অসম

assam

ETV Bharat / state

১৮ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা-উদ্বোধনৰ বাবে অসমত প্ৰধানমন্ত্ৰী

PM Modi NE visit : বিগত ৯ বছৰত ৬২ বাৰ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । পুনৰ দুদিনীয়া অসম-অৰুণাচল প্ৰদেশ ভ্ৰমণ কাৰ্যসূচীৰে উপস্থিত প্ৰধানমন্ত্ৰী । তেজপুৰত আদৰণি জনালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

Warm welcome to PM Modi
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 7:02 PM IST

Updated : Mar 8, 2024, 8:09 PM IST

তেজপুৰ, ৮ মাৰ্চ :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া অসম-অৰুণাচল প্ৰদেশ ভ্ৰমণ কাৰ্যসূচীৰে শুক্ৰবাৰে বিয়লি ৪.৩০ বজাত তেজপুৰ বায়ুসেনাৰ বিমান ঘাটিত উপস্থিত হয় । প্ৰধানমন্ত্ৰীগৰাকীক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, মুখ্য সচিব পবন বৰঠাকুৰ, আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙকে ধৰি বায়ুসেনাৰ বিষয়া, সেনা বিষয়াসকলে বায়ুসেনাৰ ঘাটিত উষ্ম আদৰণি জনায় । প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াৰ পৰা পোনে পোনে ৪.৫৫ বজাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ বায়ুসেনাৰ হেলিকপ্টাৰেৰে গমন কৰে ।

প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে বিগত ৯ বছৰত ৬২ বাৰ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰিছে । এই সংখ্যা পূৰ্বৰ সকলো প্ৰধানমন্ত্ৰীৰ মুঠ অসম ভ্ৰমণৰ সংখ্যাতকৈও অধিক হ'ব পাৰে । লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগতে "কা' বলবৎ হোৱাৰ প্ৰকক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৪ ফেব্ৰুৱাৰীত অসম ভ্রমণৰ পিচত এইটো হৈছে দ্বিতীয় ভ্ৰমণ । লোকসভা নিৰ্বাচনৰ পূৰ্বে অসম তথা অৰুণাচল প্ৰদেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প দেশৰ বাবে উৎসৰ্গা কৰাৰ লগতে বহু কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব ।

প্ৰধানমন্ত্ৰীক তেজপুৰ বায়ুসেনাৰ বিমান বন্দৰত আদৰণি জনোৱাৰ পিচত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ সামাজিক মাধ্যম 'X' যোগে কয় ,"মা কামাখ্যা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পুণ্যভূমি অসমলৈ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মোদী পৰিয়ালৰ হৈ উষ্ম আদৰণি জনাইছো ৷" প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীনৰ অধীনত ৫,৫৫,৫৫৫ জনৰো অধিক হিতাধিকাৰীৰ গৃহপ্ৰৱেশ অনুষ্ঠানত অংশগ্ৰহণ কৰিব । ইয়াৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকে ভাৰ্চুৱেল যোগে অংশগ্ৰহণ কৰিব । লগতে লাখপতি বাইদেউ সকলক প্ৰত্যেক জিলাৰ পৰিবহণ বিভাগৰ জৰিয়তে যোৰহাটৰ মেলেং মেটেলিলৈ নিয়া হ'ব ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ভ্ৰমণত বহুকেইটা গুৰুত্বপূৰ্ণ আঁচনিৰ আধাৰশিলা স্থাপন কৰিব । প্ৰধানমন্ত্ৰীগৰাকীয়ে শিৱসাগৰ জিলাৰ ডিমৌত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় ডাঃ বি বৰুৱা কেন্সাৰ হাস্পতালত হেমাট’-লিম্ফ’ইড চেণ্টাৰ, ডিগবৈ শোধনাগাৰ ০.৬৫ৰ পৰা ১ এম এম টি পি এলৈ সম্প্ৰসাৰণ, গুৱাহাটী শোধনাগাৰ ১.০ৰ পৰা ১.২ এমএমটিপিএলৈ সম্প্ৰসাৰণ- ভাৰতীয় তেলৰ গুৱাহাটী টাৰ্মিনেল (বেতকুছি)ৰ অতিৰিক্ত সুবিধাসমূহৰ উন্নয়ন,আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যৰে সমগ্ৰ অসমৰ একাধিক সুবিধাত ঘৰুৱা তেল শোধন ক্ষমতা বৃদ্ধিৰ বাবে ৩টা প্ৰকল্পৰ ভেটি স্থাপন কৰিব ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সমূহৰ উপৰি শৌৰ্য্যৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনৰ ১২৫ ফুট ওখ প্ৰতিমূৰ্তিৰ উপৰি তিনিচুকীয়াত নতুন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, প্ৰধানমন্ত্ৰী উৰ্জা গংগা প্ৰকল্পৰ অংশ হিচাপে বাৰাউনী-গুৱাহাটী পাইপলাইন, এনবিপিএছৰ বাৰাউনী-বঙাইগাঁও-গুৱাহাটী খণ্ডৰ পাম্পিং ক্ষমতা বৃদ্ধিৰ বাবে উন্নীতকৰণ (ইউজিপিএছ দ্বিতীয় পৰ্যায়), ১ নং পাম্প ষ্টেচন, দুলীয়াজানৰ পৰা ডিগবৈ শোধনাগাৰলৈ ৮ ইঞ্চি স্পাৰ লাইন সলনি কৰা আদি মুকলি কৰিব ।

শনিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰি অৰুণাচল প্ৰদেশৰ ইটানগৰলৈ যাত্ৰা কৰিব । ইটনগৰত এখন জনসভাত অংশগ্ৰহণ কৰি ৰিম'ৰ্টৰ দ্বাৰা পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং সংলগ্ন ১৩ হাজাৰ ফুট উচ্চতাৰ চেলা পাছৰ সুৰংগ উদ্বোধন কৰিব । প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০১৯ ত এই সুৰংগৰ শিলান্যাস কৰিছিল । ইটানগৰৰ পৰা আহি মহাবীৰ লাচিতৰ মূৰ্ত্তি উদ্বোধন কৰিব আৰু তাৰ পাচতে যোৰহাটৰ মেলেং মেটেলিত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব । প্ৰধানমন্ত্ৰীয়ে অসমত প্ৰায় ১৮ হাজাৰ কোটি টকাৰ প্ৰকল্প ব্যয়ৰ এই প্ৰকল্পৰ কাম হাতত লৈ আহিছে ।

লগতে পঢ়ক:আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ উপহাৰ

Last Updated : Mar 8, 2024, 8:09 PM IST

ABOUT THE AUTHOR

...view details