অসম

assam

ETV Bharat / state

প্ৰতিকূল বতৰকো নেওচি ঈদৰ নামাজত শ শ লোকৰ অংশগ্রহণ - Eid Ul Zuha 2024 - EID UL ZUHA 2024

EID UL ZUHA 2024 celebration : ৰাজ্যজুৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে আনন্দ উৎসাহেৰে পালন কৰিছে ঈদ । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ইছলাম ধৰ্মীয় লোকসকলক ঈদ-উদ-জোহাৰ শুভেচ্ছা জ্ঞাপন কৰিছে ।

EID UL ZUHA 2024
প্ৰতিকুল বতৰকো নেওচি শ শ লোকে অংশগ্রহণ কৰে ঈদৰ নামাজত (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : Jun 17, 2024, 1:04 PM IST

নিউজ ডেস্ক, ১৭ জুন :আজিইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্র উৎসৱ ঈদ-উদ-আজহা । বতৰে বিধি পঠালি দিলেও ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মছজিদে মছজিদত শ শ লোকে ঈদৰ নামাজত অংশগ্রহণ কৰিছে ।

প্ৰতিকুল বতৰকো নেওচি শ শ লোকে অংশগ্রহণ কৰে ঈদৰ নামাজত (ETV BHARAT ASSAM)

লখিমপুৰ :

পুৱাৰ পৰা হৈ থকা বৰষুণৰ বাবে লখিমপুৰ জিলাত কেন্দ্রীয়ভাৱে ঈদগাহ ময়দানত সমূহীয়া নামাজ অনুষ্ঠিত কৰাৰ সলনি মছজিদে মছজিদে নামাজ পঢ়ে লোকসকলে ৷ লখিমপুৰ নগৰ এলেকাৰ টাউন বৰ মছজিদত ইমামতি কৰে ইমাম ছিয়াজুদ্দিন কাছিমীয়ে । মছজিদটোত সহস্রাধিক লোকে দুটা খেপত ঈদৰ নামাজ আদায় কৰে ।

তেনেদৰে দুই শতাধিক লোকে ঈদৰ নামাজ আদায় কৰে কেবি ৰোডৰ মছজিদত । মছজিদটোত ইমামতি কৰে আব্দুল মান্নানে । মৈদমীয়া মছজিদত প্ৰায় ৮ শতাধিক লোকে ঈদৰ নামাজ আদায় কৰে । চিডি ৰোডৰ মছজিদত ইমামতি কৰে আব্দুল গনিয়ে । এই মছজিদত ২ শতাধিক লোকে ঈদৰ নামাজ আদায় কৰে ।

নকাৰী মছজিদত ইমামতি কৰে আবিদুৰ ৰহমানে । শতাধিক লোকে এই মছজিদত ঈদৰ নামাজ আদায় কৰে । খুটাকটীয়া মছজিদত ইমামতি কৰে নচিৰ আলি কাছিমীয়ে । সাত শতাধিক লোকে এই মছজিদত ঈদৰ নামাজ আদায় কৰে ।

গুৱাহাটী :

মহানগৰীৰ বিভিন্ন স্থানত থকা মছজিদসমূহত বিশ্ববাসীৰ শান্তিৰ বাবে ইছলাম ধৰ্মাৱলম্বী লোকসকলে সমূহীয়া নামাজৰ আয়োজন কৰে । ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদগাহ ময়দানৰ পৰিৱৰ্তে আমবাৰী বুঢ়া মছজিদ, লাখটকীয়া মছজিদ, মাছখোৱা পক্কা মছজিদকে ধৰি মহানগৰীৰ বিভিন্ন মছজিদৰ ভিতৰত সমূহীয়া নামাজত অংশগ্ৰহণ কৰে । ইয়াৰ পাচতে কুৰবানী হয় । মহানগৰীৰ সাতগাঁও জামে মছজিদৰ প্ৰাংগনতো ঈদৰ সমূহীয়া নামাজ আদায় কৰা হয় ।

ইফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ইছলাম ধৰ্মীয় লোকসকলক ঈদ-উদ-জোহাৰ শুভেচ্ছা জ্ঞাপন কৰিছে । তেওঁ শান্তি-সম্প্ৰীতিৰ বতৰা কঢ়িয়াই অনা এই ধৰ্মীয় উৎসৱটিয়ে সকলোৰে জীৱন সুখ আৰু সমৃদ্ধিৰে ওপচাই তোলাৰ কামনা কৰি আজিৰ বিশেষ দিনটিত সমূহ ইছলাম ধৰ্মাৱলম্বী লোকক শুভেচ্ছা জ্ঞাপন কৰিছে ।

নলবাৰী :

আনহাতে, নলবাৰী জিলাৰ দিপ্তা সুৰাদী মাহখৰীয়া আঞ্চলিক ঈদগাহ ময়দানত সমাপন কৰা হয় ঈদৰ নামাজ । বৰষুণৰ মাজতো আঠ সহস্ৰাধিক লোকে সমাপন কৰিলে ঈদৰ নামাজ । সামূহীয়া নামাজত ইমামিত্ব কৰে অসম ৰাজ্যিক জমিয়ত উলামাৰ অতিৰক্ত সাধাৰণ সম্পাদক মৌলানা ফজলুল কৰিম কাছিমীয়ে ।

লগতে পঢ়ক:ঈদ উল আজহাত হিন্দু-মুছলমানে একেলগে পৰিৱেশন কৰিলে জিকিৰ - Eid al Adha 2024

ABOUT THE AUTHOR

...view details