জোনাই,২৬ এপ্ৰিল:অৰুণাচল প্ৰদেশৰ নামনি দিবাং উপত্যকা সংযোগী চাৰিলেনযুক্ত পথত বিচ্ছিন্ন হৈছে যোগাযোগ ব্যৱস্থা । বুধবাৰে বিয়লি হোৱা প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনৰ ফলতেই চীনৰ সীমান্তৱৰ্তী জিলা দিবাং উপত্যকাৰ সৈতে এই পথছোৱাৰ সংযোগ বিঘ্নিত হৈছে ।
যোৱা কেইদিনমানৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলতে জিলাখনত বুধবাৰে ৰাষ্ট্ৰীয় ঘাইপথ-৩১৩ ত হুনলী আৰু আনিনিৰ মাজত প্ৰচণ্ড ভূমিস্খলন হয় ৷ এই কথা সদৰী কৰিছিল বিভাগীয় কৰ্তৃপক্ষই ৷ প্ৰাথমিক তথ্য অনুসৰি, দিবাং উপত্যকা জিলাক ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ কৰা ঘাইপথটোৰ হুনলী আৰু আনিনিৰ মাজৰ অংশত ব্যাপক ক্ষতিসাধন হয় ।
দিবাং উপত্যকা প্ৰশাসনে জনোৱা মতে, এই ঘাইপথছোৱা পুনৰুদ্ধাৰৰ বাবে কমেও তিনিদিন সময়ৰ প্ৰয়োজন হ’ব ৷ লগতে প্ৰশাসনৰ তৰফৰ পৰা স্থানীয় লোকসকলক ভূমিস্খলন হোৱা অঞ্চল বা কাষৰীয়া জলশয়সমূহত মাছ মৰাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনায় । লগতে প্ৰশাসনৰ তৰফৰ পৰা বাৰিষাৰ সময়চোৱাত নিশা ভ্ৰমণ আৰু মাটি নাকাটিবলৈয়ো সকীয়াই দিয়ে ।