নগাঁও :ক্ৰমাৎ বেয়াৰ পৰা বেয়ালৈ গতি কৰিছে চামগুৰিৰ নিৰ্বাচনকেন্দ্ৰিক হিংসা । শনিবাৰে নিশাও চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি সংঘটিত হয় গুলীচলানাৰ দৰে ঘটনা । চামগুৰিৰ মৰিপুঠিখাইটিত সংঘটিত হোৱা গুলীচলানাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ।
সমষ্টিটোত ব্যাপক প্ৰচাৰ অব্যাহত থকাৰ মাজতে শনিবাৰে নিশা সংঘটিত হয় চাঞ্চল্যকৰ গুলীচলানাৰ ঘটনা । বিধায়ক জিতু গোস্বামী, বিজেপি নেতা সুৰেশ বৰা গৈ থকা বাহনলৈ লক্ষ্য কৰি গুলীচলানা কৰা বুলি অভিযোগ উত্থাপন হৈছে ।
এগৰাকী কংগ্ৰেছ নেতাৰ ঘৰৰ পৰা গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হয় যদিও গুলীচালনাৰ ঘটনাত কংগ্ৰেছ নেতাগৰাকীৰ পুত্ৰ আহত হোৱাৰ তথ্য পোহৰলৈ আহে । কংগ্ৰেছ নেতা ইছমাইল হুছেইনৰ বিৰুদ্ধে গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হৈছিল যদিও ইছমাইল হুছেইনৰ পুত্ৰ ইমাম উদ্দিনৰ ভৰিত গুলীবিদ্ধ হয় গুলীচালনাৰ ঘটনাত । বিজেপিৰ এটা দল উক্ত পথেৰে গৈ থকা সময়ত বিজেপিৰ দলটোৰ পৰা গুলীচালনা কৰা বুলি অভিযোগ উত্থাপন কৰে ইছমাইল হুছেইনে ।