অসম

assam

ETV Bharat / state

ৰকিবুল হুছেইনে দহ লাখ ভোটত জয়লাভ কৰোতে বিজেপিয়ে ৰিগিং হোৱা বুলি কোৱা নাছিল; পবিত্ৰ মাৰ্ঘেৰিটা - PABITRA MARGHERITA SLAMS CONGRESS

উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ল যদিও ৰিগিং প্ৰসংগৰ অন্ত পৰা নাই । এইবাৰ ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈক সমালোচনা ।

Union Minister Pabitra Margherita
ৰিগিং প্ৰসংগত পবিত্ৰ মাৰ্ঘেৰিটা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 24, 2024, 4:41 PM IST

মৰাণ:শাসক বিৰোধী সকলো ৰাজনৈতিক দলে উপ-নিৰ্বাচনত সমষ্টি দখলৰ বাবে চেষ্টা চলাইছিল যদিও বিজেপি মিত্ৰজোঁটে ৰাজ্যৰ পাঁচ সমষ্টিত জয়লাভ কৰিবলৈ সক্ষম হ'ল । বহু বছৰ ধৰি কংগ্ৰেছৰ দখলত থকা চামগুৰিত এইবাৰ বিজেপিয়ে জযলাভ কৰিবলৈ সক্ষম হোৱাৰ পাছতে চামগুৰিৰ প্ৰাক্তন বিধায়ক তথা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে উত্থাপন কৰে গুৰুতৰ অভিযোগ ।

শাসক দল বিজেপিয়ে আৰক্ষী প্ৰশাসন যন্ত্ৰ ব্যৱহাৰ কৰি চামগুৰিত ৰিগিং কৰি বিজেপি প্ৰাৰ্থীগৰাকীয়ে জয়লাভ কৰা বুলি দাবী কৰিছে । ইয়াৰ পাছতে মৰাণত ৰকিবুল হুছেইনক প্ৰত্যুত্তৰ দিলে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই । ৰিগিং জাতীয় শব্দ বিলাক কংগ্ৰেছ আৰু ৰকিবুল হুছেইনৰ দৰে নেতাৰ শব্দ বুলি ক'লে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

ৰিগিং প্ৰসংগত পবিত্ৰ মাৰ্ঘেৰিটা (ETV Bharat Assam)

কংগ্ৰেছে যেতিয়াই হাৰে তেতিয়াই ইভিএমৰ কথা কয়

চামগুৰিত ৰিগিং হোৱা বুলি সাংসদ ৰকিবুল হুছেইনে অভিযোগ কৰা পাছতে পবিত্ৰ মাৰ্ঘেৰিটাই কয়, "ৰিগিং জাতীয় শব্দ বিলাক কংগ্ৰেছ আৰু ৰকিবুল হুছেইনৰ দৰে নেতাৰ শব্দ । বিজেপিৰ ৰিগিঙক লৈ দূৰ দিগন্তলৈকে সম্পৰ্ক নাই সকলোৱে জানে । কংগ্ৰেছে যেতিয়াই হাৰে তেতিয়াই ৰিগিং আৰু ইভিএমৰ কথা কয় । ধুবুৰীত ৰকিবুল হুছেইনে দহ লাখ ভোটত জয়লাভ লাভ কৰিছিল তেতিয়া আমি কোৱা নাছিলো ৰিগিং হৈছে বুলি । কিন্তু এতিয়া হৰাৰ পাছত এইবিলাক কথা কৈছে ।"

কাজিৰঙাৰ গড়ে স্বস্তিৰ নিশ্বাস পেলাইছে কিয় ?

তেওঁ পুনৰ কয়, "চামগুৰিত ৰকিবুল হুছেইনৰ যি সন্ত্ৰাস এই সন্ত্ৰাস শেষ হোৱা বাবে কেৱল চামগুৰিবাসীয়েই নহয়, কাজিৰঙাৰ গঁড় কেইটায়ো স্বস্তিৰ নিশ্বাস পেলাইছে । কংগ্ৰেছৰ যি চক্ৰান্ত নসাৎ কৰি দিলে ৰাইজে । গৌৰৱ গগৈৰ দৰে এগৰাকী নেতাই বিহালীত চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীগৰাকীক চালানী বুলি কৈছিল । তাৰ বাবে তেওঁ ক্ষমা খুজিব লাগে । জাত-পাত, সম্প্ৰদায়ৰ নামত ৰাজনীতি কৰি তেওঁলোক বিফল হ'ল ।"

লগতে পঢ়ক:কংগ্ৰেছৰ দিনত ইয়াত মানুহবোৰ গুলীয়াই মাৰিছিল: পবিত্ৰ মাৰ্ঘেৰিটা

গৌৰৱ গগৈয়ে নহয়, শ্বহীদৰ নাম ল'বলৈ লাজ পাব লাগে বিজেপি দল আৰু চৰকাৰেহে : প্ৰদেশ কংগ্ৰেছ - Congress on Pabitra Margherita

ABOUT THE AUTHOR

...view details