৰইলাৰ মুৰ্গীৰ দাম ২৮০ টকা হোৱাৰ লগতে গাহৰি মাংস বিক্ৰী হৈ আছে ৪৪০ টকাত ৷
আনহাতে লখিমপুৰত এতিয়া ব্ৰইলাৰ মুৰ্গীৰ দাম হৈছেগৈ ৩০০ টকা ৷ সমান্তৰালকৈ ৩৫০ৰ পৰা ৪৫০ টকাত বিক্ৰী হৈ আছে গাহৰিৰ মাংস ৷ একেদৰে মঙলদৈত ব্ৰইলাৰ মুৰ্গী বিক্ৰী হৈ আছে ২৮০ৰ পৰা ৩০০ টকাত ৷ গ্ৰাহকে গাহৰি কিনিবলগীয়া হৈছে ৩০০ৰ পৰা ৪০০ টকাৰ বিনিময়ত ৷
ওদালগুৰিতো একেই ৷ ৩০০ৰ পৰা ৩৫০ টকা ভৰিবলগীয়া হৈছে প্ৰতিকিলোগ্ৰাম ব্ৰইলাৰ মুৰ্গীৰ বাবদ ৷ আনহাতে গাহৰি কিনিবলগীয়া হৈছে ৪০০ টকাত ৷ গোৱালপাৰাত ব্ৰইলাৰ মুৰ্গীৰ প্ৰতিকিলোগ্ৰামত ৩২০ টকা আৰু গাহৰিৰ দাম ৩৫০ৰ পৰা ৪০০ টকা ৷