ডিব্ৰুগড়, ১৫ মে':সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গক সাৱটি ধৰি চাবুৱা থানাৰ মহিলা গৃহৰক্ষী জোৱান নিলম্বন হোৱা ঘটনাই ৰাজ্যত ব্যাপক চৰ্চা লাভ কৰিছে । ঘটনা অনুসৰি যোৱা শনিবাৰে চাবুৱাৰ যুৱ ঐক্য মঞ্চৰ বসন্ত উৎসৱ ২০২৪ ত জুবিন গাৰ্গৰ সাংস্কৃতিক অনুষ্ঠানত দেখা গৈছিল এক ব্যতিক্ৰমী দৃশ্য । সাংস্কৃতিক অনুষ্ঠান চলি থকা অৱস্থাত এগৰাকী মহিলা গৃহৰক্ষী জোৱানে দায়িত্ব পালন কৰি থকাৰ মাজতে উঠি গৈছিল মঞ্চলৈ ।
মঞ্চত জুবিন গাৰ্গক সাৱটি ধৰাৰ লগতে ভৰি চুই সেৱা কৰিছিল । এই দৃশ্য সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমত প্ৰকাশ হৈছিল । এতিয়া আৰক্ষী বিভাগৰ ৰোষত পৰিছে জুবিন গাৰ্গক ভালপোৱা মহিলা গৃহৰক্ষী জোৱানগৰাকী । জুবিন গাৰ্গক মঞ্চত সাৱটি ধৰাৰ পিছতেই চাকৰিৰ পৰা নিলম্বন হ'ল চাবুৱা থানাৰ মহিলা গৃহৰক্ষী জোৱান মিলি প্ৰভা চুতীয়া ।
চাবুৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি নিজৰ দায়িত্ব পালন নকৰাৰ বাবে ১১ মে' তাৰিখে জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দেশত নিলম্বন কৰা হৈছে মহিলা জোৱানগৰাকীক । মহিলা জোৱানগৰাকীৰ অন্য ঠাইত দায়িত্ব আছিল যদিও নিজৰ নিৰ্দিষ্ট দায়িত্ব পালন নকৰি জুবিন গাৰ্গৰ সাংস্কৃতিক অনুষ্ঠান চলি থকা মঞ্চৰ কাষলৈ বাৰে বাৰে গৈছিল ।