নলবাৰী, ২১ জুলাই : চৰ্চাত মুকালমুৱাৰ গুলীচালনাৰ ঘটনা ৷ ইতিমধ্যে নলবাৰী আৰক্ষীৰ জালত দুই অপৰাধী । দেওবাৰে পুৱতি নিশা প্ৰায় তিনি বজাত মুকালমুৱাৰ ডকাইতিকাণ্ডৰ লগত জড়িত এটা ডকাইতক গুলীয়াই আহত কৰে আৰক্ষীয়ে ৷ আৰক্ষীৰ গুলীত আহত হোৱা ডকাইতটো হৈছে হামিদ আলী ৷ দেওবাৰে দিনৰ ভাগত নলবাৰী আৰক্ষীৰ শীৰ্ষ বিষয়াই আৰক্ষী অধীক্ষকৰ কনফাৰেঞ্চ হলত আৰক্ষী উপ-মহাপৰিদৰ্শক পি ইন্দ্ৰানী বৰুৱা আৰু আৰক্ষী অধীক্ষক সুপ্ৰীয়া দাসে এক সংবাদমেলযোগে সদৰী কৰে এই কথা ৷
নলবাৰী আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH)ত গুলীবিদ্ধ ডকাইতটোৰ চিকিৎসা চলি আছে ৷ আৰক্ষী উপ-মহাপৰিদৰ্শক পি ইন্দ্ৰানী বৰুৱাই উল্লেখ কৰা অনুসৰি, দুদিন পূৰ্বে মুকালমুৱাৰ ৰামপুৰত ব্যৱসায়ীক গুলী চলাই হামিদ আলীসহ তিনি ডকাইতে লুটিছিল কেবা লক্ষাধিক টকা ৷ তাৰ পাচতে আৰক্ষীয়ে আৰম্ভ কৰা কৰে তদন্ত ৷
লগতে পঢ়ক :মুকালমুৱাৰ ডকাইতিকাণ্ড: আৰক্ষীৰ গুলীত আহত ডকাইত হামিদ আলী - POLICE FIRING IN NALBARI
আৰক্ষীৰ তদন্তত মুকালমুৱা আৰক্ষীয়ে হামিদ আলীসহ দুটা ডকাইতক গ্ৰেপ্তাৰ কৰে । লগতে আৰক্ষীয়ে এটা পিষ্টল আৰু ডকাইতি কাৰ্যত ব্যৱহৃত বাইক এখনো জব্দ কৰে । আনহাতে যোৱা নিশা (শনিবাৰে নিশা) আদাবাৰীৰ পৰা কংকন ডেকা নামৰ আন এটা ডকাইত আটক কৰে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে ধৃত কংকণ ডেকা পূৰ্বেও ডকাইতি ঘটনাৰ লগত জড়িত আছিল ।