অসম

assam

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 9:47 PM IST

ETV Bharat / state

খ্ৰীষ্টিয়ান মিছনেৰী স্কুলত গীৰ্জা কিয় ? সত্যৰঞ্জন বৰাৰ প্ৰশ্ন

Kutumb Suraksha Parishad Assam: খ্ৰীষ্টিয়ান মিছনেৰীৰ দ্বাৰা পৰিচালিত বিদ্যালয়ৰ বিৰুদ্ধে সৰৱ কুটুম্ব সুৰক্ষা পৰিষদ,অসম । সংবাদমেল সম্বোধন কৰি কুটুম্ব সুৰক্ষা পৰিষদ অসমৰ সভাপতি সত্যৰঞ্জন বৰাই খ্ৰীষ্টিয়ান মিছনেৰী স্কুলৰ শিক্ষাৰ নামত ধৰ্মৰ আগ্ৰাসনৰ বিষয়ে সৰৱ হৈ পৰে ।

PC against Christian Missionary School
খ্ৰীষ্টিয়ান মিছনেৰী স্কুলৰ বিৰুদ্ধে সংবাদমেল

খ্ৰীষ্টিয়ান মিছনেৰী স্কুলৰ বিৰুদ্ধে সংবাদমেল

গুৱাহাটী,৫ মাৰ্চ: গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয় কুটুম্ব সুৰক্ষা পৰিষদ,অসমৰ এক সংবাদমেল । সংবাদমেল সম্বোধন কৰি কুটুম্ব সুৰক্ষা পৰিষদ অসমৰ সভাপতি সত্যৰঞ্জন বৰাই খ্ৰীষ্টিয়ান মিছনেৰী স্কুলৰ শিক্ষাৰ নামত ধৰ্মৰ আগ্ৰাসনৰ বিষয়ে সৰৱ হৈ পৰে । তেওঁ কয় যে যোৱা ৫ ফেব্ৰুৱাৰীত শোণিতপুৰ জিলাৰ বালিপাৰা অঞ্চলৰ খেলমাটিত থকা খ্ৰীষ্টিয়ান মিছনেৰীৰ দ্বাৰা পৰিচালিত কালভাৰী ইংলিছ স্কুলত "জয় শ্ৰীৰাম" বুলি কোৱাৰ কাৰণে এটি ১০ বছৰীয়া শিশুক শাৰীৰিক আৰু মানসিকভাবে নিৰ্যাতন চলোৱা হৈছিল । যি কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে কুটুম্ব সুৰক্ষা পৰিষদৰ লগতে অসমৰ কেইবাটাও সনাতন হিন্দু সংগঠনে ।

এই সংক্ৰান্তত ৭ ফেব্ৰুৱাৰীত দিছপুৰ প্ৰেছ ক্লাৱত সনাতন হিন্দু সংগঠনৰ এখনি সন্মিলিত সংবাদমেল আয়োজন কৰি কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি সত্যৰঞ্জন বৰাকে প্ৰমূখ্য কৰি বিভিন্নজনে খ্ৰীষ্টিয়ান মিছনেৰী শিক্ষানুষ্ঠানক ১৫ দিনৰ সময়‌সীমা বান্ধি দি শিক্ষানুষ্ঠানসমূহক ধৰ্মীয় অনুষ্ঠানলৈ ৰূপান্তৰ কৰা কাৰ্যত তেওঁলোকৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায় ।

লগতে, কালভাৰী ইংলিছ স্কুল, গুৱাহাটীত থকা খ্ৰীষ্টিয়ান মিছনেৰীসকলৰ আৰ্ক বিশ্বপ জন্ মোলাচেলাকে কেন্দ্ৰ কৰি অসমৰ মুখ্য সচিব, অসমৰ মুখ্যমন্ত্ৰী, অসমৰ ৰাজ্যপাল আৰু শোণিতপুৰ, ডিব্ৰুগড় আদি জিলাৰ জিলা উপায়ুক্তলৈকো বিষয়টোৰ ওপৰত তেওঁলোকৰ হস্তক্ষেপ বিচাৰি বাৰম্বাৰ পত্ৰ প্ৰেৰণ কৰা হয় । কিন্তু, দুৰ্ভাগ্যজনকভাৱে ইয়াৰে কোনো এজনেও বিষয়টোৰ ওপৰত কোনোধৰণৰ স্পষ্ট মত প্ৰকাশ কৰাতো দুৰৰে কথা কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰা পৰিলক্ষিত হয় ।

অসমৰ মুখ্যমন্ত্ৰীৰ লগতে সমগ্ৰ চৰকাৰী ব্যৱস্থাটোৱে খ্ৰীষ্টিয়ান মিছনেৰীসকলক ভাৰত বিৰোধী, ৰাষ্ট্ৰ বিৰোধী, ভাৰতীয় সংবিধান বিৰোধী কাম কৰিবলৈ উৎসাহ যোগোৱাৰ লগতে ভাৰতৰ সংবিধানৰ লগতে ভাৰতীয় গণতন্ত্ৰ, ভাৰতীয় সাৰ্বভৌমত্ব আৰু ভাৰতীয় অখণ্ডতাৰ প্ৰতি চৰম দায়িত্বহীনতাৰ পৰিচয় দিয়া বুলি উল্লেখ কৰে সংবাদমেলত । তেওঁ লগতে কয় যে অসম চৰকাৰৰ এনে অদূৰদৰ্শী কামকাজত পৰিষদ যথেষ্ট ক্ষুন্ন হৈছে আৰু সেয়েহে বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত উপস্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

১০ মাৰ্চৰ ভিতৰত গুৱাহাটী উচ্চ ন্যায়ালয়ত ন্যায়‌ বিচাৰি আবেদন কৰাৰ লগতে আৰু কাগজৰ মাধ্যমেৰে শান্ত আৰু সৌম্যতাৰে কৰা পৰিষদৰ প্ৰতিবাদলৈ খ্ৰীষ্টিয়ান মিছনেৰীৰ লগতে অসম চৰকাৰে কোনো ধৰণৰ সঁহাৰি প্ৰদান নকৰাৰ হেতু এইবাৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰা হ'ব । গতিকে যিকোনো পৰিস্থিতিৰ বাবে দায়ী হ'ব অসমৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ চৰকাৰৰ লগতে খ্ৰীষ্টিয়ান মিছনেৰীসকল জগৰীয়া হ'ব ।

কাৰণ, শান্তিৰ ভাষা বুজি নাপালে ধৰ্ম প্ৰতিষ্ঠাৰ হেতু অস্ত্ৰ ধাৰণৰ কথা সনাতন শাস্ত্ৰত খুব সুন্দৰকৈ দিহা কৰা আছে । কুটুম্ব সুৰক্ষা পৰিষদ, অসমে ভদ্ৰভাৱে গণতান্ত্ৰিক মৰ্যাদা বজাই ৰাখি প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল । সেয়া তেওঁ দুৰ্বলতা নহয় বুলি উল্লেখ কৰে বৰাই । ইতিমধ্যে তেওঁলোকক এক ফোনকলৰ দ্বাৰা হত্যাৰ ভাবুকি প্ৰদান কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে ।

এইক্ষেত্ৰত গীতানগৰ থানাত এক গোচৰ ৰুজু কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে । উল্লেখযোগ্য যে, অসমত প্ৰতিখন খ্ৰীষ্টিয়ান মিছনেৰী স্কুলত কিয় গীৰ্জা আছে বুলি তেওঁ প্ৰশ্ন কৰি লগতে কয় যে যদিহে অসমৰ অসমীয়া কোনোবা এখন স্কুলত নামঘৰ বা মন্দিৰ আছে তেতিয়া এই কথা তেওঁ উঠাই ল'ব । বিদ্যালয় শিক্ষাৰ বাবে ধৰ্মৰ বাবে নহয় বুলিও উল্লেখ কৰে সত্যৰঞ্জন বৰাই ।

লগতে পঢ়ক:কা বাতিলৰ দাবী: লখিমপুৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধৰ্ণা

ABOUT THE AUTHOR

...view details