গুৱাহাটী, ৬ মে': অহা আগষ্টৰ ভিতৰত ৰদবদল হ'ব অসম মন্ত্ৰীসভাৰ । বৃহস্পতিবাৰে দিছপুৰত এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে । তেওঁ কয় যে অহা ১৫ আগষ্টৰ ভিতৰত অসম মন্ত্ৰীসভাৰ সম্পূৰ্ণ ৰদবদল কৰা হ'ব । তিনিখন নতুন মুখ অন্তৰ্ভুক্ত হ’ব হিমন্ত বিশ্ব শৰ্মা কেবিনেটত ৷
নৱেম্বৰত পঞ্চায়ত নিৰ্বাচন পাতিব অসম চৰকাৰে (ETV Bharat Assam) উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিচতে অসমৰ মন্ত্ৰীসভাৰ ৰদবদল নিশ্চিত হৈ পৰিছে । কাৰণ শিলচৰৰ পৰা কেবিনেট মন্ত্ৰী পৰিমল শুক্লবৈদ্য বিজয়ী হোৱাৰ পিচত মন্ত্ৰীসভাত তেওঁৰ পদটো খালী হৈ পৰিব । ইফালে পূৰ্বৰে পৰাই খালী হৈ আছে আন দুটা পদ ৷
লগতে পঢ়ক:দিল্লী নহয়, ২০২৬ ত দিছপুৰ দখলৰ লক্ষ্য গৌৰৱ গগৈৰ - LOK SABHA ELECTION RESULTS 2024
এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ইতিমধ্যে দুটাকৈ মন্ত্ৰীৰ পদ খালী হৈ আছে । কেবিনেট মন্ত্ৰী পৰিমল শুক্লবৈদ্য বিজয়ী হোৱাৰ পিচত এতিয়া অসম মন্ত্ৰীসভাত তিনিটা মন্ত্ৰীৰ পদ খালী হৈ পৰিব । এই পদসমূহ পূৰণ কৰাৰ লগতে মন্ত্ৰীসভাৰ সম্পূৰ্ণ সালসলনি কৰা হ’ব । ২০২৬ চনৰ নিৰ্বাচনক কেন্দ্ৰ কৰি মন্ত্ৰীসভাৰ সম্পূৰ্ণ সালসলনি কৰি পুনৰ গঠন কৰা হ’ব ।’’
লগতে পঢ়ক:ধনৰ বলহে আছে ! আশে-পাশে সকলো তোষামোদকাৰী: কাক কিয় এইদৰে ক’লে ৰাজেন গোহাঁয়ে ? - LS POLL RESULTS 2024
উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে ইংগিত দিয়া মতে বৰাকৰ পৰা আৰু বি টি আৰ এলেকাৰ পৰা নিৰ্বাচিত হৈ অহা বিধায়কে মন্ত্ৰীসভাত স্থান পাব পাৰে । অহোম জনগোষ্ঠীৰ বিধায়ককো মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে । কিন্তু এই কথা মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ জনোৱা নাই ।
লোকসভা নিৰ্বাচনৰ পিচত ৰাজ্যৰ পাঁচটাকৈ সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব । এই কেইটা সমষ্টি হৈছে- বিহালী, চামগুৰি, ধলাই, বঙাইগাঁও আৰু ছিদলী ৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে আগৰ বিধানসভা সমষ্টিবোৰত কোনো সাল-সলনি নকৰাকৈ উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব । সমষ্টি পুনৰনিৰ্ধাৰণৰ মতে নতুনকৈ সীমা নিৰ্ধাৰিত কৰা বিধানসভাত উপ-নিৰ্বাচন অনুষ্ঠিত নহয় । এয়া আইনত লিখা আছে ।
লগতে পঢ়ক:অসমত সাম্প্ৰদায়িক ৰাজনীতিৰ ভেটি বিজেপিয়ে নহয় কংগ্ৰেছে উচন কৰিলে: গৌৰৱ গগৈ - LOK SABHA ELECTION RESULTS 2024
ইফালে মুখ্যমন্ত্ৰীয়ে কয় যে অসমত অহা নৱেম্বৰত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন । বৃহস্পতিবাৰে দিছপুৰত অনুষ্ঠিত ৰাজ্যিক কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকসকলক সম্বোধন কৰি কয় যে পঞ্চায়ত নিৰ্বাচনৰ বাবে অসমৰ পঞ্চায়তসমূহৰ সীমা নিৰ্ধাৰণ কৰা হ'ব । কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত পঞ্চায়তসমূহৰ ভৌগলিক গাঁথনি সলনি হৈছে ।
তেওঁ কয়, ‘‘এটা পঞ্চায়ত যাতে দুটা বিধানসভা সমষ্টিৰ মাজত নাথাকে তাক নিশ্চিত কৰি পঞ্চায়তসমূহৰ সীমা নিৰ্ধাৰণ কৰা হ’ব । অহা আগষ্টত পঞ্চায়তসমূহৰ সীমা নিৰ্ধাৰণ কৰা হ'ব । তাৰ পিচত ছেপ্টেম্বৰত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব । অক্টোবৰ বা নৱেম্বৰত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব । এই সকলোবোৰ নিৰ্বাচন আয়োগৰ তৎপৰতাৰ ওপৰত নিৰ্ভৰ কৰিব ।’’
লগতে পঢ়ক:বিটিচিত খোপনি পুতিলে বিজেপিয়ে : চূড়ান্ত ব্যৰ্থৰ তালিকাত বিপিএফ-গণ সুৰক্ষা পাৰ্টি - Lok Sabha Election Results 2024