অসম

assam

ETV Bharat / state

পহিলা ছেপ্টেম্বৰৰ পৰা তিনি টকাকৈ বৃদ্ধি পাব প্ৰতি লিটাৰ গাখীৰৰ মূল্য - Milk price hike - MILK PRICE HIKE

Milk price hike: বৃদ্ধি পাব গাখীৰৰ মূল্য । পহিলা ছেপ্টেম্বৰৰ পৰা প্ৰতি লিটাৰ গাখীৰৰ মূল্য তিনি টকাকৈ বৃদ্ধি পাব । বৃহত্তৰ গুৱাহাটী গো-পালক সন্থাই গাখীৰৰ মূল্য বৃদ্ধি কৰাৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাই ।

Price of milk to go up by Rs 3 per litre from 1st September
পহিলা ছেপ্টেম্বৰৰ পৰা তিনি টকাকৈ বৃদ্ধি পাব প্ৰতি লিটাৰ গাখীৰৰ মূল্য (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 8:38 PM IST

গুৱাহাটী,২৯ আগষ্ট: পুনৰ বৃদ্ধি পাব গাখীৰৰ মূল্য । পহিলা ছেপ্টেম্বৰৰ পৰা প্ৰতি লিটাৰ গাখীৰৰ মূল্য তিনি টকাকৈ বৃদ্ধি পাব । সেই হিচাপত প্ৰতি লিটাৰ গাখীৰৰ মূল্য হ'ব ৬৭ টকা । তিনি টকা বৃদ্ধিৰ পাছত পাইকাৰী মূল্য হ'ব প্ৰতি লিটাৰত ৬৪.৪০ টকা । বৰ্ত্তমান পাইকাৰী মূল্য ৬১.৪০ টকা । বৃহত্তৰ গুৱাহাটী গো-পালক সন্থাই গাখীৰৰ মূল্য বৃদ্ধি কৰাৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাই ।

পহিলা ছেপ্টেম্বৰৰ পৰা তিনি টকাকৈ বৃদ্ধি পাব প্ৰতি লিটাৰ গাখীৰৰ মূল্য (ETV Bharat Assam)

আজি গুৱাহাটীৰ পল্টনবজাৰস্থিত নেপালী মন্দিৰ চৌহদত এখন সংবাদমেল সম্বোধন কৰে বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাৰ নেতৃত্বই । সংবাদমেলত সন্থাৰ মুখ্য উপদেষ্টা পদম বাচনেটে কয়, "গো-ধনৰ খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিৰ বাবে গো-পালক সন্থাই গাখীৰৰ মূল্য বৃদ্ধি কৰাৰ প্ৰসংগত দুগ্ধ ব্যৱসায়ী সন্থাৰে কেইবালানি আলোচনা হৈছিল । সন্থাই ১ জুনৰ পৰা ১৬ আগষ্টলৈকে বন্ধ কৰি ৰাখিছিল গাখীৰৰ যোগান । আলোচনাৰ মাধ্যমেৰে বৃহত্তৰ গুৱাহাটী গো-পালক সন্থাই প্ৰতি লিটাৰ গাখীৰৰ মূল্য ২.৬০ টকাকৈ বৃদ্ধি কৰিছে । এই বৃদ্ধি ১৭ আগষ্টৰ পৰা কাৰ্যকৰী হৈছে ।"

লগতে তেওঁ কয়,"সাম্প্ৰতিক সময়ত গৰুৰ খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিৰ বাবে এই সিদ্ধান্ত লোৱা হয় । যাৰ পৰিপ্ৰেক্ষিতত বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাই পহিলা ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি লিটাৰ গাখীৰৰ মূল্য ৩ টকাকৈ বৃদ্ধি কৰিছে । যাৰ ফলত গাখীৰৰ খুচুৰা মূল্য প্ৰতি লিটাৰত ৬৭ টকা হ'ব আৰু পাইকাৰী মূল্য হ'ব ৬৪.৪০ টকা । এইক্ষেত্ৰত আমি সকলোৰে সহযোগিতা কামনা কৰিছো । আমি ব্যৱসায়ীৰ লগতে সাধাৰণ জনতাক এই মূল্যৰ এপইচাও বেছি নিদিয়াৰ বাবে আহ্বান জনাইছো । কোনো কোনো লোকে সুবিধা গ্ৰহণ কৰি অধিক মূল্য আদায় কৰাৰো অভিযোগ আছে । কিন্তু কোনেও অতিৰিক্ত মূল্য দিব নালাগে । কিবা থাকিলে আমাক অৱগত কৰিব পাৰিব ।" সংবাদমেলত সন্থাৰ কেইবাজনো বিষয়ববীয়া উপস্থিত আছিল ।

লগতে পঢ়ক:নাৰী হ’ল বুলিয়েই কিয় নোৱাৰিব ! ডাম্পাৰৰ চালক বিনীতা বড়ো বচনেট এতিয়া এগৰাকী চৰ্চিত মহিলা - Woman Empowerment

মুখ্যমন্ত্ৰীক বৰ্খাস্তকৰণৰ দাবীত ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ বিৰোধী ঐক্য মঞ্চৰ - Opposition Unity Forum

ABOUT THE AUTHOR

...view details