জোনাই, ২৬ জুন :চিমেন চাপৰিত চিকিৎসা সেৱাৰ নামত চলিছে চূড়ান্ত ভেঁকোভাওনা । ২০১৮ চনতে উদ্বোধন কৰা চিমেন চাপৰি ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত মুকলি হোৱাৰ সময়ৰে পৰা উন্নত ধৰণৰ চিকিৎসা সেৱা লাভ কৰি অহা নাই সৰ্বসাধাৰণ ৰাইজে । চিকিৎসালয়খনত বৰ্তমান জোনাইত নিযুক্তিপ্ৰাপ্ত এগৰাকী চিকিৎসকে পুৱা ৯ বজাৰ পৰা ১২ বজালৈ উপস্থিত থাকে । দেওবাৰে কোনো চিকিৎসক অথবা স্বাস্থ্যকৰ্মী উপস্থিত নাথাকে চিকিৎসালয়খনত । এগৰাকী ফাৰ্মাচিষ্ট কৰ্তব্যত থকা চিমেন চাপৰি ক্ষুদ্ৰ চিকিৎসালয়খনত নাৰ্ছৰ উপস্থিতি প্ৰায়েই সেৰেঙা ।
পশ্চিম জোনাই অঞ্চলৰ চিমেন চাপৰিৰ উপৰি মিছামৰা, চমকং, চিমেনমুখ গাঁও পঞ্চায়তৰ চেঙাজান-মাজৰবাৰী অঞ্চলৰ ৰাইজৰ বাবে একমাত্ৰ চৰকাৰী চিকিৎসালয় চিমেন চাপৰি ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়খনৰ পয়াগলা চিকিৎসা সেৱাই চৰকাৰৰ স্বাস্থ্য খণ্ডৰ অৱস্থা বাৰুকৈয়ে উদঙাই দিছে । চিমেন চাপৰি, চমকং আদি অঞ্চলৰ ৰাইজে বছৰ বছৰ ধৰি কৰি অহা দাবীৰ ফলত ২০১৮ চনৰ ১১ জুনত উদ্বোধন হোৱা চিমেন চাপৰি ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়খনৰ চিকিৎসাৰ আন্তঃগাঁথনিগত সমস্যাৰ অভাৱে ৰাইজক নামমাত্ৰও উপকৃত কৰিব পৰা নাই ।