হোজাই, 28 এপ্ৰিল :আৰক্ষীৰ চকুত ধূলি দি ৰাজ্যত অব্যাহত বাৰ্মিজ চুপাৰিৰ অবৈধ বেহা । বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে অসম আৰক্ষীয়ে শনিবাৰৰ সন্ধিয়া চলায় অভিযান ৷ অভিযানত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী ৷
আৰক্ষীয়ে লামডিং ৰে’লৱে ষ্টেচনত শনিবাৰৰ সন্ধিয়া অভিযান চলায় জব্দ কৰিবলৈ সক্ষম হয় 24 টনৰো অধিক বাৰ্মিজ চুপাৰি । শনিবাৰৰ সন্ধিয়া 15909 উজনিমুৱা অৱধ আছাম এক্সপ্ৰেছ ৰে’লখনৰ পাৰ্চেল ডবাৰ পৰা প্ৰায় 300 বস্তাৰো অধিক আনুমানিক 24 টনৰো অধিক বাৰ্মিজ চুপাৰি জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।
215255/C পাৰ্চেল ডবাৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় উক্ত নিষিদ্ধ বাৰ্মিজ চুপাৰিখিনি । জব্দকৃত বাৰ্মিজ চুপাৰিখিনিৰ আনুমানিক মূল্য প্ৰায় কোটি টকা হ’ব বুলি আৰক্ষীয়ে জানিব দিছে । আৰক্ষীয়ে অবৈধভাবে কঢ়িওৱা বাৰ্মিজ চুপাৰিখিনি ৰে’লখনৰ পৰা উদ্ধাৰ কৰিবলৈ 1 ঘন্টাতকৈও অধিক সময়ৰ প্ৰয়োজন হৈছিল ৷