অসম

assam

ETV Bharat / state

বকোৰ বামুণীগাঁৱত শিল মহলৰ বিৰোধিতাৰে ৰাইজৰ প্ৰতিবাদী সভা - PROTEST AGAINST STONE QUARRY

প্ৰস্তাৱিত শিল মহলৰ বিৰোধিতা । ৰাইজৰ প্ৰতিবাদী সভা । বামুণীগাঁও মিমিলিয়া সংৰক্ষিত বনাঞ্চলৰ একচেলীয়া পাহাৰত শিলৰ মহলৰ প্ৰস্তাৱত ক্ষুণ্ণ ৰাইজ ।

protest against Stone Quarry at Boko
বকোৰ বামুণীগাঁৱত শিল মহলৰ বিৰোধিতাৰে ৰাইজৰ প্ৰতিবাদী সভা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 28, 2024, 4:46 PM IST

বকো: কামৰূপ জিলাৰ অন্তৰ্গত বকোৰ বামুণীগাঁও হৈছে প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ এটা অঞ্চল । ইয়াতেই অৱস্থিত বামুণীগাঁও মিমিলিয়া সংৰক্ষিত বনাঞ্চল । আনহাতে, এই সংৰক্ষিত বনাঞ্চলৰ অধীনস্থ এখন সুন্দৰ, মনোমোহা ঐতিহ্যমণ্ডিত পাহাৰ হৈছে একচেলীয়া পাহাৰ । এই পাহাৰখন খনন কৰি শিলৰ মহল স্থাপনৰ চৰকাৰৰ হঠকাৰী সিদ্ধান্তত এতিয়া ক্ষুণ্ণ হৈ পৰিছে অঞ্চলবাসী ৰাইজ ।

বামুণীগাঁও মিমিলিয়া সংৰক্ষিত বনাঞ্চলৰ একচেলীয়া পাহাৰ হৈছে জৈৱ-বৈচিত্ৰ্যৰে পৰিপূৰ্ণ । কিন্তু শেহতীয়াভাৱে পাহাৰখনত থকা শিলৰ ওপৰত চকু পৰিছে শিল ব্যৱসায়ীৰ । এচাম শিল মাফিয়াৰ শেনদৃষ্টিত এতিয়া পাহাৰখনত শিলৰ মহল খোলাৰ প্ৰক্ৰিয়া চলিছে । কিন্তু এই কাৰ্য সহজভাৱে মানি ল'ব পৰা নাই স্থানীয় ৰাইজে ।

বকোৰ বামুণীগাঁৱত শিল মহলৰ বিৰোধিতাৰে ৰাইজৰ প্ৰতিবাদী সভা (ETV Bharat Assam)

ঐতিহ্যমণ্ডিত সেউজ পাহাৰখনৰ বক্ষত এক্সকেভেটৰ, বুলড'জাৰ, ডিনামাইটেৰে আক্ৰমণ চলোৱাৰ পৰিকল্পনাত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । লগতে গছ-বিৰিখ কাটি পাহাৰ খননৰ প্ৰস্তাৱত ক্ষুণ্ণ হৈ পৰিছে স্থানীয় ৰাইজ ।

উল্লেখ্য যে বামুণীগাঁও সংৰক্ষিত বনাঞ্চলৰ একচেলীয়া পাহাৰ ৭ হেক্টৰ ভূমিৰে আৱৰা । গছ-গছনিৰে পৰিপূৰ্ণ পাহাৰখন পক্ষীকুল,সৰীসৃপ নাইবা অন্য বন্যপ্ৰাণীৰ বাসস্থান হিচাপে পৰিচিত । কিন্তু পাহাৰখনৰ শিলৰ ওপৰত চকু পৰিছে একাংশ শিল ব্যৱসায়ীৰ । যাৰ বাবে পাহাৰখনত শিলৰ মহলৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ।

এই কাৰ্যত ক্ষোভিত হৈ পৰিছে বামুণীগাঁও অঞ্চলৰ সচেতন ৰাইজ । যাৰ ফলশ্ৰুতিত বুধবাৰে বামুণীগাঁও যুৱক সংঘৰ আহ্বানত যুৱক সংঘৰ খেলপথাৰত অনুষ্ঠিত হয় এক প্ৰতিবাদী সভা । সভাত মিলমিলিয়া বনাঞ্চলৰ একচেলীয়া পাহাৰ ধ্বংস কাৰ্যক একেমুখে গৰিহণা দিয়ে ৰাইজে ।

আনহাতে, সভাত অংশগ্ৰহণ কৰি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ মন্তব্য, "জনজাতীয় অঞ্চলৰ বনাঞ্চল ধ্বংস কৰিবলৈ দিয়া নহ'ব । পৰিকল্পনাবিহীন কাম কৰিবলৈ দিয়া নহ'ব । এই কাৰ্যই অঞ্চলটোৰ বিপদ মাতিব । হাজাৰ হাজাৰ গছ কটাৰ ফলত প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হ'ব । অঞ্চলটোৰ পানীৰ স্তৰ ৫০ ফুটৰ পৰা ২০০ ফুট তললৈ নামি যাব । অসম চৰকাৰে এই জনবসতিপূৰ্ণ অঞ্চলত এনে পৰিকল্পনা বাদ দিয়ক । অসমত এনে বহু পাহাৰ আছে য'ত ওচৰত জনবসতি নাই, পথাৰ নাই, জীৱ-জন্তু নাই । তাত কৰক এই কাৰ্য । যদি এই কাৰ্য বন্ধ নকৰে তেন্তে প্ৰয়োজনত আইন-আদালৰ কাষ চাপিম ।"

প্ৰতিবাদী সভাত স্থানীয় ৰাইজ, দল-সংগঠনৰ নেতৃত্বই সংকল্প গ্ৰহণ কৰে যে বামুণীগাঁৱৰ মিলমিয়া বনাঞ্চলৰ একচেলীয়া পাহাৰ ধ্বংস কৰিবলৈ দিয়া নহ'ব ।

লগতে পঢ়ক :অৰণ্য এৰি ওলাই আহিয়েই ধৰাশায়ী হ'ল বনৰজা
লগতে পঢ়ক :বাঁহ উদ্যোগক আগুৱাই নিয়াৰ হেতু MSU-NECBDC ৰ সহযোগিতা স্থাপন

ABOUT THE AUTHOR

...view details