গুৱাহাটী, ২২ জুলাই: আগন্তুক উপ নিৰ্বাচনত বিৰোধী ঐক্যমঞ্চক সন্মিলিতভাৱে 5 টা সমষ্টিত প্ৰতিদ্বন্দ্বিতাৰ আহ্বান জনাইছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ৷ গুৱাহাটীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত উপ নিৰ্বাচনৰ সন্দৰ্ভত গ্ৰহণ কৰা প্ৰস্তাৱৰ পিছত এক সংবাদমেল সম্বোধন কৰি বিধায়ক অখিল গগৈয়ে উপ নিৰ্বাচনত বিৰোধী ঐক্যমঞ্চই প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া সমষ্টিৰ বিষয়ে অৱগত কৰে ৷
সেই অনুসৰি, বিৰোধী ঐক্যমঞ্চই 5 টা সমষ্টিৰ ভিতৰত 3 টা কংগ্ৰেছ, এটা আঞ্চলিক দল, এটা বামপন্থী দলক দিয়াৰ প্ৰস্তাৱ আগবঢ়ায় ৷ তাৰ ভিতৰত বঙাইগাঁও সমষ্টি আঞ্চলিক দলক, বিহালী সমষ্টি বামপন্থী দলক দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰি বিৰোধী ঐক্যমঞ্চৰ সভাপতি ভূপেন বৰা আৰু সম্পাদক লুৰীণজ্যোতি গগৈলৈ প্ৰেৰণ কৰা হয় প্ৰস্তাৱ ৷
আগন্তুক উপ নিৰ্বাচনত কংগ্ৰেছ দলে এককভাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলোৱাৰ প্ৰসংগত বিধায়ক অখিল গগৈয়ে কয় যে, "আমি ধান ৰুইছো একেলগে, ভাত বনাইছো কিন্তু ভাত অকলে কংগ্ৰেছে খালে নহ’ব ৷ আমি সাগৰ মন্থন কৰি কেৱল এটা দলক অমৃত খাবলৈ দি বাকী দলসমূহক বিহ দিলে নহ’ব ৷"
2024 চনৰ লোকসভা নিৰ্বাচনে বিজেপি আৰু আৰ এছ এছক কিছু পৰিমাণে দুৰ্বল কৰিছে, কিন্তু শেষ হৈ যোৱা নাই ৷ আৰ এছ এছ আৰু বিজেপি চৰকাৰখন বিপদত পৰিলেই জৰুৰীকালীন পৰিবেশৰ সৃষ্টি কৰিব পাৰে৷ বিপৰীতে কংগ্ৰেছ অতি অত্যুৎসাহী হ’লে ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব পাৰে বুলিও গগৈয়ে কয় ৷