তিনিচুকীয়া, 23 জুন : গৰু কঢ়িয়াই নিয়া বাহনৰ পৰা ধন দাবী কৰি ৰাইজৰ ৰোষত আৰক্ষী ৷ তিনিচুকীয়া জিলাৰ ডিগবৈ 1নং বৰবিলৰ ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে গৰু কঢ়িয়াই নিয়া এখন বাহনৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগত ডিগবৈ আৰক্ষী থানাৰ এগৰাকী আৰক্ষীক আৱদ্ধ কৰে স্থানীয় ৰাইজে ৷ স্থানীয় লোক আৰু দল-সংগঠনে বহু সময়লৈকে আৱদ্ধ কৰি ৰাখে আৰক্ষী জোৱানজনক ৷ স্থানীয় ৰাইজে অভিযোগ অনুসৰি ধন দাবী কৰা আৰক্ষী জোৱানগৰাকী চ্যুকাফা চেতিয়া ৷
গৰু কঢ়িয়াই নিয়া বাহনৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগত ৰাজপথত এক হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৷ অভিযুক্ত আৰক্ষী জোৱান চ্যুকাফা চেতিয়াক তুলাধুনা দিয়ে উপস্থিত ৰাইজে ৷ আৰক্ষীগৰাকীয়ে পোছাকৰ পৰা নাম ফলক আঁতৰাই গৰু কঢ়িয়াই নিয়া গাড়ীৰ পৰা ধন সংগ্ৰহৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ 38নং ৰাষ্ট্ৰীয় ঘাইপথত ধন সংগ্ৰহ কৰি থকা প্ৰত্যক্ষ কৰি আৰক্ষী চ্যুকাফা চেতিয়াক আৱদ্ধ কৰি ডিগবৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক অৱগত কৰে স্থানীয় লোক আৰু দল-সংগঠনে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত ডিগবৈ আৰক্ষীৰ এটা দল উপস্থিত হৈ অভিযুক্ত আৰক্ষী জোৱান চ্যুকাফা চেতিয়া আৰু তেওঁৰ বাহনখন থানালৈ লৈ যায় ৷