তেজপুৰ, 11 জুন:বিগত চাৰিটা দিন ধৰি উত্তপ্ত হৈ আছে মণিপুৰৰ পৰিৱেশ ৷ বিশেষকৈ জিৰিবাম জিলাত সংঘটিত হিংসাত্মক ঘটনাত আতংকিত হৈছে স্থানীয় লোকসকল ৷ ইয়াৰ মাজতে সোমবাৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ নিৰাপত্তাৰক্ষীৰ কনভয়ত সংঘটিত হৈছিল গুলীচালনাৰ ঘটনা ৷
এই ঘটনাত এগৰাকী আৰক্ষীৰ জোৱানৰ লগতে এগৰাকী গাড়ীচালক গুৰুতৰভাৱে আহত হয় ৷ 53 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কোটলেন নামৰ গাঁৱখনৰ সমীপৰ টি লাইজাঙত কোনো সন্দেহজনক কুকি উগ্ৰপন্থীয়ে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীৰ কনভয়ক উদ্দেশ্যি গুলীবৰ্ষণ কৰে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ পাইছে ৷
লগতে পঢ়ক:মণিপুৰৰ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীৰ কনভয়ক লক্ষ্য কৰি গুলীচালনা; এজন আহত - MANIPUR VIOLENCE
পৰৱৰ্তী সময়ত ঘটনাস্থলীত শীৰ্ষ আৰক্ষীৰ এটা দল উপস্থিত হৈ আহত দুয়োগৰাকীকে উদ্ধাৰ কৰি প্ৰেৰণ কৰে চিকিৎসালয়লৈ ৷ লগতে আৰক্ষীৰ দলসমূহে ঘটনাটো সংঘটিত হোৱা গাঁৱখনৰ লগতে আশে-পাশে থকা অঞ্চলসমূহত প্ৰৱেশ কৰি তালাচী চলায় ৷ এই তালাচীৰ সময়ত আৰক্ষীয়ে গুলীৰ খালী কাৰ্টিজ উদ্ধাৰ কৰাৰ লগতে উগ্ৰপন্থীসমূহে ব্যৱহাৰ কৰা একাংশ শিবিৰো ধ্বংস কৰে ৷ তদুপৰি সেই স্থানত অতিৰিক্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হয় ৷
- গুলীচালনাত আহতক মুখ্যমন্ত্ৰীৰ সাক্ষাৎ
মুখ্যমন্ত্ৰী এন বীৰেন সিঙে সোমবাৰে নিশা শ্বিজা হাস্পতালত উপস্থিত হৈ এই ঘটনাত আহত হৈ চিকিৎসাধীন হৈ থকা আৰক্ষী জোৱানৰ অৱস্থাৰ বুজ লয় । দিনে-নিশাই নিজ কৰ্তব্য পালন কৰি থকা নিৰাপত্তাৰক্ষীৰ ওপৰত কৰা এনে ঘৃণনীয় আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
- জিৰিবামৰ ঘটনাৰ প্ৰভাৱ
শনিবাৰৰে পৰা জিৰিবামত সংঘটিত হৈ থকা হিংসাত্মক ঘটনাৰ ফলত প্ৰাণৰ মমতাত নিজৰ থকা ঠাই এৰি সুৰক্ষিত স্থানলৈ ঢাপলি মেলে জিলাখনৰ বাসিন্দাসকলে ৷ বিশেষকৈ কাছাৰৰ লক্ষীপুৰ অঞ্চলত আহি মণিপুৰী লোকসকলে আশ্ৰয় লৈছে ৷ তদুপৰি অসম-মণিপুৰৰ সীমান্তৱৰ্তী অঞ্চল কাছাৰৰ লক্ষীপুৰত এইসকল লোকৰ বাবে নিৰ্মিত অস্থায়ী শিবিৰত ব্য়াপক ভিৰ পৰিলক্ষিত হৈছে ৷