বৰপেটা, ২০ ফেব্ৰুৱাৰী :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ নৱনিৰ্মিত গৃহটি উদ্বোধন কৰে । জম্মুৰ পৰা ভাৰ্চুৱেলী সম্পন্ন কৰা এই কাৰ্যসূচীৰ বাবে বৰপেটা কেন্দ্ৰীয় বিদ্যালয় চৌহদত বিশেষ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয় । এই অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত থাকে । তদুপৰি, কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ গুৱাহাটী ক্ষেত্ৰীয় কাৰ্যালয়ৰ উপায়ুক্ত চন্দ্ৰশেখৰ আজাদ, সহায়ক আয়ুক্ত নৰেশ কুমাৰ, বৰপেটাৰ জিলা আয়ুক্ত আয়ুস গৰ্গো অনুষ্ঠানত উপস্থিত থাকে ।
আনহাতে, ভাৰ্চুৱেলী প্ৰদান কৰা উদ্বোধনী ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বৰ্তমানৰ চৰকাৰৰ দিনত অভিলেখ সংখ্যক বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান, চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছে । দেশৰ প্ৰতিখন ৰাজ্য, প্ৰতিটো অঞ্চললৈ চৰকাৰে বিকাশৰ ধাৰা বোৱাই নিবলৈ সক্ষম হৈছে । প্ৰতিটো জাতি, জনগোষ্ঠী, সম্প্ৰদায়ৰ লোক এই বিকাশৰ ধাৰাত চামিল হৈছে । ইয়াৰ মূলতে হৈছে চৰকাৰৰ সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস নীতি ।