গুৱাহাটী,12 গুৱাহাটী :সৰবৰাহৰ বাবে টকাৰ বিনিময়ত মহানগৰীৰ খানাপাৰাৰ পৰা অপহৰণ কৰিছিল 18 মহীয়া শিশু ৷ টকাৰ লোভত বিশ্বজিৎ দাস ওৰফে সমীৰ দে’ই 18 মহীয়া কন্যা শিশুক অপহৰণ কৰি সৰবৰাহকাৰীক যোগান ধৰাৰ তথ্য পোহৰলৈ আহিছে ৷ সোমবাৰে সংবাদমেল সম্বোধন কৰি মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কয় যে, দেওবাৰে খানাপাৰাৰ পৰা অশোক দাসৰ 18 মহীয়া কন্যা শিশুটি তেওঁৰ চাহ দোকানৰ পৰা সন্ধানহীন হোৱা বুলি দিছপুৰ আৰক্ষীক জনাইছিল ৷ সেই খবৰৰ ভিত্তিত 118/24 নম্বৰত গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে ৷
দোকানলৈ অহা এজন যুৱকৰ ওপৰত সন্দেহ উপজিছিল ভুক্তভোগীৰ ৷ লগে লগে আৰম্ভ হৈছিল অনুসন্ধান ৷ চিচিটিভিৰ ফুটেজ চাই ধৰা পৰিছিল ফটাশিলৰ ফালে লৈ যোৱা হৈছিল শিশুটিক ৷ কাৰণ ফটাশিলত বাস কৰে অভিযুক্ত বিশ্বজিৎ দাস ওৰফে সমীৰ দে’ ৷ পৰৱৰ্তী সময়ত নিশা লাল গণেশৰ জেলিমন বেগম নামৰ এগৰাকী মহিলাৰ বাসগৃহত লুকুৱাই ৰখা অৱস্থাত শিশুটিক উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ লগতে ঘটনাৰ সৈতে জড়িত তিনি অভিযুক্ত বিশ্বজিৎ দাস ওৰফে সমীৰ দে’ , সবিতা দে’ আৰু জেলিমন বেগমক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ ইতিমধ্যে এই চক্ৰৰ লগত কোন কোন জড়িত সেই তথ্য আৰক্ষীৰ হাতত পৰা বুলি জানিবলৈ দিয়ে আৰক্ষী আয়ুক্ত গৰাকীয়ে ৷
কেনেকৈ অপহৰণ কৰিছিল ?
ম’বাইল মেকানিক বিশ্বজিৎ দাস ওৰফে সমীৰ দে’ কিছুদিনৰ পৰা শিশুটিৰ খানাপাৰাত থকা পিতৃৰ চাহ দোকানলৈ চাহ খাবলৈ অহা-যোৱা কৰিছিল ৷ শিশুটিক অপহৰণ কৰাৰ বাবে কেইবাদিনো ধৰি পৰিকল্পনা কৰিছিল ৷ দেওবাৰে শিশুটিৰ পিতৃৰ দোকানৰ সমীপতে থকা ড্ৰাগছ আসক্ত নিকি বড়োক ফুৰাবলৈ নিম বুলি ফুচুলাই শিশুটিক লৈ আহিব কৈছিল সমীৰ দাসে ৷ সেইমতে শিশুটিক দোকানৰ পৰা লৈ আহিছিল নিকিয়ে ৷ বিশ্বজিতে স্কুটীত উঠাই খানাপাৰাৰ পৰা জি এছ ৰোড হৈ ফটাশিললৈ নি শিশুটিক জেলিমন বেগমক দিছিল ৷ তাৰ পিচত নিকিক খানাপাৰাত নমাই দিয়ে বিশ্বজিতে ৷